Friday, July 10, 2020
Comment
👉সদৌ অসম কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভা
👉কেইবাটাও প্ৰস্তাৱ গ্ৰহণ
বঙাইগাঁওঃ ৯ জুলাইঃ
🔯সদৌ অসম কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ এখন কাৰ্যকৰী সভা বুধবাৰে ভিডিঅ কনফাৰেন্স যোগে অনুষ্ঠিত হয় ৷ সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি তথা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সভাপতি বীৰেশ্বৰ শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কাৰি পৰিয়াললৈ সমবেদনা জনাই প্ৰস্তাৱ গ্ৰহণ কৰে৷ সভাত কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ দাবীৰ ওপৰত বিস্তৃত ভাবে আলোচনা কৰে আৰু জনজাতিকৰণ আৰু কমতাপুৰ গঠনৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে বৰ্তমান কৰ'না মহামাৰীৰ পৰিস্থিতিত কোচ ৰাজবংশী সকলৰ জাতীয় আন্দোলন কেনেকৈ আগবঢ়াই লৈ যাব পাৰি সেই বিষয়ে বিভিন্ন ডিজিটেল মাধ্যমেৰে ৰাইজৰ লগত মতবিনিময় কৰাৰ বাবে সভাই সিদ্ধান্ত লয় বুলি সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিছে ৷🔯
0 Response to " "
Post a Comment