Tuesday, March 31, 2020
Comment
🔯কোৰোনা ভাইৰাছ প্ৰতিৰোধ
👉বঙাইগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰ্যালোচনা সভাঃ বুজ ললে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ
👉একৈছ দিনীয়া লক ডাউন কাৰ্যসূচী অসমৰ ৰাইজে নিষ্ঠাৰে পালন কৰি ইয়াক সফল কৰি তুলিব - মুখ্যমন্ত্ৰী
👉অসমৰ ৰাইজৰ ওচৰত কৃতজ্ঞ যে সকলো স্থানতে ৰাইজে অত্যন্ত নিষ্ঠাৰে এই কাৰ্যসূচী পালন কৰাৰ কাৰণে প্ৰয়াস কৰিছে
👉বহিঃ ৰাজ্যত থকা অসমৰ লোকসকলক যাতে তাতেই সকলো ধৰণৰ ব্যৱস্থা লয় তাৰ বাবে ইতিমধ্যে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনোৱা হৈছে
👉অসমৰ ৰাইজক কোনো উৰা বাতৰিক বিশ্বাস নকৰিবলৈকো আহ্বান
👉সাংবাদিক, স্বাস্থ্য বিভাগৰ আশাকৰ্মী, নাৰ্চ, চিকিৎসক, চাফাইকৰ্মী, এম্বুলেন্সৰ চালকসকলক কৃতজ্ঞতা জ্ঞাপন
বাতৰি পৃষ্ঠা বঙাইগাঁওঃ ৩০ মাৰ্চঃ
অসম চৰকাৰে প্ৰতিটো ঠাইতে বিশেষকৈ জিলা প্ৰশাসনে জনসাধাৰণক এই লক ডাউনৰ মূহূৰ্তত সকলো ধৰণৰ জৰুৰী সেৱা তথা অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ লৈছে ৷ মই আজি বঙাইগাঁৱৰ পৰ্যালোচনা কৰিলো ৷ ইয়াতো আগন্তুক দিনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলোৱা হৈছে ৷ যি কোনো ভয়াৱহ পৰিস্থিতিৰ লগত মোকামিলা কৰিব পৰাকৈ জনসাধাৰণক সহায় কৰিব পৰাকৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তৎপৰতাৰে ব্যৱস্থা হাতত লোৱা হৈছে ৷ সেয়ে আমি আশা ৰাখিছো যে জনগণৰ সহযোগত এই একৈছ ( ২১) দিনীয়া লক ডাউন কাৰ্যসূচী অসমৰ ৰাইজে নিষ্ঠাৰে পালন কৰি ইয়াক সফল কৰি তুলিব ৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷
উল্লেখ্য যে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ত্রাসৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছ ( কভিড-১৯) সংক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৱলী আৰু পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে আজি দিনৰ ভাগত অসমৰ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱাল বঙাইগাঁও জিলাত উপস্থিত হয় । মুখ্য মন্ত্ৰী গৰাকীয়ে বঙাইগাঁৱত উপস্থিত হৈয়ে প্ৰথমে বঙাইগাঁৱৰ উত্তৰ মাজগাঁওস্থিত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হয় আৰু কোৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে চিকিৎসালয়খনত গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰিদৰ্শন কৰি বুজ লোৱাৰ লগতে দিনে নিশাই পৰিশ্ৰম কৰি থকা চিকিৎসক , নাৰ্চৰ উপৰিও আশা কৰ্মী সকলৰ লগত মত বিনিময় কৰে ৷ তেওঁ চিকিৎসালয়খনৰ আইছ'লেচন ৱাৰ্ড ,আই চি ইউ ব্যৱস্থা আদিও পৰিদৰ্শন কৰে ৷ এই সময়চোৱাত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীকে আদি কৰি স্বাস্থ্য বিভাগৰ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসালয়খনত গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত অৱগত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীক স্থানীয় বিধায়ক তথা ৰাজ্যৰ খাদ্য আৰু যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সংগ দিয়ে ৷ইয়াৰ পিছতে মুখ্য মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় আৰু এখন পৰ্যালোচনা সভাত মিলিত হয় ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসন, জিলা স্বাস্থ্য বিভাগৰ লগতে জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগসমূহৰ বিষয়াসকল উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা সভাত কোৰোনা ভাইৰাছ( কভিড-১৯) ৰ সংক্ৰমণ প্ৰতিৰোধৰ কাৰণে গ্ৰহণ কৰা সকলো কাৰ্য নিষ্ঠাৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে লক ডাউনৰ সময়চোৱাত যাতে জনগণে অত্যৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো নিৰ্দেশ দিয়ে ৷ সভাত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাৰে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে লোৱা ব্যৱস্থা, সাজু কৰি কৰি ৰখা ব্যৱস্থাৱলীকে ধৰি লক ডাউনৰ বাবে জিলাবাসীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী আদিৰ বিষয়ে অৱগত কৰে ৷ পৰ্যালোচনা সভাত মন্ত্ৰী ফণীভূষণ চৌধুৰীও উপস্থিত থাকে ৷
ইপিনে পৰ্যালোচনা সভাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক সংবাদ মেল সম্বোধন কৰে ৷ সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সাংবাদিকসকলে এই দুৰ্যোগপূৰ্ণ মূহূৰ্তত বহু কষ্টৰে কাম কৰি থকাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনায় ৷ লগতে কয় যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত তথা কোৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি একৈছ( ২১) দিনীয়া লক ডাউন কাৰ্যসূচী ভাৰতবৰ্ষৰ জনগণক নিষ্ঠাৰে পালন কৰাৰ বাবে আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সহাৰি জনাই অসমৰ ৰাইজেও যাতে নিষ্ঠাৰে সামাজিক দূৰত্ব বজায় ৰাখি নিজকে নিজৰ ঘৰৰ ভিতৰত শৃংখলাবদ্ধভাৱে পৰিষ্কাৰ - পৰিচ্ছন্নতা অটুত ৰাখি কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাব পাৰে এইক্ষেত্ৰত সংবাদ মাধ্যমৰ সাংবাদিকসকলে বহু কষ্ট স্বীকাৰ কৰিছে ৷ তেওঁ লগতে কয় যে -'মই এই মূহূৰ্তত আমাৰ স্বাস্থ্য বিভাগৰ যিসকল কৰ্ম -কৰ্তা , আশাকৰ্মীসকলৰ লগতে স্বাস্থ্য বিভাগত কাম কৰা চিকিৎসক ,নাৰ্চ ,চাফাইকৰ্মী আৰু বিভিন্ন পৰ্যায়ৰ যিসকল কৰ্ম- কৰ্তাই দিনে নিশাই কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছে সেইসকলক বিশেষভাৱে ধন্যবাদ জনাইছো' ৷
