বঙাইগাঁৱত ৭৯ শতাংশ ভোটদান // কেবাটাও কেন্দ্ৰত ই ভি এমৰ বিসংগতিৰ বাবে পলমকৈ আৰম্ভ হ'ল ভোটগ্ৰহণ
Friday, April 26, 2019
Comment
বঙাইগাঁৱত ৭৯ শতাংশ ভোটদান
কেবাটাও কেন্দ্ৰত ই ভি এমৰ বিসংগতিৰ বাবে পলমকৈ আৰম্ভ হ'ল ভোটগ্ৰহণ
বঙাইগাঁওঃ ২৩ এপ্ৰিল //১৯
তৃতীয় পৰ্য়ায়ৰ লোক সভা নিৰ্বাচনৰ অংশ হিচাপে আজি ৬ নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিতো পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ বিধান সভা সমষ্টিটোৰ মুঠ ২৪২ টা ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ পৰ্ব আৰম্ভ হয় যদিও কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এমৰ বিসংগতিয়ে দেখা দিয়াৰ লগতে বিকল হৈ পৰে ৷ ফলত এই ভোটগ্ৰহণ কেন্দ্ৰকেইটাত এঘন্টাৰ পৰা দুঘন্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয় ৷ সমষ্টিটোৰ অন্তৰ্গত বিদ্যাপুৰৰ ১১৭ নং বনলতা এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে বঙাইগাঁও চহৰৰ ২০০ নং আৰু ২০১ নং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ আৰু ২২২ নং দেউৰীপাৰা এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰ চাৰিটাৰ ই ভি এমৰ বিসংগতিৰ বাবে সময় মতে ভোটগ্ৰহণ পৰ্ব আৰম্ভ নোহোৱাত ভোটদান কৰিবলৈ অহা ভোটাৰ ৰাইজ ক্ষুদ্ধ হৈ পৰে ৷ দেউৰীপাৰা এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত পিচত নতুন ই ভি এম সংস্থাপন কৰাতহে ভোটগ্ৰহণ আৰম্ভ হয় ৷ সমষ্টিটোৰ আৰু দুটামান ভোটগ্ৰহণ কেন্দ্ৰটো ই ভি এমৰ বিসংগতি দেখা দিয়ে যদিও পিচলৈ সকলো ভোটগ্ৰহণ কেন্দ্ৰতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷
উল্লেখ্য যে ভোটদানৰ বাবে পুৱা ৭ বজাৰ বহু পূৰ্বেই ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰ ৰাইজে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে দিঘলীয়া শাৰী পতা পৰিলক্ষিত হয় ৷ প্ৰখৰ ৰ'দ তথা গৰমকো নেওচি ঘন্টাৰ পিচত ঘন্টা ধৰি শাৰী পাতি থাকি ভোটদান কৰিলে পুৰুষ- মহিলা, বৃদ্ধ তথা যুৱ ভোটাৰসকলে ৷ ইপিনে সমষ্টিটোৰ অন্তৰ্গত উত্তৰ মাজগাঁও এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰ , ২২৭ নং নোৱাগাঁও এল পি স্কুলত থকা ১৩১ নং ভোটগ্ৰহণ কেন্দ্ৰ, পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰকে ধৰি কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত একাংশ নতুন ভোটাৰে ভোটদান কৰিবলৈ গৈ ভোটাৰ পৰিচয় পত্ৰ নথকাত ভোটদান কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠিছে ৷ ভোটদানৰ বাবে ভোটাৰ শ্লীপৰ লগতে ভোটাৰ পৰিচয় পত্ৰ অথবা নিৰ্দ্দিষ্ট কৰি দিয়া ১০ বিধ ফটো সম্বলিত পৰিচয় পত্ৰৰ এখনো নথকাত ভোটদানৰ পৰা বিৰত থাকিবলগীয়া হয় ৷
আনহাতে বিয়লি ৫ বজালৈ ভোটগ্ৰহণৰ সময় আছিল যদিও কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা অধিক হোৱাত তথা অাৱেলিৰ ভাগতহে ভোটাৰসকলে ভোটদান কৰিবলৈ শাৰী পতাত নিৰ্দ্দিষ্ট সময়ত ভোটগ্ৰহণ কাৰ্য সমাপ্ত নহ'ল ৷ ফলত পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰকে ধৰি কেবাটাও কেন্দ্ৰত ৫ বজাৰ পূৰ্বে কেন্দ্ৰত উপস্থিত হোৱা ভোটদাতাসকলক শ্লীপ প্ৰদান কৰি ৫ বজাৰ পিচতো ভোটদান কৰাৰ সুবিধা দিয়ে ৷ উল্লেখ্য যে মুঠ ১,৭২,৬০০ গৰাকী ভোটাৰ বিশিষ্ট বঙাইগাঁও বিধান সভা সমষ্টিটোত ৮৬,৫২৭ গৰাকী পুৰুষ আৰু ৮৬,০৭৩ গৰাকী মহিলা ভোটাৰ আছে ৷ ইপিনে জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে জানিবলৈ দিয়া মতে সমষ্টিটোত ৭৯ শতাংশ ভোটদান হৈছে যদিও পিচলৈ সকলো নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পিচত ভোটাদানৰ হাৰ বৃদ্ধি পাব পাৰে ৷
উল্লেখ্য যে এইবাৰ বঙাইগাঁও বিধান সভা সমষ্টিৰ ৪১ নং নতুন পাৰা এল পি স্কুল, ১৮৭ নং বীৰঝৰা কন্যা মহাবিদ্যালয় ( সোফাল) আৰু ১৮৮ নং বীৰঝৰা কন্যা মহাবিদ্যালয় (বাওফাল) ভোট গ্ৰহণ কেন্দ্ৰ তিনিটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে স্থাপন কৰি ভোটাৰ ৰাইজক সকলো সা - সুবিধা প্ৰদান কৰা হয় ৷ এই কেন্দ্ৰ তিনিটাত দিব্যাংগ ভোটাৰসকলকৰ বাবে হুইল চেয়াৰ,দিব্যাংগসকলৰ সহায়ৰ বাবে দিব্যাংগ বন্ধু , ভোটাৰসকলৰ বাবে বিশুদ্ধ খোৱা পানী, জিৰণী চ'ৰা , চিকিৎসা সেৱা, ভোটদান কৰিবলৈ অহা মহিলা ভোটাৰসকলৰ লগতে লৈ অহা শিশুসকলৰ বাবে মহিলা আৰু শিশু পৰিচাৰ্য গৃহ, ভোটদানৰ কৰাসকলৰ বাবে চেলফি উঠাৰ বাবে চেলফি পইন্ট আদিৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷ সেইদৰে এইবাৰ আঠটা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাই পৰিচালনা কৰে ৷ কেন্দ্ৰকেইটাৰ প্ৰিজাইডিং, পোলিং বিষয়াকে ধৰি নিৰাপত্তাৰ দায়িত্বতো মহিলা আৰক্ষীক নিয়োগ কৰা হয়




0 Response to "বঙাইগাঁৱত ৭৯ শতাংশ ভোটদান // কেবাটাও কেন্দ্ৰত ই ভি এমৰ বিসংগতিৰ বাবে পলমকৈ আৰম্ভ হ'ল ভোটগ্ৰহণ "
Post a Comment