Thursday, June 25, 2020
Comment
👉অসমত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনকলৈ ভয়াৱহ কেলেংকাৰী
👉চৰকাৰ আৰু সংখ্যালঘু বোৰ্ড জড়িত থকাৰ অভিযোগ আমছুৰ
👉কেলেংকাৰীৰ চি বি আই তদন্ত বিচাৰি গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
🔯অসমত ২০১৪ ৰ পৰা ২০২০ চনলৈ সংখ্যালঘু ছাত্ৰৰ বৃত্তিৰ ধনক লৈ এক ভয়াৱহ কেলেংকাৰী সংঘটিত হৈ আহিছে বুলি আমছুৱে অভিযোগ উত্থাপন কৰিছে ৷ মঙলবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ সংবাদ মেলত সংগঠনটোৰ সভাপতিগৰাকীয়ে কয় যে সৰ্বানন্দ সোণোৱালে যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰাই তেওঁ এটা কথা কৈছিল যে কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ'ব ৷ লগতে দুৰ্নীতিত লিপ্ত যি কোনো বিষয়াই হওক বা ৰাজনৈতিক ব্যক্তিয়েই হওক তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হ'ব ৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই কথাখিনি আছিল মুখৰ কথা ৷ কাৰণ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতেই অসমত যিবিলাক বৃহৎ বৃহৎ কেলেংকাৰী হৈছে তাৰ ভিতৰত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰীও অন্যতম ৷ এই কেলেংকাৰীটোও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে হৈছে ৷ মুখ্যমন্ত্ৰীয়ে সকলো কথা অৱগত হোৱাৰ পিচতো তেওঁ কোনো তদন্ত কৰাৰ কথা ৰাজহুৱা কৰা নাই ৷ সেয়ে আমাৰ সন্দেহ হৈছে যে অসমত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ যি ধন আত্মসাৎ হৈছে তাৰ আঁৰৰ ব্যক্তিসকলেই হৈছে চৰকাৰৰ ৷ যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সৎ সহসেৰে তদন্তৰ ব্যৱস্থা কৰিব পৰা নাই ৷ সভাপতিগৰাকীয়ে কয় যে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত যি কেলেংকাৰী হৈছে সেই সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে , বিভিন্ন থানাত গোচৰ ৰুজু হৈছে আৰু বিভিন্ন জিলাত ইয়াৰ বাবে তদন্ত সমিতি গঠন কৰা হৈছিল যদিও সকলোবোৰ আজিৰ তাৰিখত ভেকোভাওনাত পৰিণত হৈছে ৷ ইয়াৰ পৰা আমি দাঠি ক'ব পাৰো যে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰীৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণভাৱে জড়িত ৷ লগতে অসমৰ সংখ্যালঘু উন্নয়ন বোৰ্ড সম্পূৰ্ণৰূপে জড়িত , সংখ্যালঘু ছাত্ৰ বৃত্তিৰ লগত জড়িত সকলো বিষয়া জড়িত আৰু একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকো এই কেলেংকাৰীৰ লগত জড়িত বুলিও অভিযোগ উত্থাপন কৰে ৷ সংবাদ মেলত সভাপতি ৰেজাউল কৰিম সৰকাৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয় যে যদিহে এই কেলেংকাৰীৰ লগত আপোনাৰ চৰকাৰ জড়িত নাই আৰু সংখ্যালঘু বোৰ্ড জড়িত নাই তেতিয়াহলে এসপ্তাহৰ ভিতৰত তদন্ত ঘোষণা কৰি কেলেংকাৰীৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰক ৷
