-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
এ পি ডি চি এলৰ পৰীক্ষাত খেলিমেলি // বঙাইগাঁৱত যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে শক্তিমন্ত্ৰীৰ পুত্তলিকা

এ পি ডি চি এলৰ পৰীক্ষাত খেলিমেলি // বঙাইগাঁৱত যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে শক্তিমন্ত্ৰীৰ পুত্তলিকা





                   এ পি ডি চি এলৰ পৰীক্ষাত খেলিমেলি

       বঙাইগাঁৱত যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে শক্তিমন্ত্ৰীৰ            
        পুত্তলিকা 




                           
                            বঙাইগাঁওঃ ২৯ এপ্ৰিলঃ 
শক্তি বিভাগে দেওবাৰে অনুষ্ঠিত কৰা এ পি ডি চি এলৰ ১,৯৫৭ টা কাৰ্যালয় আৰু ক্ষেত্ৰ সহায়ক পদৰ পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁৱত শক্তিমন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে বঙাইগাঁৱৰ বৰপাৰাস্থিত শক্তি বিভাগৰ বঙাইগাঁও বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালৰ সন্মুখৰ মূল ৰাজ পথত এই পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ 
যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে শক্তিমন্ত্ৰী তপন গগৈৰ পুত্তিলা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত শক্তিমন্ত্ৰী হায় হায়, শক্তিমন্ত্ৰী মুৰ্দাবাদ, এ পি ডি চি এল মুৰ্দাবাদ, এ পি ডি চি এলৰ কেলেংকাৰী মানি লোৱা নহ'ব আদি বিভিন্ন শ্ল'গানো দিয়ে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বঙাইগাঁও জিলা যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি মনোৰঞ্জন ভাগৱতীয়ে সংবাদ মাধ্যমৰ আগত কয় যে নিযুক্তি পৰীক্ষাসমূহত যি ব্যাপক খেলিমেলি হৈ আছে সেইবোৰ দেখিও কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা  মুখ্যমন্ত্ৰীগৰাকী আজি নিমাতী কইনাৰ ভাও ধৰি আছে ৷ সেয়ে আমি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অনুৰোধ জনাইছো, যাতে তেওঁ এই পৰীক্ষাৰ ব্যৱস্থাতো উঠাই দিয়াৰ ব্যৱস্থা কৰক আৰু এই পৰীক্ষা ব্যৱস্থাৰ ঠাইত তেৱঁৰ চৰকাৰখনে চাকৰিৰ নিলামৰ ব্যৱস্থা কৰক ৷ 
এই ক্ষেত্ৰত যিজনে সকলতকৈ বেছি টকা দিব পাৰে তেওঁক চাকৰি দিয়ক ৷ তেতিয়া আমাৰ সাধাৰণ ৰাইজৰ কোনো আপত্তি নাথাকিব ৷ কাৰণ এজন দুখীয়া ল'ৰা - ছোৱালীৰ পৰা তিনিশৰ পৰা পাঁচশ টকা চালান কাটি মাচুললৈ তেওঁলোকে পৰীক্ষাৰ নামত যি ভেকোভাওনা পাতিছে, এই ভেকোভাওনাখন নাপাতি নিলামৰ ব্যৱস্থা কৰক ৷ লগতে যিজনে অধিক টকা দিব তেওঁক চাকৰি দিয়ক বুলিও কয় ৷ 

0 Response to "এ পি ডি চি এলৰ পৰীক্ষাত খেলিমেলি // বঙাইগাঁৱত যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে শক্তিমন্ত্ৰীৰ পুত্তলিকা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article