Thursday, June 4, 2020
Comment
👉অগপৰ মুখ্য কাৰ্যালয়ত বিশেষ বৈঠক
👉বৈঠকত নৱপ্ৰজন্মক দলৰ সেৱাত জড়িত কৰোৱাত বিশেষভাৱে গুৰুত্ব প্ৰদান
এই বৈঠকত নৱপ্ৰজন্মক দলৰ সেৱাত জড়িত কৰোৱাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়। আজিৰ বৈঠকত ডাঃ কমলাকান্ত কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হিৰণ্য কোঁৱৰ, সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে ধৰি দলীয় কেইবাগৰাকী বিষয়ববীয়া তথা অসম গণ পৰিষদৰ ভাতৃ-ভগ্নী সংগঠন যুৱ পৰিষদ, মহিলা পৰিষদ আৰু ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত আছিল🔯 ৷
👉বৈঠকত নৱপ্ৰজন্মক দলৰ সেৱাত জড়িত কৰোৱাত বিশেষভাৱে গুৰুত্ব প্ৰদান
🔯নিউজ ডেস্ক ৩ জুনঃ
🔯লকডাউনৰ সময়ছোৱাত সামাজিক দূৰত্ব বৰ্তাই ৰাখি তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ সৈতে অহৰ্নিশে কিদৰে সংযুক্ত হৈ থাকিব পাৰি, সেই সন্দৰ্ভত আজি অগপ দলৰ মুখ্য কাৰ্যালয়ত দলটোৰ সভাপতি অতুল বৰাৰ উপস্থিতিত এখন বিশেষ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত নৱপ্ৰজন্মক দলৰ সেৱাত জড়িত কৰোৱাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়৷ COVID-19, আগন্তুক বান পৰিস্থিতি আদিকে ধৰি বিভিন্ন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তেই দলে গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্ত ৰাইজৰ মাজত সবিস্তাৰে প্ৰচাৰ কৰাৰ লগতে ৰাইজৰ সমস্যা, অভাৱ-অভিযোগসমূহো এই ছ'চিয়েল মিডিয়াৰ জৰিয়তেই তৎকালে আমি জানিবলৈ সক্ষম হ'ম বুলি সভাপতি বৰাই কয় ৷এই বৈঠকত নৱপ্ৰজন্মক দলৰ সেৱাত জড়িত কৰোৱাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়। আজিৰ বৈঠকত ডাঃ কমলাকান্ত কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হিৰণ্য কোঁৱৰ, সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে ধৰি দলীয় কেইবাগৰাকী বিষয়ববীয়া তথা অসম গণ পৰিষদৰ ভাতৃ-ভগ্নী সংগঠন যুৱ পৰিষদ, মহিলা পৰিষদ আৰু ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত আছিল🔯 ৷

0 Response to " "
Post a Comment