বঙাইগাঁও জিলাৰ বইটামাৰীত পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সভা// নিয়ম ভংগ কৰাটোৱে যদি নিয়ম হৈ পৰে দুৰ্ঘটনা হ'বই-- আৰক্ষী অধীক্ষক
Tuesday, April 2, 2019
Comment
বঙাইগাঁও জিলাৰ বইটামাৰীত পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সভা
নিয়ম ভংগ কৰাটোৱে যদি নিয়ম হৈ পৰে দুৰ্ঘটনা হ'বই-- আৰক্ষী অধীক্ষক
বঙাইগাঁওঃ ২৯ মাৰ্চঃ
পথ দুৰ্ঘটনাই ব্যক্তি বিশেষৰ লগতে পৰিয়াল তথা সমাজখনৰ বিস্তৰ ক্ষতি কৰিছে ৷ সেয়ে আমি নিজে নিজৰ জীৱনৰ প্ৰতি সজাগ হ'ব লাগিব ৷ অন্যথা কেৱল প্ৰশাসনে অকলে দুৰ্ঘটনা প্ৰতিৰোধ কৰাটো সম্ভৱপৰ নহয় ৷ এই মন্তব্য বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ ৷ আজি বঙাইগাঁও জিলাৰ বইটামাৰীস্থিত জে এন এম ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত ' পথ দুৰ্ঘটনা, ইয়াৰ কাৰণ আৰু প্ৰতিৰোধ ' সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে অসমত দৈনিক পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু এই পথ দুৰ্ঘটনাত পাঁচৰ পৰা দহজনকৈ লোকে নিতৌ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে ৷ কিন্তু তৎস্বত্বেও বাহন চলোৱাসকলে বাহন চলাওতে পথ সুৰক্ষাৰ নীতি- নিয়মসমূহ মানি নচলে ৷ যাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ এই ক্ষেত্ৰত আমাৰ নিজৰ গাতে ভুল আছে ৷ কাৰণ নিয়ম ভঙাটোৱে যদি নিয়ম হৈ পৰে তেতিয়া দুৰ্ঘটনা হ'বই বুলিও কয় ৷ যাৰ বাবে ৰাইজ সজাগ হ'ব লাগিব ৷
আনহাতে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰধান কাৰণ সন্দৰ্ভত আৰক্ষী অধীক্ষক সোণোৱালে অনভিজ্ঞ গাড়ী চালক, মদ্যপান কৰি গাড়ী চলোৱা, কমবয়সীয়া ল'ৰা - ছোৱালীয়ে বাহন চলোৱা , তীব্ৰ গতিত বাহন চলোৱা, বাহন চলাওতে যান - বাহন আইন তথা পথ সুৰক্ষাৰ নীতি নিয়মসমূহ মানি নচলা ,জৰা - জীৰ্ণ বাট- পথ আদি বিষয়সমূহ জড়িত হৈ থাকে বুলি কয় ৷ তেওঁ কয় যে মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলালে লোকজন মানসিকভাৱে সুস্থ হৈ নাথাকে ৷ তাৰোপৰি বাহন এখনৰ চালকৰ ওপৰত বাহনখনৰ যাত্ৰীসকলৰ লগতে নিজৰ সুৰক্ষাৰ দিশটো জড়িত হৈ থাকে বাবে বাহন চলাওতে চালকসকলে সাৱধান হ'ব লাগে ৷ সেইদৰে উঠি অহা যুৱ প্ৰজন্ম সজাগ হ'লে তথা যান -বাহন চলাওতে সকলোৱে নীতি- নিয়মসমূহ মানি চলিলে পথ দুৰ্ঘটনা প্ৰতিৰোধ হ'ব বুলি কয় ৷ উল্লেখ্য যে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তেজেশ ত্ৰিপাঠীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ আৰম্ভনীতে জ্যেষ্ঠ সাংবাদিক ৰঞ্জিৎ কুমাৰ শৰ্মাই কয় যে পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা লৈছে যদিও ৰাইজৰ সহযোগ নাপালে দুৰ্ঘটনা প্ৰতিৰোধ কৰাটো সম্ভৱ নহয় ৷ সেয়ে ৰাইজৰ সহযোগ লাগিবই বুলি কয় ৷ লগতে বাহন চলাওতে হেলমেট পৰিধান নকৰা, চিট বেল্ট নিপিন্ধা, বাইকত তিনিজনকৈ উঠি তীব্ৰ গতিত চলোৱা আদি কাৰণৰ বাবে দুৰ্ঘটনাত পতিত হ'লে সেইসকলে মৃত্যুক সাৱটি ল'বলগীয়া হয় বুলি কৈ পথ সুৰক্ষাৰ নীতি- নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় ৷ কাৰণ পৰিয়ালৰ এজন সদস্যক অকালতে হেৰুৱাবলগীয়া হ'লে পৰিয়ালটোৰ কিমান ক্ষতি হয় সেয়া সকলোৱে অনুধাৱন কৰা উচিত বুলিও কয় ৷
