Monday, June 8, 2020
Comment
👉বঙাইগাঁও জিলাৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰিল কোভিড- ১৯ পজিটিভ
👉চেন্নাইৰ পৰা অহা মহিলাগৰাকী আছিল প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইনত
বঙাইগাঁওঃ ৬ জুনঃ
🔯বহিঃৰাজ্যৰ পৰা অহা বঙাইগাঁও জিলাৰ পুনৰ এগৰাকী মহিলাৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ মহিলাগৰাকী সোণাইখোলা হাইস্কুল কোৱাৰেণ্টাইন কেন্দ্ৰত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন হৈ আছিল ৷ জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাইখোলাৰ মহিলাগৰাকী যোৱা ২২ মেত ৰে'লযোগে চেন্নাইৰ পৰা আহিছিল ৷ পিচত ২৩ মে'ত মহিলাগৰাকীৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছিল ৷ কিন্তু ৫ জুনত নমুনা পৰীক্ষাৰ ফলাফলত মহিলাগৰাকীৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰে ৷ ইপিনে স্বাস্থ্য বিভাগে এই তথ্য লাভ কৰাৰ পিচত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ( কোভিড- ১৯ হাস্পতাল) অনা হয় ৷ এই মহিলাগৰাকীকে ধৰি বৰ্তমানলৈকে জিলাখনত কোভিড- ১৯ ত আক্ৰান্তৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পালে ৷ 🔯
0 Response to " "
Post a Comment