বঙাইগাঁৱত ভোটাৰৰ মাজত সজাগতা বৃদ্বিৰ উদ্দেশ্যে চাইকেল- মটৰ চাইকেল ৰেলী- সভা
Monday, April 1, 2019
Comment
বঙাইগাঁৱত ভোটাৰৰ মাজত সজাগতা বৃদ্বিৰ উদ্দেশ্যে চাইকেল- মটৰ চাইকেল ৰেলী- সভা
বঙাইগাঁও ২৭ মাৰ্চঃ
৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত সমাগত লোক সভা নিৰ্বাচন সুকলমে পৰিচালনা কৰাৰ লক্ষ্যৰে আৰু ভোটাৰৰ মাজত ভোটদান সম্পৰ্কত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা বঙাইগাঁও চহৰৰ মাজেৰে এক চাইকেল আৰু মটৰ চাইকেল ৰেলী উলিওৱা হয় ৷ এই চাইকেল আৰু মটৰ চাইকেল ৰেলী চহৰখনৰ মাজেৰে গৈ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত সামৰণী পৰে ৷ ইয়াৰ পিছতে বীৰঝৰা পাব্লিক লাইব্ৰৰীত এখন সভাত অনুষ্ঠিত হয় । বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেচমিনৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিজৰ ভাষণত কয় যে নিৰ্বাচনত ভাগলৈ সকলোৱে নিজৰ নিজৰ মনোনীত প্ৰাৰ্থীক ভোট দান সাব্যস্ত কৰাটো আমাৰ প্ৰত্যেকৰে গণতান্ত্রিক অধিকাৰ ৷
সেয়ে অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত সকলোকে নিজৰ নিজৰ ভোটদান কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । লগতে সকলোকে এই বুলিও অৱগত কৰে যে এইবাৰ ভোটাৰসকলে ভোটদান সম্পন্ন কৰাৰ পিছত ভিভিপেট যন্ত্রত থকা স্বচ্ছ খিড়িকীখনেৰে এখন বগা কাগজ প্ৰত্যক্ষ কৰিব পাৰিব ৷ সেই কাগজখনত ভোটাৰে ভোট দিয়া প্ৰাৰ্থীৰ ক্ৰমিক নং ,নাম আৰু প্ৰতীক চিহ্ন থাকিব । এই কাগজৰ শ্লিপখন মাত্র ৭ ছেকেণ্ডৰ বাবে ভোটাৰ সকলে দেখা পোৱা হৈ থাকি তাৰ পিছত নিজে নিজে সংলগ্ন হৈ থকা ভিভিপেট বাকচত সোমাই যাব বুলি কৈ উপস্থিত সকলোকে উক্ত মেচিনৰ বিষয়ে অৱগত কৰে । এই সভাত বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া ৰিন্টু বড়ো, ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া পাৰ্থপ্ৰতিম খনিকৰৰ উপৰিও ভালে সংখ্যক বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে ।


0 Response to "বঙাইগাঁৱত ভোটাৰৰ মাজত সজাগতা বৃদ্বিৰ উদ্দেশ্যে চাইকেল- মটৰ চাইকেল ৰেলী- সভা "
Post a Comment