-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত চিলনী চোৰৰ দৌৰাত্ম  দিন দুপৰতে মহিলাৰ পৰা কাঢ়ি নিলে তিনি লাখ টকা

বঙাইগাঁৱত চিলনী চোৰৰ দৌৰাত্ম দিন দুপৰতে মহিলাৰ পৰা কাঢ়ি নিলে তিনি লাখ টকা




বঙাইগাঁৱত চিলনী চোৰৰ দৌৰাত্ম

দিন দুপৰতে মহিলাৰ পৰা কাঢ়ি নিলে তিনি লাখ টকা

                          বঙাইগাঁওঃ ৪ এপ্ৰিলঃ


বঙাইগাঁৱত ক্ৰমাৎ বৃদ্ধি পাই আহিছে অপৰাধজনিত ঘটনা ৷ সদৰ চহৰখনৰ বিভিন্ন প্ৰান্তত দৈনিক সংঘটিত হৈ আহিছে ঠগ, প্ৰব়ঞ্চনা, বাইক চোৰ, চুৰি কাৰ্য আদিৰ ঘটনা ৷ বৃহস্পতিবাৰেও সদৰ চহৰখনৰ নৰ্থ বঙাইগাঁৱত সংঘটিত হয় এক ধন কাঢ়ি নিয়াৰ ঘটনা ৷ এইবাৰ খোদ আৰক্ষীৰ সন্মুখৰ পৰাই বাইকত অহা দুটা  চিলনী চোৰে মহিলা এগৰাকীৰ পৰা থাপ মাৰি কাঢ়ি লৈ যায় তিনি লাখ টকা ৷ ভূক্তভোগী পাৰ্ৱতী ৰায় নামৰ মহিলা গৰাকীয়ে জানিব দিয়ামতে নৰ্থ বঙাইগাঁৱৰ কানাড়া বেংকৰ পৰা তিনিলাখ টকা উলিয়াই তেঁও ৰাজপথত উঠাৰ লগে লগে বাইকত অহা দুই চিলনী চোৰে টকাৰ বেগটো কাঢ়ি লৈ তীব্ৰ গতিত পলায়ন কৰে ৷ মহিলা গৰাকীয়ে আৰু জানিব দিয়ামতে কৰ্তব্যৰত যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ সন্মুখতে এই ঘটনা সংঘটিত হয় ৷ ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও সদৰ চহৰখনত ৷

0 Response to "বঙাইগাঁৱত চিলনী চোৰৰ দৌৰাত্ম দিন দুপৰতে মহিলাৰ পৰা কাঢ়ি নিলে তিনি লাখ টকা"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article