চিৰাঙত সেনা-আৰক্ষীৰ অভিযান মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এনডিএফবিৰ দুধৰ্ষ মহিলা কেডাৰ
Sunday, April 21, 2019
Comment
চিৰাঙত সেনা-আৰক্ষীৰ অভিযান
মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এনডিএফবিৰ দুধৰ্ষ মহিলা কেডাৰ
বঙাইগাঁওঃ ২০ এপ্ৰিলঃ
বিটিএডিৰ চিৰাং জিলাত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰণাস্ত্ৰসহ এগৰাকী দুৰ্ধৰ্ষ মহিলা এনডিএফবি কেডাৰ সেনা - আৰক্ষীৰ জালত পৰিছে । সেনাৰ সূত্ৰই সংবাদ মাধ্যমক সদৰী কৰা মতে , এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত বামুনগাঁৱত শুকু নিশা সেনা-আৰক্ষীৰ যৌথ অভিযানত সাগৰিকা বসুমতাৰী ওৰফে বি সুজুমা নামৰ সংবিজিত পন্থী এনডিএফবিৰ মহিলা কেডাৰজনক আটক কৰে । সেনা - আৰক্ষীৰ উপস্থিতিৰ উমান পাই মহিলা উগ্ৰপন্থীগৰাকীয়ে দৌৰি পলাবলৈ চেষ্টা কৰে যদিও অভিযানকাৰী দলটোত থকা মহিলা আৰক্ষীয়ে তৎপৰতাৰে সাগৰিকাক কৰায়ত্ব কৰে । আটকাধীন মহিলা এনডিএফবি কেডাৰগৰাকীৰ পৰা অভিযানকাৰী দলটোৱে ১ টা বিদেশত নিৰ্মিত পিষ্টল , ১ টা মেগজিন আৰু ৩ জাঁই সজীৱ গুলী জব্দ কৰিছে ।
এনডিএফবিৰ ম্যানমাৰ শিৱিৰত ৪২ নং বেটচত প্ৰশিক্ষণ প্ৰাপ্ত দুৰ্ধৰ্ষ উগ্ৰপন্থী সাগৰিকা বসুমতাৰীয়ে সংগঠনটোত লেন্স কৰ্পোৰেল পৰ্যায়ৰ কেডাৰ আছিল । এই গৰাকী দুৰ্ধৰ্ষ কেডাৰ যোৱা ২০১৫ চনৰ পৰাই সেনা - আৰক্ষীৰ মষ্ট ৱান্টেড আছিল । নিৰ্ব্বাচনী ব্যস্ততাৰ মাজতে চিৰাং জিলাত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে মহিলা কেডাৰ গৰাকী জিলাখনলৈ প্ৰৱেশ কৰিছিল বুলি সেনাৰ সূত্ৰটোৱে সদৰী কৰে । উল্লেখ্য যে ৰাজ্যখনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্ব্বাচনৰ ভোটগ্ৰহণৰ মাত্ৰ তিনিদিন বাকী থকা অৱস্থাত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এনডিএফবিৰ দুৰ্ধৰ্ষ মহিলা কেডাৰ গ্ৰেপ্তাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।


0 Response to "চিৰাঙত সেনা-আৰক্ষীৰ অভিযান মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এনডিএফবিৰ দুধৰ্ষ মহিলা কেডাৰ"
Post a Comment