-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉চিৰাঙত এছ এছ বিৰ হেড কনিষ্টবলৰ ছবছৰীয়া পুত্ৰ কোভিড- ১৯ ত আক্ৰান্ত

          কাজলগাঁওঃ ১০ জুন :

🔯চিৰাং জিলাত মঙলবাৰে নিশা এটি ছবছৰীয়া শিশুৰ দেহত কোভিড- ১৯ ৰোগৰ অৱস্থিতি ধৰা পৰে | এছ এছ বিৰ হেড কনিষ্টবলৰ পুত্ৰ শিশুটি পৰিয়ালৰ স'তে চাপৰাকাটা হেড কোৱাৰ্টাৰ এছ এছ বি শিবিৰৰ প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত আছিল | অন্ধ্ৰপ্ৰদেশৰ পৰা ফ্লাইট যোগে আহি ছজনীয়া পৰিয়ালটো গুৱাহাটীলৈ আহি তাৰ পৰা বাছেৰে অহাৰ পিছত ২৮ মে' ত নমুনা সংগ্ৰহ কৰা হয় | আজি শিশুটিক পিতৃৰ স'তে কাজলগাঁও জে এছ বি চিকিৎসালয়ত আইছলেচন কোঠাত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে | জিলা খনত এই পৰ্যন্ত মুঠ ১১ 'জনলৈ বৃদ্ধি পালে কোৰোনা ৰোগীৰ সংখ্যা | সম্প্ৰতি শিশুটিৰ মাক আৰু দুই যমজ ভাতৃ- ভগ্নী আৰু পেহীয়েক এছ এছ বিৰ চাপৰাকাটা হেড কোৱাৰ্টাৰ প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত আছে |🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article