Thursday, June 4, 2020
Comment
👉অসমৰ দুগ্ধ খণ্ডক অধিক গতিশীল কৰাৰ বাবে গুৰুত্ব প্ৰদান মন্ত্ৰী অতুল বৰাৰ
🔯নিউজ ডেস্ক ২ জুনঃ
🔯 'আত্মনিৰ্ভৰ অসম' গঢ়াৰ ক্ষেত্ৰত অসমৰ দুগ্ধ খণ্ডটোৰ গুৰুত্ব অপৰিসীম৷ এই মন্তব্য ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ ৷ মঙলবাৰে মন্ত্ৰগৰাকীয়ে উৎপাদন খণ্ডটোক অধিক গতিশীল কৰিবলৈ খানাপাৰাস্থিত দুগ্ধ উন্নয়ন সঞ্চালকালয়ত দুগ্ধ উন্নয়ন সঞ্চালক উৎপল কুমাৰ শৰ্মা আৰু বিভাগীয় কেইবাগৰাকী বিষয়াৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় আৰু এই সম্পৰ্কীয় বিভিন্ন দিশৰ পৰ্যালোচনা কৰে৷
অসমৰ যুৱপ্ৰজন্মক এই খণ্ডটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তথা লকডাউনৰ সময়ত বহিঃৰাজ্যৰ পৰা উভতি অহা লোকক এই খণ্ডটোৰ সৈতে জড়িত কৰাৰ বাবে ব্যৱহাৰিক প্ৰকল্প সাজু কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ লগতে দুগ্ধ উৎপাদন খণ্ডটোক অধিক সংগঠিত কৰাৰ লগতে গো-পালকসকলক শীঘ্ৰে পঞ্জীভুক্ত কৰি এইক্ষেত্ৰত লাভ বৃদ্ধিৰ দিশত যাৱতীয় ব্যৱস্থা ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷🔯
0 Response to " "
Post a Comment