-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁৱত কৰ'না মহামাৰী সন্দৰ্ভত সজাগতামূলক বাইক ৰেলী

                 বঙাইগাঁওঃ ৩ জুলাইঃ

🔯বৰ্তমানে সমগ্ৰ বিশ্ব জুৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰীৰ ভয়াবহতা তথা ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ল'বলগীয়া সতৰ্কতা আৰু সাৱধানতা সম্বন্ধে বঙাইগাঁও জিলাবাসীক ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তথা বঙাইগাঁও  পৌৰ সভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত চহৰখনত এক বাইক ৰেলী উলিওৱা হয়। বঙাইগাঁও জিলা প্ৰশাসনৰ 'মিলিজুলি প্ৰকল্প'ৰ অধীনত উলিওৱা এই বাইক ৰেলীৰ জৰিয়তে বঙাইগাঁও চহৰবাসীক ক'ভিড-১৯ ৰ গণ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে চৰকাৰৰ তৰফৰ পৰা নিৰ্ধাৰিত নিয়মাৱলী সমূহ যেনে- শুদ্ধ আৰু সঠিক ৰূপত মাস্ক পৰিধান কৰা, বজাৰ আৰু ৰাজহুৱা স্থানত ভিৰ নকৰি সামাজিক দূৰত্ব বজাই ৰখা,





 নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিজৰ হাত দুখন চাবোনেৰে ভালকৈ ধোৱা বা হাত দুখন বীজানুমুক্ত কৰিবলৈ হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা ইত্যাদি সম্পৰ্কে ঘোষণাৰ জৰিয়তে বঙাইগাঁও চহৰবাসী ৰাইজক অৱগত কৰাৰ ব্যৱস্থা কৰা হয় ক'ভিড-১৯ ৰ গণ সংক্ৰমণৰ ভয়াবহতা তথা দিনক দিনে চহৰখনত বৃদ্ধি পাবলৈ ধৰা ক'ৰ'না ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও চহৰত উলিওৱা এই ৰেলী বঙাইগাঁও পৌৰ সভা কাৰ্যালয় প্ৰাংগণৰ পৰা আৰম্ভ হৈ শ্বহীদ বেদী হৈ চাপাগুৰী পৰ্যন্ত চহৰাঞ্চল সামৰি লয়। ক'ৰ'নাক প্ৰতিহত কৰাতো সুনিশ্চিত কৰাৰ বাবে নিজৰ সুৰক্ষা সম্বন্ধে প্ৰতিজন বঙাগাঁওবাসী ৰাইজ সচেতন আৰু সজাগ হ'ব লাগিব আৰু সেই কথাকেই পুনৰ উনুকিয়াই দিয়াই আছিল আজিৰ এই বাইক ৰেলীৰ মূল উদ্দেশ্য।

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article