-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉চিৰাঙৰ বিজনীত মাৰণাস্ত্ৰ উদ্ধাৰ


            বঙাইগাঁওঃ১৯ জুলাইঃ 

🔯চিৰাং জিলা আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ বিজনী মহকুমাৰ অন্তৰ্গত ৪ নং ময়নাগুৰীত এক অভিযান চলায় ৷ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত বিজনী আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত মাটিত পুতি থোৱা অৱস্থাত এটা কাৰখানাত নিৰ্মিত ৰাইফল ( এইচ কে চিৰিজ), এটা মেগজিন আৰু দহ জাঁই সজীৱ গুলি উদ্ধাৰ কৰে ৷ 
অৱশ্যে কোনে এনেদৰে ৰাইফলসহ মেগজিন আৰু গুলি পুতি থৈছিল সেয়া জানিব পৰা হোৱা নাই যদিও কোনোবা উগ্ৰপন্থী সংগঠনৰ সদস্যই উক্ত অঞ্চলত মাটিত পুতি থৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article