বঙাইগাঁৱত বিবাহস্থলীত যুৱকৰ তাণ্ডৱ // চোকা অস্ত্ৰৰ আক্ৰমণত আহত চাৰিজন
Friday, May 3, 2019
Comment
বঙাইগাঁৱত বিবাহস্থলীত যুৱকৰ তাণ্ডৱ
চোকা অস্ত্ৰৰ আক্ৰমণত আহত চাৰিজন
বঙাইগাঁওঃ ২৯ এপ্ৰিলঃ
বঙাইগাঁও চহৰৰ ভাকাৰীভিটাৰ এখন বিবাহস্থলীত আজি পুৱতি নিশা এক আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ গাওঁখনৰে এজন যুৱকে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে ৷ যুৱকজনে বিবাহস্থলীত চলোৱা তাণ্ডৱ আৰু আক্ৰমণৰ ঘটনাত চাৰিজন লোক আহত হয় ৷ উল্লেখ্য যে ধুবুৰী জিলাৰ শালকোছা গৌৰাংটাৰীৰ পলাশ কুমাৰ সিংহৰ সৈতে বঙাইগাঁও চহৰৰ ভাকাৰীভিটাৰ ভদ্ৰাৱতী ৰায়ৰ দেওবাৰে শুভ বিবাহৰ দিন আছিল ৷ সেই অনুসৰি নিশা বিয়া কৰাবলৈ শালকোছাৰ পৰা দৰা পলাশ কুমাৰ সিংহৰ লগত দৰা পক্ষ আহিছিল কইনাৰ ঘৰ ভাকাৰীভিটালৈ ৷ কিন্তু ৰীতি-নীতিৰে পুৱতি নিশা তিনিমান বজাত বিবাহ পৰ্ব সামৰণী পৰাৰ পাছতে ঘটে অঘটন ৷ ঘটনা সন্দৰ্ভত দৰা পক্ষৰ পৰা জোনোৱা অনুসৰি পুৱতি নিশা বিবাহ কাৰ্য সুকলমে সম্পন্ন হোৱাৰ পিচত দৰা পক্ষৰ লোকসকলে বাহিৰৰ পথৰ কাষত থকা অৱস্থাত উক্ত পথেৰে এখন মাৰুতি ভান আহে ৷ ভানখনে দৰা পক্ষৰ লোকসকলক খুন্দিয়াবলৈ বিচৰাত বিবাহস্থলীৰ লোকসকলে চিঞৰ - বাখৰ কৰাত ভানখন ঘটনাস্থলী ত্যাগ কৰি কিছুদূৰত গৈ ৰখে ৷ তাৰ পিচত ভানখনৰ পৰা এজন যুৱক নামি আহি দীঘল বাঁহ এডাল লৈ দৰা পক্ষৰ এজন লোকক আক্ৰমণ কৰে ৷ এনে অৱস্থাত বিবাহস্থলীৰ লোকসকলে যুৱকজনক খেদি যোৱাত যুৱকজন দৌৰি পলায়ণ কৰে ৷ কিন্তু ইয়াতে ক্ষান্ত নাথাকি পিচত যুৱকজনে ঘৰৰ পৰা দা জাতীয় চোকা অস্ত্ৰ এখনলৈ আহি বিবাহ ঘৰৰ পদূলিৰ কলগছ কাটে, লাইট ভাঙে, তোৰণৰ ক্ষতি কৰে ৷
ইয়াৰ পাছতে বিবাহ স্থলীত সোমাই দৰা পক্ষৰ ৰথীন বৰ্মণ , বাবুল দাস আৰু স্বপন বৰ্মণক আক্ৰমণ কৰে ৷ কইনাৰ ভাতৃ দিগন্ত ৰায়ে কিয় গোণ্ডগোল কৰিছে বুলি মাত মাতিব যোৱা সময়ত দিগন্ত ৰায়কো আক্ৰমণ কৰি আহত কৰে ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী যুৱকজনক চোকা অস্ত্ৰসহ আটক কৰে ৷ আক্ৰমণকাৰী যুৱকজন একেখন গাওঁৰে মাজেন ৰায় আৰু কইনা ঘৰৰ কাষতে ঘৰ বুলি জানিব পৰা গৈছে ৷ আক্ৰমণকাৰী যুৱকজনৰ দাৰ ঘাপত আহত ৰথীন বৰ্মণ, দিগন্ত ৰায়, বুবুল দাস আৰু স্বপন বৰ্মণক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে ৰথীন বৰ্মণৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আনহাতে স্বপন দাসক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ এই ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইপিনে এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত দৰা পলাশ কুমাৰ সিংহই বঙাইগাঁও আৰক্ষী থানাত মাজেন ৰায়ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত ২৫৮ / ১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি মাজেন ৰায়ক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে মাজেন ৰায়ক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে দেওবাৰে ভাকাৰীভিটাত বিহুৰ সাংস্কৃতিক অনুষ্ঠান থকাত বহু লোক বিহুত ব্যস্ত আছিল ৷ হয়তো মাজেন ৰায়েও বিহুৰ অনুষ্ঠান উপভোগ কৰি ঘৰলৈ গৈ আছিল আৰু সেই সময়তে এই ঘটনাটো সংঘটিত হয় ৷ অৱশ্যে ঘটনা সন্দৰ্ভত মাজেন ৰায়েৰ ভাষ্য জানিব পৰা নগ'ল ৷


0 Response to "বঙাইগাঁৱত বিবাহস্থলীত যুৱকৰ তাণ্ডৱ // চোকা অস্ত্ৰৰ আক্ৰমণত আহত চাৰিজন "
Post a Comment