👉পলাবলৈ চেষ্টা কৰি গুৰুতৰভাৱে আহত হোৱা পজিটিভ ৰোগীৰ মৃত্যু
বঙাইগাঁওঃ ১৭ জুনঃ
🔯বঙাইগাঁও জিলাৰ চলন্তাপাৰাৰ পাল্লীৰতল এল পি স্কুলৰ প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলাবলৈ চেষ্টা কৰি গুৰুতৰভাৱে আহত হোৱা কোৰোনা পজিটিভ ৰোগীজনৰ দেওবাৰে নিশা মৃত্যু হয় ৷ মৃত ব্যক্তিজন পাল্লীৰতলৰ জয়ফুদ্দিন শ্বেখ (৪০) বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ব্যক্তিজন কোৱাৰেণ্টাইন কেন্দ্ৰত থকা অৱস্থাতে শনিবাৰে পুৱাৰ ভাগত নমুনা পৰীক্ষাৰ ফলাফলত দেহত কোভিড - ১৯ পজিটিভ ধৰা পৰে ৷ কিন্তু ব্যক্তিজনে এই বিষয়ে জানিব পাৰি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলাবলৈ চেষ্টা কৰে ৷ কাৰণ ব্যক্তিজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব বিচৰা হৈছিল যদিও কোনোপধ্যে চিকিৎসালয়লৈ আহিব বিচৰা নাছিল ৷ যাৰ বাবে ব্যক্তিজনে পলায়ণ কৰি দেৱালত উঠাত পিছলি পৰি গুৰুতৰভাৱে আহত হয় ৷ পিচত আহত ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই মূৰত আঘাট পোৱা ব্যক্তিজনৰ অৱস্থা সংকটজনক হোৱাত আই চি ইউত ভৰ্তি কৰি চিকিৎসা প্ৰধান কৰে যদিও পিছদিনা সন্ধিয়াৰ ভাগত মৃত্যু হয় ৷ উল্লেখ্য যে ব্যক্তিজন উৰিষ্যাৰ পৰা অহাৰ পিচত কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল ৷🔯
0 Response to " "
Post a Comment