-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉চিৰাঙত নতুনকৈ ৯ জনৰ দেহত কোভিড ১৯ ৰোগৰ অৱস্থিতি 

👉মুঠ আক্ৰান্তৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধিঃ ৯৫ জনৰ আৰোগ্য লাভ 

          বঙাইগাঁওঃ ১৯ জুলাইঃ

🔯চিৰাং জিলাত আজি নতুনকৈ ৯ গৰাকী লোকৰ দেহত কোভিড- ১৯ ৰোগৰ অৱস্থিতি ধৰা পৰিছে ৷ স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে শনিবাৰে কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱা বিজনীৰ চিকিৎসক এজনৰ পত্নী আজি নতুনকৈ এই ৰোগত আক্ৰান্ত হয় ৷ এতিয়ালৈকে চিৰাং জিলাত কোভিড -১৯ ত আক্ৰান্তৰ সংখ্যা মুঠ ১১৮ জনলৈ বৃদ্ধি পাইছে ৷ অৱশ্যে আক্ৰান্ত ব্যক্তিসকলৰ ভিতৰত ৯৫ গৰাকী ৰোগী সুস্থ হৈ উঠাত ঘৰলৈ উভতি গৈছে ৷ ইয়াৰ মাজৰ চাৰিজন ৰোগী আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যায় ৷ আজি নতুনকৈ চিহ্নিত হোৱা ৰোগী সকলক কাজলগাঁও জে এছ বি চিকিৎসালয় আৰু কাশীকোত্ৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ জিলা খনত বৰ্তমান মুঠ ২৩ গৰাকী ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিছে ৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article