বৰপেটা লোক সভা সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকী বিজয়ী হোৱাতো সুনিশ্চিত--- ফণীভূষণ চৌধুৰী // কেবে কোনো প্ৰভাৱ পেলোৱা নাই
Friday, April 26, 2019
Comment
বৰপেটা লোক সভা সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকী বিজয়ী হোৱাতো সুনিশ্চিত--- ফণীভূষণ চৌধুৰী
কেবে কোনো প্ৰভাৱ পেলোৱা নাই
বঙাইগাঁওঃ ২৩ এপ্ৰিলঃ
আজি তৃতীয় পৰ্যায়ত অনুষ্ঠিত বৰপেটা লোক সভা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণ উপলক্ষে সমষ্টিটোৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়েও পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ অগপ দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে পুৱা বঙাইগাঁও চহৰৰ বীৰঝৰা ছোৱালী হাইস্কুলস্থিত নিজৰ ১১৭ নং ভোটগ্ৰহণ কেন্দ্ৰটোত উপস্থিত হৈ ভোটাৰ ৰাইজৰ লগত শাৰী পাতি ভোটদান কৰে ৷ ইপিনে মন্ত্ৰী চৌধুৰীয়ে ভোটদান কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কয় যে ভোটদান কৰাটো হ'ল আমাৰ মৌলিক অধিকাৰ ৷ সেয়ে এই অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছো ৷ এই মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহি যিতো পৰিৱেশ দেখিছো ইয়াৰ পৰা অসমৰ জনসাধাৰণে মৌলিক অধিকাৰ যে সাব্যস্ত কৰিব লাগে সেই কথাটো প্ৰত্যেকে উপলব্ধি কৰি এইদৰে ভোট দিবলৈ আহিছে আৰু এয়া আমাৰ ৰাজ্যখনৰ বাবে সুখবৰ ৷
ইপিনে বৰপেটা লোক সভা সমষ্টিটোত অগপ তথা মিত্ৰ জোঁটৰ প্ৰাৰ্থীগৰাকী বিজয়ী হোৱাটো খাটাং বুলি কয় ৷ ইয়াৰ কাৰণ হিচাপে তেওঁ কয় যে ধৰ্মীয় সংখ্যালঘুসকলৰ ভোট বিভাজন হৈছে আৰু তেওঁলোকৰ ভোট বিভাজনৰ ফলত আমাৰ দলৰ প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত হৈছে ৷ তেওঁ আৰু কয় যে অগপ দলে তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াৰে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা কলিয়াবৰ সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাতো সুনিশ্চিত হৈছে ৷ একেদৰে যিহেতু কংগ্ৰেছ আৰু ইউডিএফ দলৰ প্ৰতি ৰাইজ অতিষ্ঠ হৈছে আৰু তেওঁলোকৰ প্ৰতি আস্থা নাইকিয়া হৈছে, গতিকে ধুুবুৰী লোকসভা সমষ্টিটো আমাৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাতো খাটাং হৈছে বুলি কয় ৷ আনহাতে নিৰ্বাচনত কেবে কোনো প্ৰভাৱ পেলোৱা নাই বুলিও কয় অগপ নেতাগৰাকীয়ে ৷


0 Response to "বৰপেটা লোক সভা সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকী বিজয়ী হোৱাতো সুনিশ্চিত--- ফণীভূষণ চৌধুৰী // কেবে কোনো প্ৰভাৱ পেলোৱা নাই "
Post a Comment