-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনা

👉কৰ্মস্থলীৰ লগতে ঘৰৰ বাহিৰলৈ ওলালেই পিন্ধিব লাগিব মাস্ক

👉সুৰা, গুটখা, ধপাত আদি নিচা জাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰতো কঠোৰ নিষেধাজ্ঞা আৰোপ

👉ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা কাৰ্যৰ ওপৰতো বাধা নিষেধ 


                       বঙাইগাঁওঃ ১৭ এপ্ৰিলঃ 


#👉কোৰোণা ভাইৰাছ (কোভিড-১৯) ৰ প্ৰাদূৰ্ভাৱ প্ৰতিৰোধৰ বাবে অসমৰ মুখ্য সচিবে জাৰি কৰা এক নিৰ্দেশ ( এ এচ ডি এম এ ২০/২০২০/৫৩ - ১৬ এপ্ৰিল, ২০২০) মৰ্মে বঙাইগাঁও জিলা প্ৰশাসনে জিলাবাসীৰ সুৰক্ষা প্ৰদানৰ বাবে কেইটামান নিৰ্দেশনা জাৰি কৰিছে । জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি আজিৰে পৰা ( শুকুৰবাৰে) সকলো জনসাধাৰণে ঘৰৰ বাহিৰত ওলোৱাৰ সময়ত তথা কৰ্মস্থলীত উপস্থিত থকাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে । সেইদৰে ১৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰিৱৰ্তী আদেশ জাৰি নকৰা পৰ্যন্ত সমগ্ৰ বঙাইগাঁও জিলাখনত সকলো ধৰণৰ সুৰা, গুটখা, ধপাত আদি নিচা জাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও যিকোনো ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা কাৰ্যৰ ওপৰতো বাধা নিষেধ কৰা হৈছে । এই নিৰ্দেশ অমান্য কৰা ব্যক্তিৰ বিপৰীতে কোভিড-১৯ ৰ বিধি অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা প্ৰশানৰ নিৰ্দেশটোত উল্লেখ কৰা হৈছে ৷

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article