Tuesday, May 5, 2020
Comment
👉বঙাইগাঁৱত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
👉নমুনাৰ ফলাফল নিগেটিভ আহিলে ১১ মে'ৰ পিছত বঙাইগাঁও জিলাৰ স্থিতি পুনৰ বিৱেচনা কৰা হ'ব
👉চিকিৎসক ইছলামৰ ব্যৱহাৰতো মই ভাল পোৱা নাই
👉চিকিৎসক ইছলামৰ ব্যৱহাৰতো মই ভাল পোৱা নাই
বঙাইগাঁওঃ৪ মেঃ
🔯বঙাইগাঁও জিলাত শেহতীয়াকৈ পাঁচজনকৈ ব্যক্ত কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱাৰ পিছত জিলাবাসীৰ মাজত আতংকই বিৰাজ কৰি আছে ৷ ইয়াৰ মাজতে আজি ৰাজ্যৰ স্বাস্থ্য, বিত্ত তথা শিক্ষামন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে দ্বিতীয় বাৰৰ বাবে বঙাইগাঁও জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰাৰ বাবে বঙাইগাঁৱত উপস্থিত হয় ৷ স্বাস্থ্যমন্ত্ৰীগৰাকী জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী ফনীভুষণ চৌধুৰী, জিলা উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ বিষষাসকলৰ সৈতে পোনে পোনে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ কোৱাৰেণ্টাইন ব্যৱস্থাৰ সুবিধাৰ লগতে বিভিন্ন দিশৰ বুজ লয় ৷ ইয়াৰ পিছতে বৰপাৰা ছহিদ বেদীৰ বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য়ালয় চৌহদ অৰ্থাৎ পুৰণি হাস্পতাল চৌহদৰ কণ্টেইনমেণ্ট জ'নসহ চহৰখনত থকা দুটাকৈ কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন কৰি বিধি- ব্যৱস্থাসমূহ ঠিক মতে কাৰ্যকৰী কৰা হৈছে নে নাই তাৰ বুজ লয় ৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকী জিলা উপায়ুক্ত কাৰ্যালয় উপস্থিত হৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে শেহতীয়া পৰিস্থিতিত গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত পৰ্যালোচনা কৰে ৷ পৰ্যালোচনা সভাত মন্ত্ৰী ফনীভূষণ চৌধুৰী ,মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষীপ্ৰিয়া, জিলা আৰক্ষী অধীক্ষক সিংহৰাম মিলিৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷
পৰ্যালোচনা সভাৰ পিছতে মন্ত্ৰীগৰাকীয়ে এক সংবাদ মেলো সম্বোধন কৰে ৷ সংবাদ মেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি মই বঙাইগাঁও জিলাত মন্ত্ৰী ফনীভূষণ চৌধুৰী আৰু ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত আহিছিলো ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি কোৱাৰেণ্টাইন সুবিধা আৰু বঙাইগাঁও চহৰত থকা কণ্টেইনমেণ্ট জ'ন দুটাও আমি চালো ৷ বঙাইগাঁও জিলাত যি পাঁচজন ব্যক্তিৰ দেহত কোভিন- ১৯ পজিটিভ ধৰা পৰিছিল সেই ব্যক্তিকেইজনৰ সংস্পৰ্শলৈ অহা প্ৰায় আঢ়ৈশতকৈ অধিক ব্যক্তিক আমি ইয়াতে কোৱাৰেণ্টাইন কৰিছো ৷ পাঁচশ ব্যক্তিক আমি হোম কোৱাৰেণ্টাইন কৰিছো ৷ যিসকল ব্যক্তিক ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰা হৈছে তেওঁলোকৰ সকলোৰে পৰীক্ষাৰ বাবে নমুনা লোৱা হৈছে ৷ তেওঁলোকৰ নমুনাৰ ফলাফল যদি নিগেটিভ আহে, তেতিয়াহলে ১১ মে'ৰ পিছত আমি বঙাইগাঁও জিলাৰ স্থিতি পুনৰ বিৱেচনা কৰিব পাৰিম ৷ কিন্তু যদিহে এই নমুনাৰ ফলাফলত আৰু কাৰোবাৰ পজিটিভ আহে ,তেতিয়াহলে আমি বিষষটো বেলগ ধৰণে ল'ব পাৰিম ৷ কিন্তু এতিয়ালৈকে জিলা প্ৰশাসনে যিখিনি ব্যৱস্থা লৈছে সেইখিনি ঠিকে আছে ৷ কণ্টেইনমেণ্ট জ'নত কেনেকে খোৱা বস্তু পঠিওৱা হৈছে ,মানুহ যে বাহিৰলৈ ওলাই আহি বিভিন্নজনৰ সৈতে মিলা- মিচা কৰা নাই গোটেইখিনি মই নিজেই চালো ৷ ঠিকে আছে আৰু মই ভাবো যে আমি যদি এই ধৰণে শৃংখলা মানি চলো, তেতিয়াহলে আমি হয়তো সাম্ভাব্য দূৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম ৷
মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান যি নমুনা পৰীক্ষা ফলাফল হ'ব সেইটো হ'ব মাজ সময়ত ( ইণ্টেৰিম) কৰা পৰীক্ষাৰ ফলাফল ৷ এই ফলাফলৰ পিছত আৰু কাৰোবাক কোৱাৰেণ্টাইন কৰিব লাগে নেকি সেয়া জানিব পাৰিব ৷ কিন্তু যিটো একেবাৰে চূড়ান্ত ফলাফল হ'ব সেইটো আমি অহা ১০ মে'ত লম ৷ তাৰ পিছত ১১ বা ১২ মে'ত আমি তাৰ ফলাফল পাম ৷ কিন্তু ইয়াৰ মাজতে বঙাইগাঁও চহৰৰ পেট্ৰোল আৰু ডিজেল ডিপোসমূহ আৰু শাক- পাচলি অহাৰ ব্যৱস্থাখিনি কৰিবলৈ মই জিলা উপায়ুক্তক কৈছো ৷ এইখিনি কৰি থাকিব পাৰিব যাতে মানুহৰ অত্যাৱশ্যকীয় সেৱা ব্যাঘাত নহয় ৷ পেট্ৰোল- ডিজেল ডিপো,এম্বুলেঞ্চ,শাক- পাচলিকে ধৰি অত্যাৱশ্যকীয় সেৱাখিনি যাতে অব্যাহত থাকে তাৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তগৰাকীক কোৱা বুলিও কয় আৰু সেইখিনি খোলা ৰাখিব পাৰিব ৷ ইপিনে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও জিলাৰ যি পাঁচজন ব্যক্তি কোভিড- ১৯ ত আক্ৰান্ত হৈছে তাৰ ভিতৰত জিলাখনৰ মাণিকপুৰ থানাৰ অন্তৰ্গত শালমাৰা গাঁৱৰ ১৬ বছৰীয়া আফিয়া তাবাছুম নামৰ কিশোৰীগৰাকী বৰ্তমান সুস্থ বুলি কৈ দেওবাৰে যি নমুনাৰ ফলাফল আহিছে সেয়া নিগেটিভ আহিছে বুলিও কয় ৷ কিন্তু নিগেটিভ আহিলেও আমি ১০ মেলৈকে অপেক্ষা কৰিব লাগিব ৷ আনহাতে যিগৰাকী ৬০ বছৰীয়া মহিলা ( মীনা বিশ্বকৰ্মা) ৰোগী আছে তেওঁ বুকুৰ অলপ অসুবিধাত ভুগী আছে ৷ বাকীকেইজন ৰোগী সুস্থ আছে ৷
