Wednesday, June 10, 2020
Comment
👉বঙাইগাঁও জিলাত পুনৰ এজন যুৱকৰ দেহত ধৰা পৰিল কোভিড ১৯ ৰ অৱস্থিতি
👉বঙাইগাঁও জিলাত কুৰি জনলৈ বৃদ্ধি ক'ভিড ১৯ ৰোগীৰ সংখ্যা
বঙাইগাঁওঃ ৯ জুনঃ
🔯বঙাইগাঁও জিলাত পুনৰাই এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড ১৯ ৰোগৰ অৱস্থিতি ৷ এই ৰোগীজনকলৈ জিলাখনত ২০ জনলৈ বৃদ্ধি পালে কোৰোনা ৰোগীৰ সংখ্যা ৷ কোভিড -১৯ ৰোগত আক্ৰান্ত হোৱা যুৱক জন জিলা খনৰ সৃজনগ্ৰাম পি এইচ চিৰ অধীনৰ কোকিলা প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত কোকিলা দক্ষিণ পাৰা গাঁৱৰ বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে ৷ ২৬ বছৰীয়া যুৱকজন উত্তৰ প্ৰদেশৰ পৰা ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, বৰপেটা, গুৱাহাটী লৈ অহা ২৪ জনীয়া দলৰ সৈতে ১৬ মে' ত আহি ছাগলীয়া গেটত আঠ দিন কোৱাৰেন্টাইনত থাকে ৷ পিছত ২০ মে' ত যুৱক জনৰ নমুনা সংগ্ৰহ কৰা হয় ৷ ২৪ মে' ত কোকিলা গৈ পোৱাৰ পাছত কোকিলা প্ৰাথমিক বিদ্যালয়ত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইনত থাকে ৷ পুনৰাই যুৱকজনৰ ২৭ মে' ত নমুনা সংগ্ৰহ কৰাৰ পিছত ৮ জুনত ধৰা পৰে ক'ভিড ১৯ পজিটিভ ৷ যুৱক জনৰ ঘৰৰ ছজন লোকক প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইনত ৰখাৰ লগতে কোভিড- ১৯ ৰোগত আক্ৰান্ত যুৱক জনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে ৷🔯
0 Response to " "
Post a Comment