-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
কোভিড-১৯ ত আক্ৰান্ত বঙাইগাঁও জিলাৰ কিশোৰী

জিলা প্ৰশাসনে ছীল কৰি দিলে শালমাৰা গাঁৱখনক কেন্দ্ৰ কৰি তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভৌগোলিক এলেকা 

🔯২৮ এপ্ৰিলঃ

বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত শালমাৰা গাঁৱৰ এগৰাকী কিশোৰীৰ দেহত কোভিড- ১৯ ৰোগ ধৰা পৰাৰ পিছতে বঙাইগাঁও জিলা প্ৰশাসন অধিক সতৰ্ক হৈ পৰিছে ৷ বঙাইগাঁও জিলা প্ৰশাসনে ইতিমধ্যে ছীল কৰি দিছে জিলাখনৰ উক্ত গাঁওখন ৷ জিলা প্ৰশাসনে  মাণিকপুৰ ৰাজহ চক্ৰৰ অধীনৰ শালমাৰা গাঁওখনক কেন্দ্ৰ কৰিলৈ চাৰিওদিশে  গাঁওখনৰ সৈতে লাগি থকা সীমান্তৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভৌগোলিক এলেকা সামৰি ছীল কৰি দিছে ৷ সেই অনুসৰি ছীল কৰা অংশবোৰ হ'ল উত্তৰে গাওঁখনৰ সীমান্তৱৰ্তী ধুপুৰী প্ৰথম খণ্ড, দক্ষিণ সীমান্তৰ ভাটিপাৰা , পূব সীমান্তৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাৰোলেটি অংশ আৰু পশ্চিম সীমান্তৰ ২ নং চুপাৰীগুৰি এলেকা  ৷ এই এলেকাবোৰত আন ঠাইৰ পৰা লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৷ সেইদৰে এই এলেকাৰ পৰা কোনো লোকে প্ৰশাসনৰ অনুমতি অবিহনে আন ঠাইলৈও যাব নোৱাৰিব ৷ ছীল কৰা এলেকাবোৰত যান-বাহন চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ অৱশ্যে জৰুৰী চিকিৎসা সেৱা আৰু বিশেষ প্ৰয়োজনীয়তাৰ বাবে ৰেহাই দিয়া হৈছে যদিও এইক্ষেত্ৰতো কঠোৰভাৱে মানি চলিব লাগিব চৰকাৰী নীতি- নিৰ্দেশনা। যিমান দিনলৈ এই এলেকাসমূহ কোভিড-১৯ মুক্ত ঘোষণা কৰা নহয়, সিমান দিনলৈ উক্ত এলেকাৰ কোনো ৰাজহুৱা স্থান, ব্যক্তিগত প্ৰতিষ্ঠানত সমাৱেশ, সভা- সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই এলেকাসমূহৰ প্ৰতি গৰাকী ব্যক্তিয়ে সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত সকলো বিধি আৰু অন্যান্য দিশসমূহ কঠোৰভাবে পালন কৰিব লাগিব । এই নিষেধাজ্ঞা আসাম কোভিড-১৯ বিধান ২০২০ অনুসৰি কৰা জাৰি  কৰা হৈছে আৰু পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত উক্ত এলেকাসমূহত বাহাল থাকিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে ৷

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article