-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
চিৰাঙত হৰিশ ৰাৱাটৰ সংবাদ মেল //   বি টি চিত দমন নীতি চলিছেঃ  কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ'ব কেব //নৱ শৰণীয়া নাগপুৰৰ নতুন সদস্য-- শব্দ ৰাভা

চিৰাঙত হৰিশ ৰাৱাটৰ সংবাদ মেল // বি টি চিত দমন নীতি চলিছেঃ কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ'ব কেব //নৱ শৰণীয়া নাগপুৰৰ নতুন সদস্য-- শব্দ ৰাভা




চিৰাঙত হৰিশ ৰাৱাটৰ সংবাদ মেল 

 বি টি চিত দমন নীতি চলিছেঃ  কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ'ব কেব 

 ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ 

 বিজেপিয়ে অসমৰ ঐতিহ্য আৰু পৰম্পৰালৈ ভাবুকি নমাই আনিছে

নৱ শৰণীয়া নাগপুৰৰ নতুন সদস্য-- শব্দ ৰাভা



                            বঙাইগাঁওঃ ২০ এপ্ৰিলঃ 
ৰাজ্যখনত তৃতীয় পৰ্যায়ত অৰ্থাৎ অহা ২৩ এপ্ৰিলত অনুষ্ঠিত  হ'বলগীয়া নামনি অসমৰ চাৰিটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাবলৈ অহা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটে আজি চিৰাং জিলাত এক সংবাদ মেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । জিলাখনৰ চাপাগুৰীস্থিত হোটেল চিগনেট পাৰ্কত অনুষ্ঠিত এই সংবাদমেলত ৰাৱাটে কয় যে , বিটিচিৰ ভালেমান নাগৰিকে তেওঁক লগ ধৰি বি টি চিত হাগ্ৰামা মহিলাৰীয়ে দমন নীতি চলোৱা বুলি অভিযোগ কৰিছে । আনকি বিটিচিৰ উন্নয়নৰ নামত মহিলাৰীয়ে দুৰ্নীতি তথা স্বজন তোষণৰ আশ্ৰয় লোৱা বুলি উল্লেখ কৰি ক্ষমতালৈ আহিলে বিটিচিত হোৱা দুৰ্নীতিৰ উচিত তদন্ত কৰা হ'ব বুলি কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে মন্তব্য কৰে । আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰীকৰণৰ  জৰিয়তে বিজেপিয়ে অসমৰ ঐতিহ্য আৰু পৰম্পৰালৈ ভাবুকি নমাই আনিবলৈ প্ৰয়াস কৰা বুলি মন্তব্য কৰি কংগ্ৰেছে ক্ষমতালৈ অহাৰ পিছতে বিলখন বাতিল কৰিব  বুলি দৃঢ়তাৰে কয় ৰাৱাটে । অসমৰ অৰ্থনীতিৰ উন্নয়নৰ  বাবে নতুন নতুন উদ্যোগ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি কৈ ৰাৱাটে অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে উচ্চ শিক্ষাৰ প্ৰধান শিক্ষানুষ্ঠানসমুহ অসমত স্থাপন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে । কংগ্ৰেছ চৰকাৰ শাসনলৈ অহাতো নিশ্চিত আৰু শাসনলৈ অহাৰ পিছতে উত্তৰ পূৱৰ উন্নয়নৰ বাবে বিশেষ পেকেজৰ ব্যৱস্থা কৰিব বুলিও সংবাদ মেলত কেন্দ্ৰীয় নেতাগৰাকীয়ে কয় । তেঁও লগতে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আগন্তুক ছমাহৰ ভিতৰতে কৰা হ'ব বুলিও উল্লেখ কৰে । সেইদৰে বৰ্তমানৰ সাংসদ নৱ শৰণীয়া , বিপিএফ আৰু ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই বুজাবুজিৰ মাজেৰে মিলিজুলি কাম কৰি থকা বুলি ৰাৱাটে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । লগতে বিটিচি তথা অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰতে তেওঁ ৫ নং কোকৰাঝাৰ (জনজাতি) লোকসভা সমষ্টিৰ  কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভাক বিপুল ভোটত জয়ী কৰাবলৈ সংবাদ মাধ্যমযোগে ভোটাৰ ৰাইজলৈ আহ্বান জনায় । 
আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী শব্দৰাম ৰাভাই বিজেপিৰ সৈতে বুজাবুজি কৰা বুলি অনা অভিযোগ প্ৰাৰ্থীগৰাকীয়ে সংবাদ মেলত পোনছাটেই নাকচ কৰে । ৰাভাই কয় যে, বিটিএডিত নৱ শৰণীয়াৰ বৰ্তমানে একো অস্তিত্ব নাই । পৰাজয় নিশ্চিত বুলি জানি শৰণীয়াই বিপিএফৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰাবলৈহে হাগ্ৰামা মহিলাৰীৰ সৈতে বুজাবুজি কৰিছে । নৱ শৰণীয়া নাগপুৰৰ নতুন সদস্য বুলিও ৰাভাই কটাক্ষ কৰে । আনহাতে এবিএমছুৰ প্ৰয়াত  সভাপতি লাফিকুল ইছলামৰ পৰিয়ালৰ লোকক চাকৰি দিম বুলি কৰা প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীয়ে ৰক্ষা নকৰিলে বুলি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে হাগ্ৰামাক সমালোচনা কৰে । আনকি লাফিকুলৰ হত্যাকাৰীক বৰ্তমানেও কৰায়ত্ব কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি শব্দৰাম ৰাভাই বিজয়ী হ'লে এই ক্ষেত্ৰত তৎকালেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ো উপস্থিত থাকে।

0 Response to "চিৰাঙত হৰিশ ৰাৱাটৰ সংবাদ মেল // বি টি চিত দমন নীতি চলিছেঃ কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ'ব কেব //নৱ শৰণীয়া নাগপুৰৰ নতুন সদস্য-- শব্দ ৰাভা"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article