বঙাইগাঁৱত অৰ্ধ শতাধিকৰ যুৱ ছাত্ৰ পৰিষদত যোগদান আঞ্চলিক সমিতিৰ পুনৰ গঠন
Monday, April 1, 2019
Comment
বঙাইগাঁৱত অৰ্ধ শতাধিকৰ যুৱ ছাত্ৰ পৰিষদত যোগদান
আঞ্চলিক সমিতিৰ পুনৰ গঠন
বঙাইগাঁওঃ২৭ মাৰ্চঃ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আজি এক যোগদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত শংকৰ- মাধৱ একাডেমিত অনুষ্ঠিত যোগদান অনুষ্ঠানত উদীয়মান যুৱক যোগেন্দ্ৰ বৰ্মন আৰু ৰঞ্জিত ৰায়ৰ নেতৃত্বত বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধ শতাধিক যুৱকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত যোগদান কৰে ৷ ইপিনে সংগঠনটোত নতুনকৈ সদস্য যোগদান কৰাত যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও আঞ্চলিক সমিতিখনো পুনৰ গঠন কৰা হয় ৷ সেই অনুসৰি যোগেন্দ্ৰ বৰ্মনক সভাপতি, প্ৰীতাম্বৰ বৰ্মন আৰু চন্দন ৰায়ক উপ সভাপতি, ৰঞ্জিত ৰায়ক সাধাৰণ সম্পাদক তথা বনঞ্জিত বৰ্মন আৰু ভাৰত আলী সেখক যুটীয়া সম্পাদক হিচাপে লৈ সৰ্বসন্মতি ক্ৰমে ৫১ জনীয়া শক্তিশালী বঙাইগাঁও আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷ অনুষ্ঠানত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি মনোৰঞ্জন ভাগৱতী, যুটীয়া সম্পাদক দেৱজিত ৰায় আদি উপস্থিত থাকে ৷

0 Response to "বঙাইগাঁৱত অৰ্ধ শতাধিকৰ যুৱ ছাত্ৰ পৰিষদত যোগদান আঞ্চলিক সমিতিৰ পুনৰ গঠন "
Post a Comment