Tuesday, June 30, 2020
Comment
বঙাইগাঁওঃ ২৭ জুনঃ
🔯বঙাইগাওঁ জিলাত কোৰোনা ভাইৰাছে ক্ৰমাৎ গণ সংক্ৰমণৰ ৰূপ লোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ৷ বিশেষকৈ সৰকাৰ উপাধিৰ এজন ব্যক্তিৰ দেহত শেহতীয়াভাৱে ২৪ জুনত কোভিড- ১৯ পজিটিভ ধৰা পৰা পিচতে এতিয়া ৰাইজ শংকিত হৈ পৰাৰ লগতে এই আশংকা প্ৰকট হৈ পৰিছে ৷ আক্ৰান্ত ব্যক্তিজনৰ প্ৰকৃত ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ হৰিপুৰত ৷ উল্লেখ্য যে ব্যক্তিজন কোভিত ১৯ ত আক্ৰান্ত হোৱাৰ পূৰ্ৱে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়কে আদি কৰি বিভিন্ন ৰাজহুৱা স্থানত ফুৰা- চকা কৰাত এতিয়া স্বাভাৱিকতে শংকিত হৈ পৰিছে ৰাইজ ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্যত আক্ৰান্ত ব্যক্তিজনৰ উল্লেখ কৰা হোৱা নাই নাম ৷ ইয়াৰ বিপৰীতে উল্লেখ কৰা হৈছে ৭২ নম্বৰ বুলিহে ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে আক্ৰান্ত ব্যক্তিজনৰ যোৱা ১৭ জুনৰ নিশা গাটো জ্বৰ জ্বৰ লাগি থকাত পিছদিনা অৰ্থাৎ ১৮ জুনৰ পুৱা ১১ মান বজাত এখন অটোৰিক্সাত উঠি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ যায় ৷ চিকিৎসালয়ত ব্যক্তিজনৰ স্বাৱ সংগ্ৰহ কৰাৰ পিচত চিকিৎসকে ব্যক্তিজনক হোম কোৱাৰেণ্টাইনত থকাৰ বাবে পৰামৰ্শ দিয়ে ৷ পিচত আবেলি তিনি বজাত পুনৰ অটোত উঠি চিকিৎসালয়ৰ পৰা ওভতি আহে ৷ ব্যক্তিজনে কৰ্মসূত্ৰে বঙাইগাঁৱৰ ৰাজ আগৰৱালাৰ ফাৰ্মত হিচাপৰক্ষকৰ কাম কৰে আৰু সেই সূত্ৰে কলো বজাৰস্থিত ৰাজ আগৰৱালাৰ অট্টালিকাত থাকে ৷ ফাৰ্মত তেওঁ ২০- ৩০ জন ব্যক্তিৰ সৈতে কাম কৰে ৷ ব্যক্তিজনে ১৮ জুনৰ পৰা ২১ জুনলৈ হোম কোৱাৰেণ্টাইনত আছিল যদিও ২২ জুনৰ পৰা বিভিন্ন ৰাজহুৱা স্থানত ঘূৰা- ফিৰা কৰিবলৈ লয় ৷ ব্যক্তিজনে ২২ জুনৰ পুৱা ১১ বজাত এখন অটোত উঠি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ নমুনা পৰীক্ষাৰ ফলাফল বিচাৰি যায় আৰু তাৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ আহে ৷ ইয়াৰ পিচত দিনৰ ২ বজাত কোঠাৰ চাবি জমা দিবলৈ বুলি নিজৰ কাৰ্যালয়লৈ গৈ লগৰ ব্যক্তি এজনক সাক্ষাৎ কৰে ৷ আবেলি তিনি বজাত নিজৰ গাড়ীৰে অভয়াপুৰীৰ নিজ গৃহলৈ ৰাওনা হয় ৷ আনহাতে ২৩ জুনৰ পুৱা ১১ বজাত অভয়াপুৰী চহৰলৈ আহে আৰু পিচত নিজ পত্নীক মাণিকপুৰস্থিত কাৰ্যালয়ত নমাই দিয়ে ৷ ব্যক্তিজনে সিদিনাই অভয়াপুৰীৰ সূৰ্য ইলেকক্ট্ৰিকেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চিলিং ফেন কিনিবলৈ যোৱাৰ লগতে দিনৰ ১ বজাত হোমিঅ'পাথিক ঔষধৰ দোকানৰ পৰা ঔষধ ক্ৰয় কৰি ঘৰলৈ ওভতি যায় ৷ ব্যক্তিজনে পুনৰ ৫ বজাত অভয়াপুৰী চহৰৰ পৰা পত্নীক ঘৰলৈ নিবলৈ আহে আৰু বজাৰৰ পৰা শাক- পাচলি ক্ৰয় কৰি ঘৰলৈ যায় ৷ সন্ধিয়া ৬ বজাত পুনৰ মাংসৰ বজাৰলৈ যায় আৰু মাংস ক্ৰয় কৰি ঘৰলৈ যায় ৷ সেইদৰে ২৪ জুনৰ সন্ধিয়া ব্যক্তিজনে মাছ বজাৰৰ পৰা মাছ ক্ৰয় কৰে আৰু ঘৰলৈ যায় ৷ কিন্তু সিদিনাই নমুনা