Thursday, June 11, 2020
Comment
👉চিৰাঙত ১২ ঘন্টাত পুনৰ দুজনৰ দেহত কোভিড- ১৯ ৰ অৱস্থিতি
👉মুঠ দহ জনলৈ বৃদ্ধি ৰোগীৰ সংখ্যা
বঙাইগাঁওঃ ৯ জুনঃ
🔯চিৰাং জিলাত পুনৰ দুজন যুৱকৰ গাত ধৰা পৰিছে ক'ভিড ১৯ ৰ অৱস্থিতি ৷ ইয়াৰে এজন এছ এছ জোৱান ৷ জিলা খনত এই পৰ্যন্ত মুঠ ১০ জনলৈ বৃদ্ধি পালে কৰ'না ৰোগীৰ সংখ্যা ৷ কালি মাজ নিশা চিনাক্ত হোৱা ক'ভিড ১৯ ৰোগী দুজনৰ এজন ৩৬ বছৰীয়া কৃষ্ণ বসুমতাৰী ৷ তেওঁৰ ঘৰ ঢালিগাঁও থানাৰ অধীনৰ ৰৌমাৰী গাঁৱত আৰু আনজন বেংতলৰ ২৩ বছৰীয়া জীত মণ্ডল ৷ মণ্ডল পুণেৰ পৰা ৰেলেৰে আহি কাজলগাঁও জে এছ বি চিকিৎসালয়ত কোৱাৰেন্টাইনত আছিল ৷ইয়াৰ বিপৰীতে কৃষ্ণ বসুমতাৰী গুজৰাটৰ পৰা আহি ছাতিপুৰ বিদ্যালয়ত কোৱাৰেন্টাইনত আছিল ৷আজি আবেলি ভাগত পুনৰ চিনাক্ত হোৱা দুজন যুৱকৰ ভিতৰত এজন এছ এছ বি ৰ ১৫ নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয় কাজলগাঁও মুখ্য কাৰ্যালয়ত কৰ্মৰত ৷ মণিপুৰৰ মংলিয়ানফুলৰ ৪৬ বছৰীয়া ছুয়ানখোজাম হোমাৰ নামৰ জোৱান জন দিল্লীৰ পৰা আহি সুভাইঝাৰত কোৱাৰেন্টাইনত আছিল ৷ আজি সন্ধিয়া জোৱান জনক বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে লৈ যোৱা হয় ৷আনজন মালিপাৰাৰ যুৱক ৩৬ বছৰীয়া ফজোনদাও বসুমতাৰী ৷ যুৱকজন পুণেৰ পৰা আহিছিল ৷ আজি সন্ধিয়া তেওঁক কাজলগাঁও জে এছ বি চিকিৎসালয়ত আইচলেচন কোঠাত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে ৷ লক্ষণীয় যে, যুৱক জনৰ ১৪ দিনীয়া নিৰীক্ষণৰ সময় অতিবাহিত হৈছিল ৷
0 Response to " "
Post a Comment