বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত ভোটাৰ সজাগতা শিবিৰ
Friday, April 5, 2019
Comment
বঙাইগাঁওঃ ৩ এপ্ৰিলঃ
অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আজি ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বীৰঝৰা চাহ বাগিচাত এক ভোটাৰ সজাগতা শিবিৰ অনুষ্ঠিত হয় ৷ SVEEP CELL ৰ আহ্বান ক্ৰমে অনুষ্ঠিত এই ভোটাৰ সজাগতা শিবিৰত বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেচমিনে উপস্থিত থাকি বাগিচাখনৰ সকলো ভোটাৰকে নিষ্ঠা আৰু নিৰ্ভীকভাৱে ভোটদান কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে নতুন ভোটিং মেচিনৰ প্ৰাসংগিকতা আৰু তাৰ সহায়ত কেনেকৈ ভোটদান কৰিব পাৰি সেয়া বুজাই দিয়ে ৷ সজাগতা শিবিৰত বাগিচাখনৰ পৰিচালক এন পি সিং , SVEEP CELL ৰ লগত জড়িত কৰ্মচাৰীকে ধৰি বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ উপৰিও বাগিচাখনৰ শ্ৰমিকসকল উপস্থিত থাকে ৷
উল্লেখ্য যে নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে সমষ্টিটোৰ মুঠ ২৪২ টা ভোট গ্ৰহণ কেন্দ্ৰত প্ৰশাসনে ভোটদানৰ সুব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰোপৰি নিৰ্বাচন আয়োগে এশ শতাংশ ভোটদান সুনিশ্চিত কৰাৰ ওপৰত যি বিশেষ গুৰুত্ব আৰোপ কৰিছে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি জিলাখনৰ সকলো ভোট গ্ৰহণ কেন্দ্ৰত এশ শতাংশ ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলা প্ৰশাসনে নুন্যতম সা- সুবিধাখিনি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ লগতে সমষ্টিটোৰ সকলো ভোটাৰ ৰাইজক সমাগত লোক সভা নিৰ্বাচনত জাতি - ধৰ্ম, ভাষা- বৰ্ণ নিৰ্বিশেষে তথা কোনো প্ৰলোভনৰ বৰ্শৱৰ্তী নোহোৱাকৈ নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ বাবে আহ্বান জনাইছে ৷


0 Response to "বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত ভোটাৰ সজাগতা শিবিৰ"
Post a Comment