আমছুৰ সভাপতিগৰাকীয়ে অভিযোগ কৰা মতে বিগত ২০১৪ চনৰ পৰাই সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰি অহা হৈছে ৷ কিন্তু আজিলৈকে তাৰ কোনো তদন্তও নহ'ল আৰু কোনো এজন ব্যক্তি জেললৈকো নগ'ল ৷ সভাপতিগৰাকীয়ে সংবাদ মেলত কেবাখনো জিলাত সংঘটিত তথ্যও দাঙি ধৰে ৷ সংবাদ মেলত সদৰি কৰা মতে দৰং জিলাৰ নৱজ্যোতি প্ৰি চিনিয়ৰ মাদ্ৰাছা( ছাত্ৰৰ সংখ্যা ১৫০ জন) আৰু নৱদ্বীপ আদৰ্শ বিদ্যালয়( ছাত্ৰৰ সংখ্যা ৮৭ জন) নামৰ এই দুখন বিদ্যালয়ৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন দৰং জিলাৰ বেংকৰ পৰা ছাত্ৰ- ছাত্ৰীয়ে সংগ্ৰহ কৰিব লাগে ৷ কিন্তু সেয়া হোৱা নাই ৷ দৰং জিলাৰ এই বিদ্যালয় দুখনৰ ছাত্ৰ- ছাত্ৰীৰ ধন উলিওৱা হৈছে কামৰূম গ্ৰাম্য জিলাৰ অন্তৰ্গত ছয়গাঁওৰ মালিবাৰীত ৷ মালিবাৰীত থকা চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ যিটো চি এছ পি আছে সেই চি এছ পিৰ পৰা দৰং জিলাৰ এই বিদ্যালয় দুখৰ ধন উলিওৱা হৈছে ৷ ছাত্ৰ - ছাত্ৰীয়ে গমেই নাপায় ৷ ছাত্ৰ- ছাত্ৰীৰ আঙুলিৰ ছাপ ব্যৱহাৰ নকৰি চি এছ পিৰ স্বত্বাধিকাৰী আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বুঢ়া আঙুলিৰ ছাপ ব্যৱহাৰ কৰা হয় ৷ এই কেলেংকাৰীত বৰপেটা , নগাঁও ,বৰাক উপত্যকা ,কামৰূপ গ্ৰাম্যৰ ছয়গাঁও অঞ্চলৰ লগতে শোণিতপুৰৰ এটা বৃহৎ চক্ৰই সংখ্যালঘু উন্নয়ন বোৰ্ডৰ লগত মিলি এই কেলেকাৰী কৰি আছে বুলিও অভিযোগ কৰে ৷ আমছুই ১২ জুনত মালিবাৰী চি এছ পিৰ বিৰুদ্ধে চেণ্ট্ৰেল বেংকত অভযোগ দিয়াৰ পিচতো বেংক কৰ্তৃপক্ষই কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে ৷ ইয়াৰ অৰ্থ হ'ল বেংক কৰ্তৃপক্ষও জড়িত হৈ আছে ৷ এই কেলেংকাৰীৰ সৈতে লংখ্যালঘু উন্নয়ন বোৰ্ড ,অসম চৰকাৰ ,বেংক কৰ্তৃপক্ষ ,বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক জড়িত হৈ আছে ৷ যাৰ কাৰণে চৰকাৰে এই কেলেংকাৰীৰ নেটৱৰ্কটো উলিয়াবলৈ সাহস কৰা নাই ৷ সেইদৰে গোৱালপাৰাৰ ৰাক্ষসীনী এম ই স্কুল আৰু এফ আৰ হাইস্কুলত ছাত্ৰৰ সংখ্যা আছে ৫০ জনকৈ৷ কিন্তু দেখুৱা হৈছে ২৫০ জনকৈ ৷ এই বিদ্যালয়ৰ টকাও ৰাক্ষসীনী চি এছ পিৰ পৰা উঠোৱা হৈছে ৷ কিন্তু ছাত্ৰ- ছাত্ৰীয়ে উঠোৱা নাই ৷ উঠাইছে বিভিন্ন ঠাইৰ পৰা অহা দালাল চক্ৰইহে ৷ এইদৰেই সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা হৈছে ৷ আনহাতে আমছুৰ সভাপতিগৰাকীয়ে সংবাদ মেলত আৰু কয় যে যেতিয়াই এই কেলেংকাৰী ৰাজহুৱা হোৱা আৰম্ভ হৈছে আৰু আমি তথ্যবিলাক সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছো তেতিয়াই