ইপিনে সভাত উপস্থিত থকা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহালে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে নিজৰ সুৰক্ষা তথা সাৱধানতা নিজেই ল'ব লাগিব বুলি মত প্ৰকাশ কৰে। মহকুমাধিপতি দাহালে কয় যে আমি যিমানেই সজাগতা সভা অনুষ্ঠিত নকৰো কিয় মটৰ চাইলেক বা গাড়ী চলাওতে আমি যদি হেলমেট নিপিন্ধো বা চিট বেল্ট নিপিন্ধো আৰু তীব্র গতিত গাড়ী চলাও তেন্তে কেনেকৈ দুৰ্ঘটনা প্ৰতিৰোধ হ'ব। তেওঁ নিজৰ গৃহ ৰাজ্য ছিকিমৰ প্ৰসংগ উত্থাপন কৰি কয় যে ছিকিমত মটৰ চাইকেল চলোৱা আৰু পিছফালে বহা যাত্ৰী উভয়েই হেলমেট পৰিধান কৰিব লাগে। প্ৰশাসন আৰু ৰাইজ সজাগ ৷ অসমতো উক্ত নিয়ম প্ৰয়োগ হ'লে তথা ৰাইজ সজাগ হ'লে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ কমাৰ সম্ভাবনা আছে বুলি তেওঁ কয়। পথ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ অপৰিসীম ভূমিকা আছে বুলি উল্লেখ কৰি দাহালে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে পথদুৰ্ঘটনা সংঘটিত এলেকাত' পথ দুৰ্ঘটনা প্ৰৱণ অঞ্চল', 'সন্মুখত গতিৰোধক আছে' আৰু ঠায়ে ঠায়ে বাহনৰ চালকসকলক সজাগ কৰাৰ বাবে ' আপোনাৰ পৰিয়ালে, 'আপোনাৰ অপেক্ষাত আছে', গাড়ী লাহে লাহে চলাওক আদি ফলক আঁৰি দিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় ৷ মহকুমাধিপতিগৰাকীয়ে অৱশ্যে পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰো দায়িত্ব আছে বুলি মন্তব্য কৰি কয় যে সংশ্লিষ্ট বিভাগে বাট- পথ বেয়া হ'লে সেয়া সময়ত ভাল কৰিব লাগিব ৷ পথৰ ক'ত কি বিসংগতি আছে, গতিৰোধক নিৰ্মাণত ক'ত বিসংগতি আছে সেইবোৰ দিশ চাব লাগিব আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ পথ দুৰ্ঘটনা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্বি কৰিব লাগিব আৰু যান- বাহন আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব লাগিব ৷ তেতিয়া পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা যাব বুলি কয় ৷
সেইদৰে বঙাইগাঁও জিলা পৰিবহন বিষয়া ভাস্কৰজ্যোতি দত্তই কয় যে দু্ৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজ সজাগ হ'ব লাগিব ৷ মটৰ চাইকেল চলাওতে হেলমেট পিন্ধিব লাগিব, গাড়ী চলাওতে চিট বেল্ট পিন্ধা ,শুদ্ধ দিশেৰে নিৰ্দিষ্ট গতিবেগত গাড়ী চলোৱা, অভিভাৱকে কম বয়সৰ সন্তানক মটৰ চাইকেল কিনি দিয়া কাৰ্য বন্ধ কৰাৰ বিষয়ত গুৰুত্বাৰোপ কৰিব লাগিব। তেওঁ লগতে কয় যে যান-বাহন আইন নামানিলে জৰিমনাৰ উপৰিও গাড়ীচালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰো ব্যৱস্থা আছে। কিবা অভিযোগ থাকিলে ৰাইজে জিলা পৰিবহন বিষয়াক লিখিতভাবেও কাৰ্যালয়ত জনাব পাৰিব বুলিও জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই কয়। আনহাতে বইটামাৰীৰ সমীপৰ তালগুৰিৰ দলঙৰ কাৰিকৰী বিসংগতি থকাৰ বাবে উক্ত স্থানত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰি বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীক জনোৱাৰ কথা প্রকাশ কৰে। তেওঁ পথ সজাগতাক এক সামাজিক আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব বুলিও কয় ৷ ইপিনে সভাত উপস্থিত থকা বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কমল কিশোৰ অধিকাৰীয়ে কয় যে আমি নিজে সজাগ হ'লে দুৰ্ঘটনা প্ৰতিৰোধ হ'ব ৷ তাৰোপৰি পথ সুৰক্ষাৰ বিষয়ে নিজৰ সন্তানক ঘৰখনৰ লোকে আৰু শিক্ষানুষ্ঠানত ছাত্ৰ - ছাত্ৰীসকলক শিক্ষকসকলে সজাগ কৰিব লাগিব ৷ অভিভাৱকসকলে কম বয়সতে সন্তানক বাহন কিনি দি আভিজাত্য প্ৰদৰ্শনৰ মানসিকতা ত্যাগ কৰিব লাগিব, পূজা - পাৰ্বনত মাদক দ্ৰব্যৰ পয়োভৰ বন্ধ কৰিব লাগিব ৷ তেতিয়া দুৰ্ঘটনা ৰোধ হ'ব ৷ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি দুৰ্গা চৰণ দাসে কয় যে যুৱ চামে অনিয়ন্ত্ৰিত গতিত বাহন চলোৱা, বহুতো বাহনে নিশাৰ ভাগত লাইট আপাৰ - ডিপাৰ নমৰা, অভাৰটেক কৰাৰ সময়ত ছিগনেল নিদিয়াৰ লগতে হৰ্ণ নবজোৱাৰ কাৰণে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি কৈ এই ক্ষেত্ৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷
