-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁও জিলাত কৰ'নাৰ ভয়াৱহ সংক্ৰমণ 

👉পুনৰ ৩৯ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ

👉৫১৮ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা 


          🔯বঙাইগাঁওঃ ২৭ জুলাইঃ

📝বঙাইগাঁও জিলাত কৰ'না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহ ৰূপ অব্যাহত আছে ৷ জিলাখনত সোমবাৰে পুনৰ কোভিডত আক্ৰান্ত হৈছে ৩৯ জনকৈ ব্যক্তি ৷ যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে জনসাধাৰণ ৷ উল্লেখ্য যে বিগত ২৪  ঘণ্টাত জিলাখনত ৩৯ জন ব্যক্তিৰ দেহত নতুনকৈ কোভিড- ১৯ পজিটিভ ধৰা পৰাত এতিয়া জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা ৫১৮ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত নতুনকৈ কোভিডত আক্ৰান্তসকল হ'ল ১৭ জন চি আই এছ এফৰ জোৱান , ৪ জন নিউ বঙাইগাঁও ৰে'লৱে কাৰখানাত কৰ্মৰত চাকৰিয়াল, ৩ জন আৰ পি এফ , ১  নিউ বঙাইগাঁৱৰ ৰে'লৱে বিভাগৰ ট্ৰোলিমেন , ১ জন জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ , ২ জন আৰক্ষী থানাৰ আৰক্ষী , ৩ জন আন্তঃৰাজ্য ভ্ৰমণ কৰা ব্যক্তি, ৩ গৰাকী স্বাগত হাস্পতালৰ নাৰ্চ , ১ জন বইটামাৰীৰ চি ডি পি অ , ৩ জন সংস্পৰ্শলৈ অহাৰ লগতে আন ১ জন ব্যক্তি ৷
কোভিডত আক্ৰান্তসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ জিলাখনত বৰ্তমানলৈকে কোভিড - ১৯ ত মুঠ ৫১৮ জন ব্যক্তি আক্ৰান্ত হৈছে যদিও ইয়াৰে ভিতৰত ২১৭ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে ৷ সেইদৰে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ২১৪ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ৮৭  জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ উল্লেখ্য যে দেওবাৰে জিলাখনৰ ৭৮ জন ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰিছিল আৰু জিলাখনৰ মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ৪৭৯ জন ৷🔯


0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article