পৰীক্ষাৰ ফলাফলত ব্যক্তিজনৰ দেহত কোভিড-১৯ ধৰা পৰাত নিশা ১১ঃ৩০ বজাত চিকিৎসাৰ বাবে ব্যক্তিজনক বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ উল্লেখ্য যে কোভিড - ১৯ ত আক্ৰান্ত ব্যক্তিজন ১ জুনৰ পৰা নিজৰ কৰ্মস্থলিত নিয়মিতভাৱে উপস্থিত থকাৰ লগতে ১৬ জুনৰ পুৱা ১১ বজাত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত কাম থকাৰ বাবে গৈছিল ৷ ইয়াৰোপৰি ১৭ জুনৰ পুৱা ১০ঃ৩০ বজাত নিজৰ কাৰ্যালয়ৰ পৰা ষ্টেট বেংকলৈ গৈছিল ৷ আবেলি ২ঃ৩০ বজাত পুনৰ ইণ্ডিয়ান বেংকলৈ ইণ্টাৰনেট বেংকিঙৰ বাবে যায় ৷ বেংকৰ ৬ নং কাউণ্টাৰত কামখিনি কৰাৰ পিচত কাৰ্যালয়লৈ ওভতি আহে ৷ ৩ঃ৩০ বজাত ব্যক্তিজনে লক্ষ্মী মেডিকেললৈ যায় ৷ আনকি ব্যক্তিজন ইউনাইটেড বেংক অৱ ইণ্ডিয়ালৈকো যায় ৷ নিশা ৯ঃ৩০ বজাত ব্যক্তিজনে জ্বৰ জ্বৰ অনুভৱ কৰে ৷
ইপিনে জানিব পৰা মতে ব্যক্তিজনে নিজেই সাধাৰণ জ্বৰৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ গৈছিল আৰু স্বাৱ পৰীক্ষাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল ৷ পিচত নিজে হোম কোৱাৰেণ্টাইনত থকাৰ সময়তে স্বাৱ পৰীক্ষাৰ ফলাফল নহাৰ বাবে ২২ জুনত ফলাফল বিচাৰি চিকিৎসালয়লৈ গৈছিল ৷ কিন্তু চিকিৎসালয়ৰ পৰা ব্যক্তিজনক জিলা উপায়ুক্ত কাৰ্যালয়লৈ পঠিয়াই দিয়ে ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কোভিড চেলৰ পৰা ব্যক্তিজনক একো নাই বুলি জনোৱাৰ পিচত ব্যক্তিজনে ৰাজহুৱাভাৱে ফুৰা- চকা কৰিবলৈ লয় বুলি অভিযোগ উঠিছে ৷সৰকাৰ উপাধিৰ ব্যক্তিজন কোভিড- ১৯ ত আক্ৰান্ত হৈছে যদিও ব্যক্তিজনৰ বাহিৰত ভ্ৰমণৰ কোনো তথ্য নাই বুলি জানিব পৰা গৈছে ৷ ইপিনে জিলা প্ৰশাসনে ব্যক্তিজনৰ সৈতে যদি কোনোবা লোক সংস্পৰ্শলৈ আহিছে তেতিয়াহলে ৭০৮৬৭৯৩৫০৭ হেল্প লাইন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷ জানিব পৰা মতে ইতিমধ্যে ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা একাংশ লোকক প্ৰশাসনে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে৷ আনহাতে বঙাইগাঁও চহৰৰ ছহিদ বেদীৰ মৰমী হোটেলকলৈও ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে প্ৰশাসনে হোটেলখন বন্ধ কৰি দিছে ৷ জানিব পৰা মতে হোটেলখনৰ গৰাকীৰ এগৰাকী জীয়ৰী কিছুদিন পূৰ্বে দিল্লীৰ পৰা ঘৰলৈ আহিছিল ৷ স্বাৱ পৰীক্ষাৰ পিচত ঘৰতে আছিল যদিও ২৫ জুনত নমুনা পৰীক্ষাৰ ফলাফলত জীয়ৰীগৰাকীৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰে ৷ কিন্তু হোটেলখনৰ গৰাকীয়ে হোটেলখন চলাই আছিল ৷ পিচত জীয়ৰীগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ লগতে পৰিয়ালৰ সদস্যসকলোকো কোৱাৰেণ্টাইত ৰখাৰ ব্যৱস্থা কৰে যদিও এই সন্দৰ্ভত প্ৰশাসনে কোনো তথ্য প্ৰকাশ নকৰিলে ৷ হোটেলখন খোলা থকাত বিভিন্নজনে সেই সময়ত আহাৰ গ্ৰহণ কৰাৰ লগতে পৰিয়ালটোৰ সংস্পৰ্শলৈ আহিছিল ৷ সেয়ে সেইসকল ব্যক্তি এতিয়া আতংকিত হৈ পৰিছে ৷🔯
0 Response to " "
Post a Comment