বঙাইগাঁৱত নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষকৰ বৈঠক
Monday, April 1, 2019
Comment
বঙাইগাঁৱত নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষকৰ বৈঠক
বঙাইগাঁওঃ২৯ মাৰ্চঃ
অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৬ নম্বৰ বৰপেটা লোক সভা সমষ্টিত নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষণ কৰাৰ দায়িত্বত থকা সমষ্টিটোৰ নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষক তেজ কুমাৰ শুকুৰবাৰে বঙাইগাঁও আৱৰ্ত্ত ভৱনত উপস্থিত হয় ৷ ইয়াৰ পিচতে আৱৰ্ত্ত ভৱনৰ সভা কক্ষত বিয়লি নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষকগৰাকীয়ে বঙাইগাঁও জিলাৰ ৩২ নম্বৰ বঙাইগাঁও, ৩৪ নম্বৰ উত্তৰ অভয়াপুৰী আৰু ৩৫ নম্বৰ দক্ষিণ অভয়াপুৰী (অনুসূচীত জাতি) বিধান সভা সমষ্টিত হ'বলগীয়া আগন্তুক নিৰ্বাচনৰ বাবে মুকলি কৰা প্ৰতিটো কোষৰ মূৰব্বী বিষয়াৰ উপৰিও বৰপেটা, বঙাইগাঁও আৰু উত্তৰ শালমাৰাৰ নিৰ্বাচনী বিষয়া আৰু জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকলৰ স'তে এখন বৈঠকত মিলিত হয় ৷
এই বৈঠকত পৰ্যৱেক্ষকগৰাকীয়ে ভয় আৰু শংকামুক্তভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ ইয়াৰ উপৰিও নিৰ্বাচনত কৰ্মৰত সকলো বিষয়া- কৰ্মচাৰীকে পৰস্পৰৰ লগত সু- যোগাযোগ অক্ষুণ্ণ ৰাখি নিৰ্বাচনী কাম- কাজসমূহ পৰ্যালোচনা কৰিবলৈও আহ্বান জনায় ৷ এই বৈঠকত বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেচমিনৰ লগতে বিভিন্ন কোষৰ বিষয়াসকল উপস্থিত থাকে ৷


0 Response to "বঙাইগাঁৱত নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষকৰ বৈঠক"
Post a Comment