Monday, June 8, 2020
Comment
👉বঙাইগাঁও জিলাৰ বইটামাৰীত মাজনিশা ব্যৱসায়ীক আক্ৰমণ
👉থানাত এজাহাৰ দাখিল
বঙাইগাওঁঃ৬ জুনঃ
🔯কোৰোণা মহামাৰীৰ বাবে দেশত লকডাউন ঘোষণা কৰাত সাধাৰণ লোকসকলৰ আৰ্থিক অৱস্থা জুৰুলা হোৱাত সাম্প্ৰতিক পৰিস্থিতিত দিশহাৰা হৈ পৰিছে লোকসকল৷ ইয়াৰ ফলত দৈনিক নানান অপৰাধমূলক ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ শুকুৰবাৰে বঙাইগাৱঁৰ বইটামাৰী আৰক্ষী চকীৰ অধীনৰ ৰঘুনন্দনপুৰত তেনে এক ঘটনা সংঘটিত হয়৷ মাজ নিশা এগৰাকী ব্যৱসায়ীক প্ৰাণে মৰাৰ চেষ্টা কৰে এজন লোকে ৷ জানিব পৰা মতে ৰঘুনন্দনপুৰৰ বিশ্বৰঞ্জন চক্ৰৱৰ্তী(৪৮) নামৰ ব্যৱসায়ীগৰাকী শুই থকাৰ সময়ত ঘৰৰ পিছফালে শব্দ শুনাত দৰজা খুলি বাহিৰলৈ পৰ্যবেক্ষণ কৰিবলৈ ওলোৱাৰ সময়তে লাঠিৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰে৷
পিছত ঘৰৰ লোকে ব্যক্তিগৰাকীক উদ্ধাৰ কৰি নিশাই ১০৮ এম্বুলেন্সযোগে বইটামাৰী মডেল হাস্পতাললৈ চিকিৎসাৰ বাবে নিয়ে৷ এই ঘটনাটো একেখন গাৱঁৰে পুৰেন দাসৰ পুত্ৰ দীপক দাস(৩৬) নামৰ দুস্কৃতিকাৰীজনে সংঘটিত কৰা বুলি অভিযোগ কৰিছে ৷ পিচত শনিবাৰে আহত বিশ্বৰঞ্জন চক্ৰৱৰ্তীয়ে বইটামাৰী আৰক্ষী চকীত আক্ৰমণকাৰীজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে৷ ইপিনে এই ঘটনাৰ বাবে বইটামাৰী অঞ্চলৰ সচেতন লোক আৰু ছাত্ৰ সন্থাৰ নেতাসকলে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ নিশা ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুটপাত কৰিব হাৰ সন্দেহ কৰে স্থানীয় লোকে৷🔯

0 Response to " "
Post a Comment