তেওঁ আৰু কয় যে অসম চৰকাৰে প্ৰতিটো ঠাইতে বিশেষকৈ জিলা প্ৰশাসনে জনসাধাৰণক এই মুহূৰ্তত সকলো ধৰণৰ জৰুৰী সেৱা তথা অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ লৈছে ৷ মই আজি বঙাইগাঁৱৰ পৰ্যালোচনা কৰিলো ৷ ইয়াতো আগন্তুক দিনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলোৱা হৈছে ৷ যি কোনো ভয়াৱহ পৰিস্থিতিৰ লগত মোকামিলা কৰিব পৰাকৈ জনসাধাৰণক সহায় কৰিব পৰাকৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তৎপৰতাৰে এই ব্যৱস্থা হাতত লোৱা হৈছে ৷ সেয়ে আমি আশা ৰাখিছো যে জনগণৰ সহযোগত এই একৈছ দিনীয়া লক ডাউন কাৰ্যসূচী অসমৰ ৰাইজে নিষ্ঠাৰে পালন কৰি ইয়াক সফল কৰি তুলিব ৷ কাৰণ এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কেৱল এটি উপায়ে হ'ল সামাজিক দূৰত্ব ৷ মই এইক্ষেত্ৰত অসমৰ ৰাইজৰ ওচৰত কৃতজ্ঞ যে সকলো স্থানতে ৰাইজে অত্যন্ত নিষ্ঠাৰে এই কাৰ্যসূচী পালন কৰাৰ কাৰণে প্ৰয়াস কৰিছে ৷ দুই- এটা ঠাইত একাংশ লোকে উলংঘা কৰিছে আৰু সেয়া অত্যন্ত দুৰ্ভাগ্যজনক ৷ তেওঁলোকে এই ৰোগৰ ভয়াৱহতাৰ কথা উপলব্ধি কৰা নাই ৷ কিন্তু তেওঁলোকে এই ৰোগৰ ভয়াৱহতাৰ কথা উপলব্ধি কৰা উচিত ৷ কাৰণ একাংশ লোকৰ অসাৱধানতাই সমাজখনলৈ তথা ৰাষ্ট্ৰখনলৈ বিপদ মাতি আনিব পাৰে ৷ গতিকে সেইসকলৰ বিৰুদ্ধে আমি ৰাজ্যখনৰ জনতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পুলিচ প্ৰশাসনক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছো ৷ শৃংখলাৱদ্ধভাৱে কেৱল একৈছটা দিন ঘৰতে পৰিষ্কাৰকৈ থাকি তথা এজনে আন এজনৰ পৰা দূৰত্ব বজাই ৰাখি এতিয়া এই ৰোগৰ পৰা পৰিত্ৰাণ পাব লাগে ৷ এতিয়া এইটোয়ে হৈছে মূল কথা ৷
দ্বিতীয়তে এই মূহূৰ্তত মই জিলা প্ৰশাসনসমূহক এইটোও নিৰ্দেশনা দিছো যে যিসকল শিশু আছে , সেই শিশুসকল আৰু যিসকল জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকৰ যাতে স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে স্বাস্থ্য বিষয়াসকলৰ লগত কথা পাতি উদ্যোগ লয় ৷ মই আশা ৰাখিছো যে আপোনালোক সাংবাদিক বন্ধুসকলে নিশ্চিতভাৱে এই কাৰ্যসূচী অসমৰ বুকুত সফলভাৱে ৰূপায়ণ কৰাৰ বাবে জনসাধাৰণৰ মাজত অধিক সচেতনতা আৰু সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে যেনেকৈ বৰ্তমানলৈকে কাম কৰি আছে আগলৈকো কাম কৰি যাব ৷ তেওঁ অসমৰ ৰাইজক কোনো উৰা বাতৰিক বিশ্বাস নকৰিবলৈকো আহ্বান জনায় ৷ উৰা বাতৰিক বিশ্বাস নকৰি চৰকাৰী বিজ্ঞাপনৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিবলৈকো কয় ৷ কাৰণ উৰা বাতৰিয়ে সমাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে ৷ সেই বাবে মই সকলোকে আহ্বান জনাইছো , কোনোয়ে যাতে অনাহকত কোনো অবান্তৰ বাতৰি পৰিৱেশন নকৰে ৷ সেয়া লাগিলে যি কোনো মাধ্যমতে নহওঁক কিয় ? ফেচবুক, টুইটাৰ, ছ'চিয়েল মিডিয়া আদিত সকলোৱে বৰ্তমান সময়ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তেনে কাৰ্যৰ পৰা বিৰত থকা উচিত ৷
