-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁও জিলাত আৰক্ষী ,চি আই এছ এফৰ জোৱানসহ মুঠ ২৭ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ

👉৪০১ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা 


           🔯বঙাইগাঁওঃ ২৫ জুলাইঃ 

📝বঙাইগাঁও জিলাত কোভিড -১৯ ত আক্ৰান্তৰ সংখ্যা ৪০১ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাত এতিয়া জনসাধাৰণৰ মাজত আংকৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে জিলাখনত বিগত ২৪ ঘণ্টাৰ ভিতৰত পুনৰ নতুনকৈ ২৭ জন ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে ৷  এই ২৭ জনৰ ভিতৰত অভয়াপুৰীৰ চি আই এছ এফ ৰ ১২ জন জোৱান, অভয়াপুৰী আৰক্ষী থানাৰ ৭ জন আৰক্ষী, বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ চৰকাৰী আৱাসৰ ৩ জন কনিষ্টবল, ৰে'লৱে বিভাগৰ ৩ জন কৰ্মচাৰী, গুৱাহাটীৰ পৰা সদ্য ঘূৰি অহা ১০৮ এম্বুলেন্সৰ এজন চালক আৰু এজন  মেডিকেল ৰিপ্ৰেজেণ্টেটিভছ কোভিড -১৯ ত আক্ৰান্ত হৈছে ৷ ইপিনে জিলাখনত বৰ্তমানলৈকে কোভিড - ১৯ ত মুঠ ৪০১ জন ব্যক্তি আক্ৰান্ত হৈছে যদিও ইয়াৰে ভিতৰত ২১৭ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে ৷ চিকিৎসাধীন হৈ আছে ১৭৫ জন ৰোগী ৷ ইয়াৰে ৯ জন বঙাইগাঁও জিলাৰ বাহিৰৰ ব্যক্তি ৷ আনহাতে শুকুৰবাৰে জিলাখনৰ ৩৪ জন ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰিছিল ৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article