-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US


👉নিউ-বঙাইগাঁও ৰে'লৱে হাস্পতালত কোভিড ৰোগীৰ বাবে নতুন পাঁচখন বিচনাৰ সংযোজন 


👉বৰ্তমান মুঠ ৫৪খন বিচনাৰ সুবিধাৰ সৈতে কোভিড ৰোগীক সেৱা আগবঢ়াবলৈ সাজু নিউ-বঙাইগাঁও ৰে'লৱে হাস্পতাল 


           🔯বঙাইগাঁওঃ ২৭ জুলাইঃ 

📝বঙাইগাঁও চহৰৰ নিউ-বঙাইগাঁও ৰে'লৱে হাস্পতালখনত কোভিড ৰোগীৰ বাবে পুনৰ নতুনকৈ ৫ খন বিচনাৰ সংযোজন কৰা হৈছে ৷ উল্লেখ্য যে ৰে'লৱে হাস্পতালখনক ইতিমধ্যে কোভিড হাস্পতাললৈ পৰিৱৰ্তিত কৰি হাস্পতালখনত কোভিড ৰোগীক চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে ৷ শেহতীয়াকৈ হাস্পতালখনত কোভিড ৰোগীৰ বাবে বাহাল থকা সেৱাত নতুনকৈ আৰু ৫ খন বিচনাৰ সংযোজনৰ ফলত বৰ্তমান হাস্পতালখনৰ কোভিড ৰোগীৰ বাবে আগবঢ়াই থকা বিচনাৰ সংখ্যা ৫৪ খনলৈ বৃদ্ধি পালে।
 এতিয়ালৈকে চিকিৎসালয়খনত মুঠ ৬৬ জন কোভিড পজিটিভ ৰোগী ভৰ্তি হৈছিল আৰু তাৰে ভিতৰত মুঠ ১২ জনক পিচত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ নিয়া হৈছে ৷  আনহাতে স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত হাস্পতালখনৰ ৫ জনক ঘৰলৈ যাবলৈ দিয়া হৈছে।বৰ্তমান চিকিৎসালয়খনত মুঠ ৪৯ গৰাকী সক্ৰিয় কোভিড পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে।🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article