-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁৱৰ ৰবীন্দ্ৰ চেতনা মঞ্চৰ বান সাহায্য বিতৰণ 


          🔯বঙাইগাঁওঃ২৬ জুলাইঃ

📝বঙাইগাঁৱৰ ৰবীন্দ্ৰ চেতনা মঞ্চৰ উদ্যোগত দেওবাৰে বঙাইগাওঁ আৰু চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ বান পীড়িত ৰাইজক কিছু সাহায্য সামগ্ৰী বিতৰণ কৰে । ৰবীন্দ্ৰ চেতনা মঞ্চৰ তৰফৰ পৰা বঙাইগাঁও জিলাৰ ২ নং জামদহা ,৩ নং জামদহাৰ আশ্ৰয় শিবিৰৰ লগতে চিৰাং জিলাৰ নধিয়াপাৰা এল পি স্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা মুঠ ১২০ টা পৰিয়ালক খাদ্য সামগ্ৰী , বস্ত্ৰ আদি বিতৰণ কৰে ৷
মঞ্চৰ তৰফৰ পৰা জনোৱা মতে দুুুৰ্যোগ পৰিস্থিতিৰ সন্মুখীন হোৱা আৰ্তজনৰ কাষত থিয় দিয়াই মঞ্চৰ মূল উদ্দেশ্য । আজিৰ বান সাহয্য বিতৰণ কাