By
NEWS 4 BONGAIGAON
Thursday, April 16, 2020
👉বঙাইগাঁৱৰ ব্ৰু-বেকচ্ কেফে এণ্ড ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰী ৰিডুন ৰমন খাৰঘৰীয়াৰ মহানুভৱতা
👉বস্তি অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী
বঙাইগাঁওঃ ১৬ এপ্ৰিলঃ
সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কোৰোনা মহামাৰীৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ ফলত শ্ৰমজীৱী লোকসকলৰ লগতে আৰ্থিকভাৱে দুৰ্বল লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত তীব্ৰ নাটনিৰ সন্মুখীন হৈছে৷ এনে সময়তে তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে বঙাইগাঁৱৰ ব্ৰু-বেকচ্ কেফে এণ্ড ৰেষ্টুৰেন্ট খনৰ স্বত্বাধিকাৰী ৰিডুন ৰমন খাৰঘৰীয়া ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ব্ৰু-বেকচ্ কেফে এণ্ড ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী ৰিডুন ৰমন খাৰঘৰীয়াই এই পদক্ষেপ গ্ৰহণ কৰে৷
বঙাইগাঁও আৰক্ষী প্ৰশাসনৰ সহযোগত তেওঁ নিউ বঙাইগাঁও ৰে'লৱে জংচনৰ সমীপৰ বস্তি অঞ্চলত ভালে সংখ্যক দৰিদ্ৰ পৰিয়ালক চাউল, আটা, মুড়ি, নিমখ, আলু, বিলাহী, বিস্কুট আদি বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰে। এই সংকটৰ সময়ত জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে ব্ৰু-বেকচ্ কেফে এণ্ড ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী ৰিডুন ৰমন খাৰঘৰীয়াই সহায় কৰিবলৈ লোৱা এনে প্ৰচেষ্টাক অঞ্চল বাসীয়ে শলাগ লয় আৰু এক আদৰণীয় কাৰ্য হিচাপে সকলোৰে মাজত বিৱেচিত হৈছে ।
0 Response to " "
Post a Comment