দালাল চক্ৰ , চি এছ পিৰ বিষয়া আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকে ইতিমধ্যে ছাত্ৰ- ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ গৈ য'ত পাব লাগে ১০,৭০০ আৰু ১০,৪০০ টকা , তাৰ পৰিৱৰ্তে ১০০০ আৰু ২০০০ টকাকৈ দি হাতে ভৰিয়ে ধৰি মুখ বন্ধ কৰাৰ বাবে বুজনি দিয়া হৈছে ৷ একেই ঘটনা বিভিন্ন জিলাতো ঘটি আছে ৷ ইপিনে বঙাইগাঁও জিলাৰ ভাদ্ৰাগাঁও এ ই মাদ্ৰাছা ,কাকাৰাগাঁও এম ই স্কুল ,বিলাসপুৰ জাতীয় বিদ্যালয় আৰু চিকিবিকি এম ই মাদ্ৰাছাত শিক্ষাৰ্থী আছে ৫০ জনকৈ ৷ কিন্তু দেখুৱা হৈছে ২০০ তকৈ অধিক ৷ তাৰোপৰি আশ্বৰ্যজনক কথা এয়ে যে কাকাৰাগাঁও এম ই স্কুলত সংখ্যালঘু ছাত্ৰ নথকা স্বত্বেও কেওঁলোকৰ নামতো ধন উঠোৱা হৈছে ৷ এই সমুদায় কাৰ্যত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিদ্যাপুৰ চি এছ পি আৰু বেংক অৱ বৰোদাৰ চি এছ পি দুজনে মিলি বৰপেটাৰ এটা চক্ৰৰ লগত প্ৰধান শিক্ষক জড়িত হৈ ধন উঠাই আত্মসাৎ কৰিছে ৷ শিক্ষাৰ্থীয়ে ধন পোৱা নাই ৷ কিন্তু যেতিয়া কিছুসংখ্যক শিক্ষাৰ্থীয়ে জানিব পাৰি প্ৰতিবাদ কৰি আছে তেতিয়াই সেইসকল শিক্ষাৰ্থীৰ অভিভাৱকক গৈ তথা সেই অঞ্চলৰ মুখীয়াল ব্যক্তিয়ে ধৰাত সেই সকল শিক্ষাৰ্থীক ১০০০ - ২০০০ টকাকৈ ঘুৰাই দিয়াৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছে ৷ যাতে তেওঁলোকে মুখ বন্ধ ৰাখে ৷ সভাপতিগৰাকীয়ে হাইলাকান্দি জিলাৰ কুনাৰগ্ৰাম এম ই এম স্কুলকে ধৰি দহখনমান বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ধন চি এছ পিৰ জৰিয়তে দালাল চক্ৰটোতে চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ লগত মিলি আত্মসাৎ কৰিছে বুলিও অভিযোগ কৰে ৷ শিক্ষাৰ্থীয়ে ধনেই নাপালে বুলিও কয় ৷ একেদৰে নগাঁও , গোলাঘাট আদি জিলাকে ধৰি সমগ্ৰ অসমতে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলিও সংবাদ মেলত কয় ৷ সভাপতিগৰাকীয়ে লগতে কয় যে সংখ্যালঘু উন্নয়নৰ ধনৰ কেলেংকাৰীৰ সৈতে অসম চৰকাৰ সম্পূৰ্ণৰূপে জড়িত হৈ আছে ৷ এই কথাবিলাক আজিলৈকে অসম চৰকাৰে গুৰুত্ব দিয়া নাই ৷ গোচৰ সম্পৰ্কত কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ যাৰ বাবে আমি ভাবিবলৈ বাধ্য হৈছো যে দুৰ্নীতিমুক্ত চৰকাৰৰ কথা কোৱা সৰ্বানন্দ সোণোৱালে সংখ্যালঘু উন্নয়নৰ পুঁজিৰ দুৰ্নীতিত নিমজ্জিত হৈ এই দুৰ্নীতি সংঘটিত কৰিছে ৷ ইয়াৰ লগতে সংখ্যালঘু উন্নয়ন বোৰ্ড সম্পূৰ্ণৰূপে জড়িত হৈ আছে ৷ ডাঙৰ ডাঙৰ কথা কৈ বিজেপিৰ ঘৰত চকীখন দখল কৰি থকা ড° মমিনূল আৱাল ,যিজনে সদায় বিভিন্ন কথা কৈ সমাজত বিষবাস্প বিয়পায় সেইজনো সম্পূৰ্ণৰূপে জড়িত হৈ আছে ৷ সেইদৰে সংখ্যালঘু উন্নয়ন বোৰ্ডৰ যিসকল চৰকাৰী বিষয়া আছে তেওঁলোকো সম্পূৰ্ণভাৱে এই কেলেংকাৰীত জড়িত হৈ আছে ৷ বিদ্যালয়সমূহৰ পৰিদৰ্শক, বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বেংক কৰ্তৃপক্ষ জড়িত হৈ আছে বুলি অভিযোগ কৰে ৷
