-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত নিৰ্বাচন সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা

বঙাইগাঁৱত নিৰ্বাচন সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা




বঙাইগাঁৱত নিৰ্বাচন সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা 
   


                              বঙাইগাঁও ২১ এপ্ৰিলঃ 
দেশৰ অন্যান্য সমষ্টিৰ লগতে ৬নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ সাধাৰণ  নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে মাজত  মাথোঁ আৰু  এটা দিন বাকী আছে যদিও সমষ্টিটোত যাতে ভোট গ্ৰহণ কেন্দ্ৰসমূহত ভোটদান সুচাৰুৰূপে আৰু শান্তপূৰ্ণভাবে অনুষ্ঠিত হয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি দেওবাৰে বঙাইগাঁও জিলা প্ৰশাসনে বঙাইগাঁও  মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰক্ষীৰ জ'নেল আৰু ছেক্টৰ তথা সাধাৰণ জ'নেল আৰু ছেক্টৰ পৰ্যায়ৰ বিষয়াসকলোকলৈ এখন গুৰুত্বপূৰ্ণ সভা আনুষ্ঠিত কৰে ।  সভাত উপস্থিত থাকি বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে আৰক্ষীৰ জ'নেল আৰু ছেক্টৰ তথা সাধাৰণ  জ'নেল আৰু ছেক্টৰ বিষয়াসকলোৰ সুবিধাৰ্থে যথাস্থানত পৰিচিত কৰাই পুনৰ কেইটামান নিৰ্বাচনী বিধি সোঁৱৰাই দিয়ে ৷
 লগতে সকলোকে নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা যাতে ভোটগ্ৰহণ কেন্দ্ৰসমুহত কোনো সমস্যাৰ সৃষ্ট নহয় তাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত আগতীয়াকৈ উপস্থিত হৈ কেন্দ্ৰসমূহ পৰিদৰ্শন  কৰি সকলো ঠিক- ঠাক কৰিবলৈ আহবান জনায় । আনহাতে নিৰ্বাচনত ব্যবহাৰ কৰিবলগীয়া ইলেক্ট্ৰনিক ভোটিং মেচিনসহ সকলো প্ৰয়োজনীয় সা-সামগ্ৰী কাইলৈ পুৱা ৮ বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ত স্থাপন কৰা  ১০ টা অস্থায়ী কাউন্টাৰৰ পৰা বিতৰণ  কৰা হ'ব বুলিও অৱগত কৰে ৷ সেয়ে সকলোৱে পুৱা ৬ বজাৰ আগতে বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত হ'বলৈ আহবান জনায় । এই সভাত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস , অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী , নিৰ্বাচনী বিষয়া বাসৱী ঠাকুৰীয়া আৰু  উপ আৰক্ষী অধীক্ষক মৈত্রেয়ী ডেকা উপস্থিত থাকে ।

0 Response to "বঙাইগাঁৱত নিৰ্বাচন সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article