সেইদৰে সমাজকৰ্মী জয়ন্ত দাসে কয় যে পথ দুৰ্ঘটনা এটা সামাজিক ব্যাধি হিচাপে পৰিগণিত হৈছে ৷ যুৱ উশৃংখলতা, খাদ্যভাস, কৰ্মহীনতা আদি দিশো দুৰ্ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অন্যতম কাৰণ বুলি কয় ৷ লগতে বইটামাৰী তিনি আলিত গতিৰোধক লাগে বুলি কয় ৷ সাংবাদিক ৰুবুল কান্তি দাসে কয় যে নিত্য বজাৰৰ পৰা খগৰপুৰলৈ এই ৰাষ্ট্ৰীয় ঘাইপথচোৱাত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে ৷ পথচোৱাত কিবা বিসংগতি আছে নেকি সেয়া চাই দূৰ কৰিব লাগে বুলি কয় ৷ তাৰোপৰি মাজচাকাৰ কেঁকুৰী, খগৰপুৰ পাহাৰৰ থিয়নিত দুৰ্ঘটনা হয় ৷ চাইড বাম ভালদৰে দিব লাগে আৰু পথচোৱা বহল কৰিব লাগে বুলি কৈ মলিগাঁও তিনি আলিত ট্ৰেফিকৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ ধনঞ্জয় গোস্বামীয়ে কয় বইটামাৰী অঞ্চলৰ পৰা বিভিন্ন স্থানলৈ চলাচল কৰা অটো - টেম্প' আৰু মেজিক গাড়ীৰ অধিকাংশৰে চালকৰ অনুজ্ঞাপত্ৰ নাই আৰু বাহনৰ নথি - পত্ৰও নাই ৷ প্ৰশাসনে ব্যৱস্থা ল'ব লাগে ৷ তাৰোপৰি জৰা জীৰ্ণ পথ, চাইড বাম পথৰ তলত হোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি কয় ৷ লগতে হেলমেট পৰিধান নকৰা তথা যান- বাহন আইন মানি নচলাসকলৰ বিৰুদ্ধে প্ৰশাসন নৰম নহৈ কঠোৰ হ'ব লাগে বুলি কয় ৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি নন্দন দেৱনাথে কয় যে জনসাধাৰণ যদি সজাগ নহয় তেতিয়াহ'লে প্ৰশাসনে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব নোৱাৰে ৷ সেয়ে আমি আমাৰ মানসিকতা সলনি কপিব লাগিব ৷ অভিভাৱকসকল সজাগ হ'ব লাগিব ৷ সংগঠনটোৰ সভাপতিগৰাকীয়ে মহাবিদ্যালয়লৈ যিসকল শিক্ষাৰ্থীয়ে বাহন লৈ আহে তেওঁলোকৰ বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ নাথাকিলে প্ৰৱেশ কৰিব নিদিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি কয় ৷ লগতে বাহনত অতি উজ্বল লাইট লগোৱা বন্ধ কৰা, পথৰ কাষত থকা ধাবাত সুৰাৰ প্ৰচলন বন্ধ কৰা আৰু য'তে ত'তে আকস্মিকভাৱে তালাচীৰ ব্যৱস্থা কৰাৰ বাবে প্ৰশাসনক আহ্বান জনায় ৷ সভাত আব্দুল জব্বৰ, কৃষ্ণ মোহন তালুকদাৰ আদিকে ধৰি কেবাগৰাকীও স্থানীয় ব্যক্তি তথা সমাজকৰ্মীয়ে বক্তব্য ৰখাৰ লগতে নানা পৰামৰ্শ আগবঢ়ায় ৷ সভাত জিলাৰ উপ আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকা, গড়কাপ্তানী ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ অভিযন্তা মহেন্দ্ৰ দাস, গড়কাপ্তানী গ্ৰাম্য পথ বিভাগৰ কাৰ্যবাহী অভিযন্তা শশী মোহন নাথ, ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ বিষয়ববীয়া, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে স্থানীয় ৰাইজ, দল- সংগঠনৰ প্ৰতিনিধি, শিক্ষাৰ্থী তথা শিক্ষক- শিক্ষয়িত্ৰী উপস্থিত থাকে ৷






0 Response to "বঙাইগাঁও জিলাৰ বইটামাৰীত পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সভা// নিয়ম ভংগ কৰাটোৱে যদি নিয়ম হৈ পৰে দুৰ্ঘটনা হ'বই-- আৰক্ষী অধীক্ষক "
Post a Comment