Saturday, April 18, 2020
Comment
👉বঙাইগাঁৱত ৰে'লৱে মজদুৰ ইউনিয়নৰ দ্বাৰা চাৰিশ গৃহকৰ্মী পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
বঙাইগাঁওঃ১৭ এপ্ৰিলঃ
👉দেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও আৰু ৰানিং শাখাই যুটীয়াভাবে আজি বঙাইগাঁৱত প্ৰায় ৪০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ এই সন্দৰ্ভত সংগঠনটোৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাসে কয় যে মজদুৰ ইউনিয়নৰ বঙাইগাঁও আৰু ৰানিং শাখাই যৌথভাবে প্ৰথম পৰ্যায়ত দুদিনত প্ৰায় ১০০০ পৰিয়ালক সাহাৰ্য হিচাপে খাদ্য সামগ্ৰী আগঢ়াব ৷
খাদ্য সামগ্ৰী আগবঢ়াবলৈ আমি বঙাইগাঁও চহৰৰ প্ৰায় ১০০০ গৃহকৰ্মীক বাচি লৈছো, যিসকলে আন মানুহৰ ঘৰত কাম কৰি জীৱিকা -নিৰ্বাহ কৰি আছে ৷ অৰ্থনৈতিকভাৱে এওঁলোক সমাজৰ আটাইতকৈ পিছপৰা শ্ৰেণীৰ লোক ৷ এওঁলোকৰ লগতে আন কিছু দৰিদ্ৰ পৰিয়ালকো সাহায্য আগবঢ়োৱা হ'ব ৷ আমাৰ দ্বিতীয় পৰ্যায়ত আমি একেধৰণে সাহাৰ্য আগবঢ়াম ৷ এই সাহাৰ্য বিতৰণ অনুষ্ঠানত ড° পি কে ধৰ , নীলিমা বিশ্বাস, তন্ময় শক্তি ৰাহা , জগদীশ ভট্টাচাৰ্য , সুৰজিত সাহাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

0 Response to " "
Post a Comment