Saturday, June 20, 2020
Comment
👉বঙাইগাঁও জিলাৰ চলন্তাপাৰাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত অঘটন
বঙাইগাঁওঃ ১৬ জুনঃ
🔯বঙাইগাঁও জিলাৰ চলন্তাপাৰাৰ পাল্লীৰতল এল পি স্কুলৰ প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰত থকা এজন ব্যক্তিৰ নমুনা পৰীক্ষাৰ ফলাফলত দেহত কোভিড - ১৯ পজিটিভ ধৰা পৰে ৷ কিন্তু ব্যক্তিজনে এই বিষয়ে জানিব পাৰি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলাবলৈ চেষ্টা কৰে ৷ কাৰণ ব্যক্তিজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব বিচৰা হৈছিল যদিও কোনোপধ্যে চিকিৎসালয়লৈ আহিব বিচৰা নাছিল ৷ যাৰ বাবে ব্যক্তিজনে পলায়ণ কৰি দেৱালত উঠাত পিছলি পৰি আহত হয় ৷ পিচত আহত ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে ব্যক্তিৰ অৱস্থা সংকটজনক আৰু মূৰত আঘাট পাইছে ৷ ব্যক্তিজনক ইতিমধ্যে চিকিৎসা মহাবিদ্যলয়খনৰ আই চি ইউত ভৰ্তি কৰি চিকিৎসা প্ৰধান কৰি থকা হৈছে বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে ৷ ব্যক্তিজনক উৰিষ্যাৰ পৰা আহাৰ পিচত কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল ৷ বয়স ৪০ বছৰ হ'ব ৷ ঘটনাটো পুৱাৰ ভাগত সংঘটিত হয় ৷
0 Response to " "
Post a Comment