Saturday, April 18, 2020
Comment
👉বঙাইগাৱঁত এম্বুলেঞ্চ চালকৰ মহানুভৱতা
👉লকডাউনৰ সময়ত গাৱঁৰ ৩০ টাকৈ পৰিয়ালক বিতৰণ কৰিলে খাদ্যসামগ্ৰী
বঙাইগাওঁঃ ১৮ এপ্ৰিলঃ
🔯#বিশ্বত মহামাৰী কোৰোনা ভাইৰাছৰ ত্ৰাস ৷ দেশত চলিছে দীৰ্ঘদিনীয়া লকডাউন৷ লকডাউনৰ বাবে সাধাৰণ তথা নিম্নবিত্ত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ বিশেষকৈ দৈনিক হাজিৰা - মজুৰি কৰি পৰিয়াল চলোৱাসকলৰ বাবে অসুবিধা হৈ পৰিছে৷ কোৰোনা মহামাৰীৰ এই বিপদৰ সময়ত সাধাৰণ ৰাইজৰ কাষত থিয় দিছে এগৰাকী অসাধাৰণ এম্বুলেঞ্চ চালক৷ অসমীয়াৰ হেপাহঁৰ ৰঙালী বিহু চলি থকাৰ মাজতে আজি বঙাইগাঁও চহৰৰ পুৰণি বঙাইগাৱঁৰ বাসিন্দা তথা এম্বুলেঞ্চ চালক অনিল চৌধুৰী নামৰ এইগৰাকী মানৱদৰদীয়ে সাধাৰণ লোকৰ বাবে চিন্তা কৰিছে ৷ উল্লেখ্য যে নিজে এম্বুলেঞ্চ চলাই পৰিয়াল পোহ- পাল দিয়ে যদিও বিপদৰ সময়ত গাৱঁৰ সৰ্বসাধাৰণ লোকসকলৰ বাবে এমুঠি খাদ্য যোগানৰ চিন্তা কৰি নিজ ঘৰলৈ মাতি আনি গাঁওখনৰ মুঠ ৩০ টা পৰিয়ালক ২ কিলোকৈ আলু , ১ কিলোকৈ পিয়াঁজ , আধা কিলোকৈ দাইল, ৫০০ গ্ৰামকৈ মিঠা তেল, এটাকৈ ৰঙা লাউ, চাবোনৰ লগতে অন্যান্য খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ উল্লেখ্য যে বিহুৰ বতৰৰ বাবে প্ৰতিগৰাকী লোকক পিঠা -পনাৰে আপ্যায়ণ কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে এই গৰাকী এম্বুলেঞ্চ চালকে৷ এম্বুলেঞ্চ চালক অনিল চৌধুৰীৰ এই মহানুভৱতাক ৰাইজে শলাগ লৈছে ৷
0 Response to " "
Post a Comment