সভাপতিগৰাকীয়ে আৰু কয় যে অসমত ২০১৪ চনৰ পৰা সংঘটিত হৈ অহা সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ এই ভয়াৱহ কেলেংকাৰী সন্দৰ্ভত আমি তেতিয়াৰে পৰা মাত মাতি আহিছো ৷ যাৰ পৰিপ্ৰেক্ষিতত আমি ২০১৯ চনত গোলাঘাটত ২ কোটি ৫০ লাখ টকাৰ কেলেংকাৰী হোৱা বুলি গোৰ ৰুজু কৰো ৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে সেই গোচৰৰ আজিলৈকে কোনো তদন্তই নহ'ল ৷ পৰৱৰ্তী বিভিন্ন সময়ত কেলেংকাৰী সন্দৰ্ভত বিভিন্ন থানাত এজাহাৰ দাখিল কৰা হৈছিল ,স্মাৰক পত্ৰ প্ৰাদন কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছিল ৷ সেয়ে আমাৰ অসম চৰকাৰৰ প্ৰতি আস্থা আৰু বিশ্বাস নোহোৱা হৈ গৈছে ৷ কাৰণ চৰকাৰখনেই এই কোলেংকাৰীৰ লগত জড়িত হৈ আছে ৷ যাৰ কাৰণে আমি কেন্দ্ৰীয় গৃমন্ত্ৰীক এই কেলেংকাৰীৰ চি বি আই তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো ৷ লগতে কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰীলৈকো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো আৰু এই কেলেংকাৰী সন্দৰ্ভত এক বিভাগীয় তদন্তৰ দাবী জনাইছো ৷ যদি কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ এই বৃহৎ কেলেংকাৰী আৰু কেলেংকাৰীৰ লগত জড়িত বিষয়া ,বেংক , দালাল চক্ৰক গ্ৰেপ্তাৰ কৰি উপযুক্ত দুখীয়া ছাত্ৰ- ছাত্ৰীসকলক যদি তেওঁলোকৰ ধন ঘুৰাই দিয়া নহয় আৰু এই বিষয়টো চৰকাৰে ৰাজহুৱাভাৱে ফাদিল নকৰিলে আমি আমছুই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম ৷ আমি এই দালাল চক্ৰ ,বেংক কৰ্তৃপক্ষ আৰু বিদ্যালয়ৰ পৰিদৰ্শক তথা প্ৰধান শিক্ষককে ধৰি যিসকল ব্যক্ত এই কেলেংকাৰীৰ সৈতে জড়িত হৈ আছে তেওঁলোকক সকিয়াই দিছো যে উপযুক্ত ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ প্ৰাপ্য টকা পাব লাগিব আৰু নিয়ম মতে টকাখিনি পোৱাৰ ব্যৱস্থা কৰি দিব লাগিব ৷ আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে যদিহে আপুনি এই কেলেংকাৰীত জড়িত নাই তেতিয়াহলে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে ব্যৱস্থা গ্ৰহণ কৰি আপুনি যে দুৰ্নীতিত জড়িত নাই এই কথাটো প্ৰমাণ কৰক ৷ অন্যথা কাইলৈ আপুনি সংখ্যালঘুৰ ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ মূল নায়ক সেই কথাটো আমি ৰাজহুৱাভাৱে অসমবাসীক অৱগত কৰিম বুলিও সভাপতি ৰেজাউল কৰিম সৰকাৰে সংবাদ মেলত মন্তব্য কৰে ৷ সংবাদ মেলত সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷
0 Response to " "
Post a Comment