Monday, May 4, 2020
Comment
👉বঙাইগাঁও জিলা উপায়ুক্তৰ সংবাদ মেল
👉মাস্ক অবিহনে গ্ৰাহকে নাপাব সামগ্ৰী,ব্যৱসাইয়েও পিন্ধিব লাগিব মাস্ক
👉বহি:ৰাজ্যৰ পৰা বঙাইগাঁও লৈ আহিব সাত হেজাৰ লোক: স্পৰ্শকাতৰ বিষয়
👉গাঁৱে গাঁৱে হ'ব কোৱাৰেণ্টাইন কেন্দ্ৰ
👉চাৰি কোভিড- ১৯ ৰোগীৰ সংস্পৰ্শলৈ অহা ৪০৩ জনক চিনাক্ত
👉১৪১ জনৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ
বঙাইগাঁওঃ ৩ মেঃ
🔯#বিগত ৩০ এপ্ৰিলত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলাৰ অন্তৰ্গত পৃথক পৃথক চাৰিটা ঠাইৰ পৰা চাৰিজন ব্যক্তিৰ দেহত কোভিড-১৯ ৰোগ ধৰা পৰা বুুুুলি ঘোষণা কৰাৰ পাছত বঙাইগাঁও জিলাত জিলা প্ৰশাসনে কোভিড -১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰী নিৰ্দেশনা কঠোৰ কৰি তুলিছে ৷ জিলা খনত কোভিড ১৯ ৰোগ ধৰা পৰাৰ পিছত সাম্প্ৰতিক পৰিস্থিতিত জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত দেওবাৰে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই এক সংবাদ মেল সম্বোধন কৰে ৷ জিলা উপায়ুক্তই সংবাদ মেলত শেহতীয়া ভাৱে চাৰিজনকৈ লোকৰ গাত কৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ পাছত উল্লিখিত চাৰি লোকৰ সংস্পৰ্শলৈ অহা লোক সকলক চিনাক্ত কৰি হোম কোৱাৰেণ্টাইন আৰু ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰা, নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা আদি বিষয়সমূহ উল্লেখ কৰে ৷ উল্লেখ্য যে এক আৰু দুই মে' ত জিলা সদৰত আইন কঠোৰ কৰি তোলাৰ পাছত আজি সামান্য ভাৱে গেলামাল, ফাৰ্মাচী, সুলভ মূল্যৰ দোকান চাৰি ঘন্টাৰ বাবে খোলাৰ নিৰ্দেশ জাৰি কৰে ৷ ইপিনে জিলা উপায়ুক্তই জানিবলৈ দিয়া মতে বৰ্তমানলৈকে বঙাইগাঁও জিলাৰ চাৰি গৰাকী কোভিড-১৯ ৰোগত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা মুঠ ৪০৩ জন লোকক চিনাক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত অধিক সন্দেহ থকা ১৪১ জন ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ আনহাতে এই চাৰি আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ ভিতৰত ২৬৫ জনক হোম কোৱাৰেন্টাইন আৰু ১৮৩ জন ব্যক্তিক ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰা হৈছে ৷ জিলা খনত বৰ্তমানলৈকে মুঠ ৫৭৩০ জন ব্যক্তিক হোম কোৱাৰেণ্টাইন কৰা হৈছে ৷ উপায়ুক্তগৰাকীয়ে জনোৱা মতে বঙাইগাঁও ছহিদ বেদীৰ কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱা স্বাস্থ্য বিভাগৰ চাফাই কৰ্মী ববিতা বাসফোৰ নামৰ মহিলা গৰাকীৰ সংস্পৰ্শলৈ অহা ১৩২ গৰাকী লোকৰ ভিতৰত ৯৮ জনক হোম কোৱাৰেণ্টাইনত আৰু ৩৪ জনক ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ অভয়াপুৰী আমগুৰীৰ শাক-পাচলি ব্যৱসায়ী দীপক মল্লিকৰ সংস্পৰ্শলৈ অহা ৭২ গৰাকী লোকৰ ভিতৰত ৪৫ জন লোকক হোম কোৱাৰেণ্টাইনত আৰু ২৭ জন লোকক ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ চাপৰাকাটাৰ কোভিড-১৯ ৰোগত আক্ৰান্ত স্বস্থ্য কৰ্মী অনুপম ঠাকুৰীয়াৰ সংস্পৰ্শলৈ অহা ১৬২ জন লোকৰ ভিতৰত ১২২ জন লোকক হোম কোৱাৰেণ্টাইনত আৰু ৮৪ জনক ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ একেদৰে বঙাইগাঁও ভাকাৰিভিটাৰ ১৭ নম্বৰ ৱাৰ্ড নিবাসী মীনা বিশ্বকৰ্মা নামৰ ৰোগী গৰাকীৰ স্পৰ্শলৈ অহা ৩৮ গৰাকী লোকৰ আটাইকে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে ৷
সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে আৰু জানিবলৈ দিয়ে যে জিলাখনৰ প্ৰতিজন ব্যক্তিয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে । লগতে ফাৰ্মাচী, গেলামাল দোকান , সূলভ মূল্যৰ দোকান আদিৰ সন্মূখত হেণ্ড চেনিটাইজাৰ আৰু চাৱোন পানী মজুত ৰখাটো আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈও দোকানৰ স্বত্বাধিকাৰীসকলৰ লগতে পেট্ৰল ডিপো সমূহৰ স্বত্বাধিকাৰী সকলোকো নিৰ্দ্দেশ দিয়া হৈছে । এই নিষেধাজ্ঞা অৱমাননা কৰি চলাচল কৰা ব্যক্তিৰ বিপৰীতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উপায়ুক্ত গৰাকীয়ে জনায় । মাস্ক পৰিধান নকৰা ব্যক্তিয়ে তেল ডিপোসমূহত তেল নোপোৱাৰ লগতে গেলামাল দোকান, ফাৰ্মাচী আদিতো সামগ্ৰী তথা ঔষধ নাপাব ৷ অৰ্থাৎ ক্ৰেতা আৰু বিক্ৰেতা দুয়ো পক্ষই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে ৷ ইয়াৰ উপৰিও উপায়ুক্ত গৰাকীয়ে অৱগত কৰে যে এই দূৰ্যোগৰ সময়ত যদি কোনো স্বেচ্ছাসেৱী অনুষ্ঠান বা ব্যক্তিয়ে সেৱা প্ৰদানৰ বাবে আগবাঢ়ি আহিব বিচাৰে তেনেহলে জিলা প্ৰশাসনৰ ফেচবুক পেজ বা ডিইঅচি ফোন নম্বৰত ফোন বা এছ এম এছ দি জনাব পাৰিব । তেওঁলোকে কোৱাৰেণ্টাইনত থকা লোকসকলক যদি স্বইচ্ছাই খাদ্য যোগান ধৰিব বিচাৰে তেতিয়াহ'লে প্ৰশাসনৰ লগত যোগাযোগ কৰিলে প্ৰশাসনে তেওঁলোকক জনাই দিব কেতিয়া দিব পাৰিব ৷ আনহাতে জিলাখনৰ অন্তৰ্গত প্ৰতিখন গাঁওলৈ বাহিৰৰ পৰা ঘৰলৈ উভতি অহা লোক সকলক ৰাখিবলৈ কোৱাৰেণ্টাইন কেন্দ্ৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও কয় ৷ ইতিমধ্যে চাপৰাকাটা এলেকাত আৰম্ভ কৰা হৈছে । গাঁও - চহৰ আদি এলেকা সমূহত থকা স্কুল সমূহক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হ'ব । উক্ত সমূহ স্কুল সমূহৰ প্ৰধান শিক্ষক- শিক্ষয়ত্রী সকলে ভাৰপ্ৰাপ্ত নিৰীক্ষক হিচাপে দায়িত্বত থাকি পৰিচালনা কৰিব । উল্লেখ্য যে বহি:ৰাজ্যৰ পৰা বঙাইগাঁও জিলা লৈ সাত হেজাৰ মান লোকে অহাৰ বাবে আবেদন জনাইছে বুলিও কয় ৷ তেওঁ নিউ বঙাইগাঁও ৰে'লৱে জংচন হোৱাত আমি এটা জটিল অৱস্থাত আছো বুলি কয় ৷ কাৰণ বাহিৰৰ পৰা যেতিয়া ৰে'ল যোগে লোকসকল আহিব ধৰিব তেতিয়া আমাৰ বাবে বহু দ্বায়িত্ব আহি পৰিব ৷ সেয়ে আমি তাৰ কাৰণে আগতীয়াকৈ যাৱতীয় প্ৰস্তুতি চলাইছো আৰু সাঁজু হৈছো ৷ উপায়ুক্তগৰাকীয়ে জিলাখনত অকল ভেণ্ডৰৰ জৰিয়তেহে ৰাইজক ঘৰে ঘৰে শাক- পাচলি যোগান ধৰা হ'ব বুলিও প্ৰকাশ কৰে ৷ সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে বঙাইগাঁও বাসী ৰাইজক আইন মানি চলাৰ বাবে আবেদন জনোৱাৰ লগতে জিলা প্ৰশাসনৰ স'তে সহযোগ কৰিবলৈ আহ্বান জনায় ৷ লগতে এই দূৰ্যোগৰ সময়ছোৱাত দায়িত্ব পালন কৰি থকা প্ৰতিজন ব্যক্তিৰ পৰিয়ালৰ সদস্য সকলক কোনেও যাতে অযথা হাৰাশাস্তি নকৰে তাৰ বাবেও উপায়ুক্ত গৰাকী সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অনুৰোধ জনায় বুলি কয় । সংবামেলত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কবিতা ডেকাও উপস্থিত থাকে ৷

0 Response to " "
Post a Comment