তেওঁ অহা ১০ মেলৈকে বঙাইগাঁৱত উদ্যোগিক কাম- কাজ বন্ধ থাকিব বুলিও কয় ৷ ১০ মেলৈকে বঙাইগাঁৱত তেল ডিপো খোলা থাকিব ,খাদ্য সামগ্ৰীৰ যোগান অব্যাহত থাকিব আৰু দুই এটা বানপানীৰ লগত জড়িত নলা আদিৰ কাম চলিব ৷ বাকী সকলো বন্ধ থাকিব ৷ একেদৰে বঙাইগাঁৱৰ ব্যক্তি চাৰিজন কোভিড-১৯ ত কেনেকৈ আক্ৰান্ত হ'ল সেই বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ব্যক্তিকেইজন কেনেকৈ আক্ৰান্ত হ'ল সেই বিষয়েতো বিভিন্ন ধৰণৰ কথা আৰু বিভিন্ন ধৰণৰ আলোচনা হৈয়ে আছে ৷ বহুত ক্ষেত্ৰত সংক্ৰমণৰ তথ্য উলিওৱা অসুবিধা হয় ৷ যেনে গুৱাহাটীত আমি এজন - দুজনৰ সংক্ৰমণৰ কাৰণ এতিয়াও উলিয়াব পৰা নাই ৷ কিন্তু বঙাইগাঁৱত এই সকলৰ নমুনাৰ পৰীক্ষাৰ ফলাফলখিনি আহিলে আমি গম পাম যে কাৰ লগত কি যোগসূত্ৰ ( লিংক) আছে ৷ কিন্তু যিগৰাকী কিশোৰী আক্ৰান্ত হৈছে তেওঁতো তেওঁৰ ককাকৰ পৰিয়ালৰ সংস্পৰ্শলৈ অহাৰ বাবেই আক্ৰান্ত হোৱাতো নিশ্চিত হৈছে ৷ বাকী চাৰিগৰাকীৰ সংক্ৰমণৰ বিভিন্ন ধৰণৰ কথা ইয়াতো আলোচনা হৈ আছে ৷ গতিকে নমুনাৰ ফলাফল আহক ৷
ইপিনে বঙাইগাঁও খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক এম এম ইছলামৰ বিৰুদ্ধে উঠা বিভিন্ন অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত্তোৰত মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বিতৰ্কিত হয় নে নহয় মই নাজানো ৷ কিন্তু প্ৰথম দিনা তেওঁ জানি বুজি মোক কিয় কোৱাৰেণ্টাইন কৰিলে বুলি যিটো হুলুস্থুল কৰিলে সেইটো তেওঁ এজন চিকিৎসক হিচাপে কৰিব নালাগিছিল ৷ কাৰণ যিটো সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰেণ্টাইন হৈছে ৷ গতিকে এইটো জনস্বাস্থ্যৰ কথা ৷ আজি মোৰো যদি কিবা হয় ,তেতিয়াহলে মইতো কাজিয়া পেচাল নকৰো ৷ মই এই মাত্ৰ উপায়ুক্তৰ সৈতে বহি গৈছো ৷ কালি যদি উপায়ুক্তগৰাকী কোভিড- ১৯ পজিটিভ হয় তেতিয়াহলে মইতো কোৱাৰেণ্টাইনত যাবই লাগিব ৷ সেইটোলৈ হুলুস্থুল কৰি বেয়া পাবলগীয়া কি কথা আছে ৷ গতিকে তেঁৱৰ ব্যৱহাৰটো মই ভাল পোৱা নাই ৷ বাকী যি কথা আছে সেয়া পাছত চাম ৷ আনহাতে মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত কয় যে ঘৰত পাঁচবছৰীয়া সন্তান থাকিলে চাকৰিয়াল মাতৃগৰাকী কৰ্তব্যস্থলীলৈ আহিব নালাগে বুলি দেওবাৰে কৈছিলো ৷ এই কথাটোকলৈ মানুহৰ মনত অলপ সন্দেহৰ অৱকাশ থাকি গ'ল ৷ কিন্তু কথা হ'ল স্বাস্থ্য বিভাগত এইটো প্ৰযোজ্য নহ'ব ৷ আৰক্ষীৰ ক্ষেত্ৰতো প্ৰযোজ্য নহ'ব ৷ অৰ্থাৎ জৰুৰীকালীন সেৱাৰ লগত জড়িত চাকৰিয়ালসকলৰ যদি ঘৰত পাঁচ বছৰীয়া সন্তান থাকে তথাপিতো তেওঁলোক কৰ্মস্থলীলৈ আহিব লাগিব ৷ বাকীসকলৰ ক্ষেত্ৰতহে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব ৷ কিন্তু আৰক্ষী বিভাগৰ আৰক্ষী ,স্বাস্থ্য বিভাগৰ নাৰ্চ ,চিকিৎসক আদি জৰুৰীকালীন সেৱাৰ লগত জড়িতসকলৰ ঘৰত পাঁচ বছৰীয়া সন্তান থাকিলেও তেওঁলোক কৰ্মস্থলীত আহিব লাগিব ৷
