-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉#চাপৰৰ জামালুদ্দিনৰ সংস্পৰ্শলৈ অহা বঙাইগাঁও  জিলাৰ ৩৩ জন ব্যক্তিৰ নমুনাৰ ৰিজাল্ট আহিল নিগেটিভ



                      
                                🔯বঙাইগাঁও ১২ এপ্ৰিলঃ

 #নিজামুদ্দিন মাৰ্কাজ ফেৰৎ ধুবুৰী জিলাৰ চাপৰৰ জামালুদ্দিন নামৰ কোভিড-১৯ ৰোগত আক্ৰান্ত ব্যক্তিজনৰ সৈতে বিভিন্ন প্ৰকাৰে  সংস্পৰ্শলৈ অহা বঙাইগাঁও জিলাৰ সন্দেহজনক ৩৩ জন ব্যক্তিৰ  নমুনাৰ ৰিজাল্ট নিগেটিভ অহা বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে ৷ উল্লেখ্য যে জামালুদ্দিন নামৰ ব্যক্তিজনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতে ব্যক্তিজনে প্ৰাৰম্ভিক পৰ্যায়ত  বঙাইগাঁও  জিলাৰো বিভিন্ন স্থান ভ্ৰমণ কৰাৰ লগতে বিভিন্নজনৰ সংস্পৰ্শলৈ  অহাৰ তথ্য প্ৰকাশ পাইছিল ৷ যাৰ বাবে জিলাখনতো এক আতংকময়  পৰিস্থিতিৰ সৃষ্টি হয় ৷ কিন্তু বঙাইগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য  বিভাগে ৰোগীজনৰ ভ্ৰমণৰ তথ্যসমূহ আহৰণ কৰে আৰু ৰোগীজনৰ  সংস্পৰ্শলৈ অহা জিলাখনৰ এগৰাকী চিকিৎসককে ধৰি ৩৩ জন  ব্যক্তিক আছুতীয়াকৈ ৰাখি এই ব্যক্তিসকলৰ নমুনা সংগ্ৰহ কৰি  পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইতিমধ্যে আটাইকেইজন ব্যক্তিৰ ৰিজাল্ট  আহি পাইছে আৰু ৰিজাল্ট  নিগেটিভ অহা  বুলি স্বাস্থ্য বিভাগে  জানিবলৈ দিছে ৷ উল্লেখ্য যে ব্যক্তিজনৰ  কোভিড-১৯ ৰ লক্ষণ দেখা  দিয়াত প্ৰথমে ১৮ মাৰ্চত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ আহে ।  তাত এগৰাকী  চিকিৎসকৰ পৰামৰ্শলৈ দুপৰীয়া পুনৰ নিজা গাড়ীৰে  চাপৰৰ ঘৰলৈ উভতি যায় । বঙাইগাঁও অসামৰিক চিকিৎসালয়ত  তেওঁ  টিকত কাউণ্টাৰ, চকু, নাক,কাণ বহিঃবিভাগ , সাধাৰণ  পৰীক্ষাগাৰ , হিন্দলেৱ পৰীক্ষাগাৰ, চিকিৎসালয়ৰ ফাৰ্মাচী, আইচিটিচি আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা ফাৰ্মাচীলৈও গৈছিল । ইয়াৰ পাছত যোৱা ৭ এপ্ৰিলত তেওঁ কোভিড-১৯ ত আক্ৰান্ত  হোৱাটো নিশ্চিত হয় । ইয়াৰ পিছতে ৰোগীজনৰ সংস্পৰ্শলৈ অহা  বঙাইগাঁও জিলাৰ অসামৰিক চিকিৎসালয়খনৰ চিকিৎসকগৰাকীৰ  লগতে মুঠ ৩৩ জন ব্যক্তিক  আছুতীয়াকৈ ৰখা হয় ৷ ইপিনে ৰোগীজনৰ সংস্পৰ্শলৈ অহা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ঋৌচিকিৎসকগৰাকীৰ নমুনাৰ ৰিজাল্ট ইতিমধ্যে নিগেটিভ অহিছিল আৰু বাকীসকলোৰো নিগেটিভ অহা বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে ৷ ইপিনে জিলা প্ৰশাসনে চাপৰৰ জামালুদ্দিন নামৰ ৰোগীজন বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঝাউকুড়া প্ৰথম খণ্ডৰ মছজিদলৈ অহাৰ তথ্য লাভ কৰাৰ পিছতে বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিখন ৰাজহ গাঁও ছীল কৰি দিছে ৷ উল্লেখ্য যে কোভিড- ১৯ ত আক্ৰান্ত হোৱা জামালুদ্দিন ধুবুৰী জিলাৰ চাপৰৰ বাসিন্দা হোৱাত তথা চাপৰ বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী হোৱাৰ লগতে ঝাউকুড়া প্ৰথম খণ্ডৰ মছজিদত আহিছিল বাবে সমগ্ৰ অঞ্চলটোৰ বিভিন্নজন ব্যক্তি সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰি  জিলা প্ৰশাসনে ৰাজহ গাঁও তিনিখন ছীল কৰি দিছে ৷ জিলা প্ৰশাসনে গাঁও তিনিখনৰ চাৰিওদিশে ধুবুৰী জিলাৰ সৈতে লাগি থকা সীমান্তৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভৌগোলিক এলেকা সামৰি ছীল কৰি দিছে ৷ সেই অনুসৰি ছীল কৰা অংশবোৰ হ'ল উত্তৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ঝাউকুড়া প্ৰথম খণ্ড, দক্ষিণ সীমান্তৰ ঝাউকুড়া দ্বিতীয় খণ্ড আৰু খেলুৱাপাৰা সপ্তম খণ্ড, পূব সীমান্তৰ খেলুৱাপাৰা সপ্তম খণ্ড আৰু পশ্চিম সীমান্তৰ ঝাউকুড়া প্ৰথম  আৰু দ্বিতীয় খণ্ড এলেকা ৷ ইতিমধ্যে ছীল কৰা সমগ্ৰ এলেকাটোৰ পাঁচ শতাধিক লোকৰ ঘৰে ঘৰে গৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোকে ৰোগীজনৰ সংস্পৰ্শলৈ অহা লোকসকলৰ তথ্য আহৰণ কৰি আছে ৷ উল্লেখ্য যে বঙাইগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সমগ্ৰ বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে আৰু ৰোগীজনে বঙাইগাঁও জিলাত কৰা ভ্ৰমণৰ সময়ত যদি কোনো ব্যক্তি তেওঁৰ প্ৰত্যক্ষ সম্পৰ্কলৈ আহিছে ,তেতিয়াহ'লে সেই ব্যক্তিসকলক বঙাইগাঁও জিলা কোভিড- ১৯ নিয়ন্ৰণ কক্ষৰ ৭০৮৬৭৯৩৫০৭ মোৱাইল নম্বৰ অথবা ০৩৬৬৪ ২৩১১৭১ ফোন নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে ৷ 


0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article