-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বইটামাৰীত কৃষক মুক্তিৰ বঙাইগাঁও জিলা সমিতিৰ অধিৱেশন সম্পন্ন

বইটামাৰীত কৃষক মুক্তিৰ বঙাইগাঁও জিলা সমিতিৰ অধিৱেশন সম্পন্ন




বইটামাৰীত কৃষক মুক্তিৰ বঙাইগাঁও জিলা সমিতিৰ অধিৱেশন সম্পন্ন 


             
                             বঙাইগাঁওঃ ২১ এপ্ৰিলঃ
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ বাৰ্ষিক অধিৱেশনখন দেওবাৰে ব্যতিক্ৰমীভাৱে জিলাখনৰ নৰ্থ বইটামাৰীৰ দেৱানগাঁওস্থিত চৰকাৰী মুগা পাম চৌহদত নৈসৰ্গিক পৰিৱেশৰ মাজত অনুষ্ঠিত হয় । অধিৱেশনৰ কাৰ্যসূচী অনুসৰি সংগঠনটোৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি মহীধৰ ৰায়ে আৰু ছহিদ তৰ্পণ কৰে জিলা সমিতিৰ সম্পাদক নন্দন দেৱ নাথে । তাৰ পিছত জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা সংগঠনৰ কৰ্মী তথা স্থানীয় ৰাইজৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হয় । জিলা সমিতিৰ সভাপতি মহীধৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত  সভাত গণ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়কদ্বয় বেদান্ত লস্কৰ আৰু হুছেইন মাহমুদ ছাহজাহানৰ লগতে দিল্লী জে এন ইউ ৰ ছাত্ৰ নয়নজ্যোতি উপস্থিত থাকে । 
সভাত বঙাইগাঁও জিলাৰ তথা সাম্প্ৰতিক অসমৰ বিভিন্ন সমস্যা আৰু সংগঠনৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰে । সভাৰ মাজতে বিহু নৃত্য পৰিৱেশন কৰে স্থানীয় শিৱজ্যোতি বিহু হুচৰি দলে । উল্লেখ্য যে এই অধিৱেশনতে মহীধৰ ৰায়ক পুনৰ সভাপতি , ধাৰ্মিক সৰকাৰ আৰু যাদৱ ৰায়ক  উপ- সভাপতি , নন্দন দেৱ নাথক পুনৰ সম্পাদক , হিৰম্ব নাথ , তুলসী সূত্ৰধৰ আৰু আহাদ আলীক সহঃসম্পাদক হিচাপে লৈ বঙাইগাঁও জিলা সমিতিখন নতুনকৈ গঠন কৰে ।

0 Response to "বইটামাৰীত কৃষক মুক্তিৰ বঙাইগাঁও জিলা সমিতিৰ অধিৱেশন সম্পন্ন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article