কাৰণ কোভিড - ১৯ য়ে আজি বিশ্বৰ মানৱ সমাজক কেনেদৰে চিন্তিত কৰি তুলিছে আৰু বিপদত পেলাইছে এই কথা বিলাক বাৰম্বাৰ প্ৰচাৰ মাধ্যমৰ যোগেদি সকলোৱে জানিবলৈ সক্ষম হৈছে ৷ সেইবাবে আমি সাৱধান হৈ থৈকিলে আমি সকলোৱে বাচিম ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বৰাক - ব্ৰহ্মপুত্ৰ , পাহাৰ- ভৈয়ামৰ ৩৩ খন জিলাৰ ৰইজে তথা প্ৰতিগৰাকী ব্যক্তিয়ে যদি এতিয়া সজাগতা প্ৰদৰ্শন কৰে আৰু সামাজিক দূৰত্ব বজায় ৰাখি এইকেইটা দিন নিজৰ ঘৰতে থাকে ,তেতিয়াহলে মই ভাৱো যে আমি তথা সমাজখন এই বীজাণুৰ পৰা পৰিত্ৰাণ পাম বুলিও কয় ৷ তেওঁ আৰু কয় যে এতিয়ালৈকে অসমত এটাও পজিটিভ কেছ নাই ৷ গতিকে সেইবাবে আমি আগন্তুক দিনকেইটা অত্যন্ত সতৰ্কতাৰে আৰু সাৱধানতাৰে থকাটো আমাৰ সকলোৰে কাৰণে মংগল ৷ মই পৰিষ্কাৰকৈ থাকিলেহে মোৰ ঘৰৰ পৰিয়ালক ৰক্ষা কৰিব পাৰিম , সমাজখনক ৰক্ষা কৰিব পাৰিম , মোৰ ৰাজ্যখনক তথা ৰাষ্ট্ৰক ৰক্ষা কৰিব পাৰিম বুলিও কয় ৷ গতিকে প্ৰতিগৰাকী ব্যক্তিয়ে এই কথা মনত ৰখা উচিত যে এই কাৰ্যসূচী আমাৰ বাবে আৰু প্ৰতিগৰাকী ব্যক্তিৰ নিৰাপত্তাৰ বাবে ৷ সেয়ে এই উপলব্ধিৰে অহা দিনকেইটা যেন ৰাইজে নিষ্ঠাৰে এই লক ডাউন কৰ্যসূচী পালন কৰে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীক বিনম্ৰভাৱে আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই লক ডাউনৰ সময়ত যাতে ৰাইজে অত্যাৱশ্যকীয় সামগ্ৰীৰৰ অভাৱৰ বাবে কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে ,তাৰ বাবে জৰুৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত চৰকাৰে সকলো সময়তে নিজক প্ৰস্তুত কৰি ৰাখিছে আৰু পদক্ষেপ গ্ৰহণ কৰিছে ৷
তেওঁ কয় যে আমি সকলোৱে এজনে আন এজনৰ বাবে দায়ৱদ্ধ ৷ সেয়ে এই সময়ত বিভিন্ন জিলাত দিনে নিশাই যিকল স্বাস্থ্য বিভাগৰ আশাকৰ্মী, নাৰ্চ, চিকিৎসক, চাফাইকৰ্মী, এম্বুলেন্সৰ চালকসকলৰ লগতে তেওঁলোকৰ সহযোগীসকলে পৰিশ্ৰম কৰি আছে তেঁওলোকৰ মনোবল যোগোৱাৰ দায়িত্ব আমাৰ সকলোৱে আছে ৷ তেওঁলোকক উৎসাহিত কৰা ,সকলো ধৰণৰ সহযোগিতা আগবঢোৱা আমাৰ দায়িত্ব ৷ সেয়ে মই ভাবো যে এই মূহূৰ্তত সামাজিক দূৰত্ব বজায় ৰাখি আমি আমাৰ সমাজখন এই বীজাণুৰ পৰা মুক্ত কৰি ৰাখিব লাগিব ৷ সেইদৰে যিসকল অসমৰ লোক বহিঃ ৰাজ্যত আছে তেওঁলোকৰ যাতে তাতেই সকলো ধৰণৰ ব্যৱস্থা লয় তাৰ বাবে ইতিমধ্যে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰা বুলি কয় ৷ লগতে তেৱোঁ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ পৰাও তেনেধৰণৰ অনুৰোধ পোৱা বুলি কয় ৷ সেয়ে আমিও অসমত যিসকল বিভিন্ন ৰাজ্যৰ লোক আছে তেওঁলোকৰ চোৱা- চিতা কৰাৰ দায়িত্ব আমি লৈছো ৷ গতিকে পৰস্পৰে পৰস্পৰক এই সময়ত সহায় কৰাটো অত্যন্ত দৰকাৰ বুলিও কয় ৷ মুখ্যমন্ত্ৰীগৰাকী গোৱালপাৰা জিলাৰ পৰা বঙাইগাঁও জিলাত উপস্থিত হয ৷ বঙাইগাঁও জিলাৰ পৰা মুখ্যমন্ত্ৰীগৰাকী বৰপেটা জিলালৈ ৰাওনা হয় ৷
0 Response to " "
Post a Comment