Thursday, June 4, 2020
Comment
👉পুৰণি বঙাইগাঁৱত আত্ম সহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে
নিউজ ডেস্কঃ ৩ জুনঃ
🔯অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত ডাংতল উন্নয়ন খণ্ডৰ আত্ম সহায়ক গোটৰ সদস্যৰ দ্বাৰা প্ৰস্তুত কৰা মাস্কৰ এখন বিক্ৰী কেন্দ্ৰ আজি স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মুকলি কৰে কৰে ৷ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও বুনিয়াদী চ'কত এই মাস্ক বিক্ৰী কেন্দ্ৰটো মুকলি কৰে ৷ মাস্ক বিক্ৰী কেন্দ্ৰটো মুকলি কৰা অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ খণ্ড অভিযান পৰিচালনা শাখাৰ ডাংতল উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক ঘনশ্যাম বৰ্মণৰ লগতে বঙাইগাঁও গাঁও পঞ্চায়তৰ সভাপতি ,জীৱিকা সখী,কৃষি সখী,পশু সখী কথা আত্ম সহায়ক গোটৰ সদস্যাসকল আৰু বীৰঝৰা মণ্ডল সংগঠনৰ সদস্যাসকল উপস্থিত থাকে ৷
উল্লেখ্য যে মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বাৰ গৰাকী দুখীয়া মহিলাক বিনামূলীয়া মাস্ক প্ৰদানো কৰে ৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে মাস্ক বিক্ৰী কেন্দ্ৰটোক ব্যৱসায়ীক প্ৰতিষ্ঠান হিচাপে গঢ় দিবলৈ আত্ম সহায়ক গোটৰ সদস্যসকলক পৰামৰ্শ আগবঢ়ায় ৷🔯


0 Response to " "
Post a Comment