Tuesday, June 30, 2020
Comment
বঙাইগাঁওঃ ২৭ জুনঃ
🔯বঙাইগাওঁ জিলাৰ শংকৰঘোলা নিৱাসী প্ৰকৃতিপ্ৰেমী প্ৰয়াত হেমন্ত ৰাভাৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী অনুষ্ঠান আৰণ্যকৰ পশ্চিম অসম মণ্ডলে আজি শংকৰঘোলা গাওঁত গছপুলি ৰোপন আৰু বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখ্য যে বিগত ১৯৯৭-৯৮ চনত প্ৰয়াত হেমন্ত ৰাভা আৰু তেওঁৰ সতীৰ্থবৃন্দই ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা শংকৰঘোলা গাওঁত 'তিনিকোণীয়া পাহাৰ সংৰক্ষণ অনুষ্ঠান'ৰ জৰিয়তে আৰম্ভ কৰিছিল বনাঞ্চল সংৰক্ষণৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা। কিন্তু দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মাত্ৰ ৪৭ বছৰ বয়সতে যোৱা ১৭ জুনত প্ৰকৃতিপ্ৰেমী হেমন্ত ৰাভাই মৃত্যুক সাৱটি ল'বলগীয়া হয় ৷ তেওঁৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন যুগমীয়া কৰাৰ বাবে গাওঁখনৰ মূল পথৰ দাঁতিত ৪৭ জোপা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপন কৰা হয়। ইয়াৰোপৰি বনবিভাগৰ সহযোগত গাওঁবাসীৰ মাজত বিভিন্ন প্ৰজাতিৰ গছপুলিও বিতৰণ কৰা হয় বুলি আৰণ্যকৰ পশ্চিম অসম মণ্ডলৰ সমন্বয়ক অশোক কুমাৰ দাসে জানিবলৈ দিছে ৷🔯
0 Response to " "
Post a Comment