Wednesday, April 29, 2020
Comment
বঙাইগাঁও জিলাৰ কিশোৰীৰ দেহত ধৰা পৰিল কোভিড-১৯
চাপৰৰ ককাক জামালুদ্দিনৰ সংস্পৰ্শলৈ আছিল আক্ৰান্ত নাতিনীয়েক
চিকিৎসাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ
পৰিয়ালৰ আন পাঁচ সদস্যক ৰখা হ'ল আছুতীয়া কক্ষত
বঙাইগাঁওঃ ২৮ এপ্ৰিলঃ
🔯গ্ৰীণ জ'নত অন্তৰ্ভুক্ত হৈ থকা বঙাইগাঁও জিলাৰ এগৰাকী কিশোৰী অৱশেষত আজি কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰিয়ে এতিয়া জিলাবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷ কোভিড-১৯ ত আক্ৰান্ত কিশোৰীগৰাকী জিলাখনৰ মাণিকপুৰ থানাৰ অন্তৰ্গত শালমাৰা গাঁৱৰ আফিয়া তাবাচুম( ১৬) বুলি জানিব পৰা গৈছে ৷ কিশোৰীগৰাকীৰ পূৰ্বে দুবাৰকৈ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল যদিও তৃতীয়বাৰৰ নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে ৷ উল্লেখ্য যে আক্ৰান্ত কিশোৰীগৰাকী ইতিমধ্যে কোভিড- ১৯ ত আক্ৰান্ত ধুবুৰী জিলাৰ চাপৰৰ নিজামুদ্দিন মাৰ্কাজ ফেৰৎ জামালুদ্দিন হাজীৰ নাতিনী বুলি জানিব পৰা হৈছে ৷ কিশোৰীগৰাকী ককাক জামালুদ্দিনৰ সংস্পৰ্শলৈ আহিছিল ৷ আনকি কিশোৰীগৰাকীৰ পিতৃ-মাতৃসহ বাকী সদস্যসকলো জামালুদ্দিনৰ সংস্পৰ্শলৈ আহিছিল ৷ যাৰ বাবে মাণিকপুৰ শালমাৰৰ আমিৰ হুছেইন মৌলবীৰ ছয়জনীয়া পৰিয়ালটোক জিলা স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইনত ৰাখিছিল ৷ চাপৰৰ জামালুদ্দিন হাজী শালমাৰাৰ আমিৰ হুছেইন মৌলবীৰ পত্নী মালেকা খাতুনৰ পিতৃ হোৱাৰ সূত্ৰে তেওঁৰ শহুৰেক হয় ৷ সেয়ে নিজামুদ্দিনৰ পৰা অহা পিতৃৰ খবৰ লবলৈ বুলি তেওঁৰ পত্নীসহ পৰিয়ালটো ১৯ মাৰ্চত চাপৰলৈ গৈছিল ৷ পিছত ২৪ মাৰ্চত আমিৰ হুছেইন মৌলবীয়ে নিজে চাপৰলৈ গৈ পত্নীসহ পৰিয়ালটোক ঘৰলৈ লৈ আহিছিল ৷ কিন্তু ৭ এপ্ৰিলত চাপৰৰ জামালুদ্দিনৰ দেহত কোভিড- ১৯ ধৰা পৰাৰ লগে লগে বঙাইগাঁও জিলাতো হাহাকাৰ লাগে ৷ কাৰণ জামালুদ্দিনে ১৮ মাৰ্চত চৰ্দি- জ্বৰ হৈ থকাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এজন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিছিল ৷
ফলত জামালুদ্দিনৰ সংস্পৰ্শলৈ অহা চিকিৎসালয়খনৰ চিকিৎসকগৰাকীৰ লগতে উক্তদিনা তেওঁৰ সংস্পৰ্শলৈ অহা ১৭ জন ব্যক্তিৰ লগতে মাণিকপুৰৰ শালমাৰাৰ এই আমিৰ হুছেইন মৌলবীৰ পৰিয়ালৰ ছয়জন , গাৰো দোকান অঞ্চলৰ তিনিজন আৰু বিদ্যাপুৰ শিঙিমাৰীত শহুৰেকৰ ঘৰত থকা জামালুদ্দিনৰ পুত্ৰ জব্বাৰ আলীসহ পৰিয়ালটোৰ সাতজন সদস্যকে ধৰি মুঠ ৩৩ জন ব্যক্তিক আছুতীয়াকৈ ৰাখিছিল স্বাস্থ্য বিভাগে ৷ পিছত এইসকল ব্যক্তিৰ নমুনাৰ ফলাফল নিগেটিভ আহিছিল বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছিল ৷ মাণিকপুৰ শালমাৰাৰ আমিৰ হুছেইন মৌলবীৰ ছয়জনীয়া পৰিয়ালটোৰ সদস্যসকলক ৭ এপ্ৰিলত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ আনি আছুতীয়া কক্ষত ৰখাৰ লগতে সদস্যসকলৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল স্বাস্থ্য বিভাগে ৷ আমিৰ হুছেইনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ বাবে ১১ এপ্ৰিলত ঘৰলৈ আহিবলৈ দিছিল আৰু হোম কোৱাৰেণ্টাইনত আছিল ৷ পুনৰ ২৪ আৰু ২৫ এপ্ৰিলত পৰীক্ষা কৰাৰ বাবে চিকিৎসালয়লৈ লৈ গৈছিল আৰু ঘৰত আনি থৈ গৈছিল ৷ আমি বৰ্তমানো ঘৰতে আছো ৷ কিন্তু আজি আমাক ফোনযোগে জানিবলৈ দিছে যে মোৰ কন্যাৰ ফলাফল পজিটিভ আহিছে আৰু আমাক বঙাইগাঁও অসামৰিক চিৎসালয়লৈ লৈ যাব আৰু কন্যাক গুৱাহাটীলৈ নিব ৷ যাব বাবে আমাক সাজু হ'বলৈ কৈছে ৷
ইপিনে এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই সংবাদ মাধ্যমৰ আগত কয় যে চাপৰৰ জামালুদ্দিন নামৰ যিজন ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত হৈছিল ,সেই ব্যক্তিজনক সাক্ষাৎ কৰিবলৈ যোৱা বঙাইগাঁও জিলাৰ এই পৰিয়ালটো হোম কোৱাৰেণ্টাইনত আছিল ৷ পৰিয়ালটোৰ সদস্যসকলৰ নমুনাৰ প্ৰথম আৰু দ্বিতীয়বাৰৰ ফলাফল নিগেটিভ আছিল ৷ কিন্তু ১৭ দিনৰ দিনা পুনৰ পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছিল ৷ এই পৰীক্ষাৰ ফলাফল কিশোৰীগৰাকী নিগেটিভ আহিছে ৷ সেয়ে এতিয়া চিকিৎসাৰ বাবে কিশোৰীগৰাকীক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল ( এম এম চি এইচ) লৈ প্ৰেৰণ কৰা হ'ব আৰু পৰিয়ালৰ বাকী সদস্যসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হ'ব ৷ উল্লেখ্য যে কিশোৰীগৰাকী চাপৰৰ ককাক জামালুদ্দিনৰ সংস্পৰ্কলৈ অহা প্ৰায় ৩৫ দিন মান হৈছে আৰু ১৭ দিনীয়া কোৱাৰেণ্টাইনো শেষ হৈছে ৷ সেয়ে সমগ্ৰ দিশটো পুনৰ চালিজাৰি চাব লাগিব ৷ জিলা উপায়ুক্তগৰাকীয়ে কয় যে জিলাখন গ্ৰীণ জ'নত আছিল যদিও কোভিড-১৯ ৰোগত আক্ৰান্ত ৰোগী ধৰা পৰাত ৰেড জ'নত পৰিব ৷ আনহাতে পৰিয়ালটোৰ সংস্পৰ্শলৈ গাঁৱৰ কোনোবা ব্যক্তি আহিছিল নেকি সেই দিশটো চোৱা হ'ব আৰু গাঁওখন ছীল কৰি দিয়া হ'ব ৷ লগতে লকডাউন ছীল কৰা অঞ্চলবোৰত শিথিল কৰা নহ'ব বুলিও কয় ৷ উল্ললেখ্য যে ইতিমধ্যে কোভিড-১৯ ত আক্ৰান্ত কিশোৰীগৰাকীক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰাৰ বিপৰীতে কিশোৰীগৰাকীৰ পিতৃ- মাতৃসহ পৰিয়ালটোৰ আন পাঁচজন সদস্যক বঙাইগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হৈছে ৷🔯
0 Response to " "
Post a Comment