সংবাদ মেলত সাংবাদিকে দেওবাৰে চাপৰৰ এটি তিনি মহীয়া শিশুক বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে চিকিৎসা প্ৰদান নকৰাৰ ফলত চিকিৎসাৰ অভৱত মত্যু হোৱা বিষয়টো সন্দৰ্ভত মন্ত্ৰীগৰাকীক দৃষ্টিগোচৰ কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ নামটোও জড়িত হৈ পৰিছে যদিও প্ৰকৃততে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ শিশুটিক চিকিৎসাৰ বাবে নিয়াই নাছিল ৷ আজি মই বঙাইগাঁও অসামৰিক চিকিৎসালয়ত বিষয়টো ভালকৈ সুধিলো ৷ তেতিয়া তেওঁলোকে কলে যে চিকিৎসালয়খনত শিশুটিক অনাই নাছিল ৷ কেৱল ৰেফাৰ চাৰ্টিফিকেটহে বিচাৰি আছিল ৷ শিশুটিৰ পৰিয়ালৰ লোকসকল ব্যক্তিগত কিৎালয়তে ঘূৰি থাকিল ৷ সেয়ে এই লকডাইনটো মানে অৰেঞ্জ জ'নটো উঠি যোৱাৰ পিছত আমি গুৱাহাটীৰ পৰা বিষয়াসকলক তদন্ত কৰাৰ বাবে পঠাম ৷ কিন্তু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান নকৰা বুলি কথা উঠিছিল ৷ কিন্তু জানিব পৰা মতে চিকিৎসালয়খনত কোভিড- ১৯ ৰোগী থকা বুলি তেওঁলোকে ভয় খাই শিশুটিক চিকিৎসা প্ৰদান কৰিবই নিদিলে ৷ গতিকে দেওবাৰে চিকিৎসালয়খনত চিকিৎসক নাছিল বুলি যি তথা ওলাইছিল সেইটো সত্য নহয় বুলি মই গম পালো ৷ সেইদৰে বিদেশত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক অনাৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি বুলি সাংবাদিকে জানিব বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বিদেশত থকাখিনি ভাৰত চৰকাৰে চাব লাগিব ৷ সিমান দূৰলৈকেতো মোৰো হাত নাযায় ৷ কিন্তু বহিঃ ৰাজ্যৰ পৰা আহি আছে ৷ গুজৰাটৰ পৰা ১০৪ জন আহি আছে ৷ ৰাজস্থানৰ পৰা কিছু আহিব ৷ ভাৰতৰ ভিতৰৰখিনি কিবা কৰিব পাৰো ৷ কিন্তু অসমৰ পৰা যোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই ৷ আজিয়েই যাব পাৰে ৷ কেৱল তেওঁলোকে নিজৰ ঠাইত ফোন কৰিব লাগিব ৷ আমিতো যাবলৈ দিম ৷ কিন্তু যদি যাবলগীয়া ঠাইৰ পৰা অনুমতি পত্ৰ নাথাকে ,তেতিয়াহলে উড়িষ্যাত গৈ আছে যদিও পশ্চিম বংগত অসুবিধা হ'ব পাৰে ৷ সেয়ে যাব বিচৰাসকলে তেওঁলোকৰ ন'ডেল বিষয়াসকলৰ সৈতে যোগাযোগ কৰিলে এখন অনুমতি পত্ৰ পাব ৷ তেতিয়া সেইখন লৈ যাব পাৰিব ৷ অসম চৰকাৰৰ কোনো অনুমতিৰ প্ৰয়োজন নাই ৷ অসমৰ পৰা ওলাই যাবলৈ কোনো অনুমতিৰ প্ৰয়োজন নাই ৷ কিন্তু অসমলৈ সোমাব লাগিলে অনুমতি ল'ব লাগিব ৷

0 Response to " "
Post a Comment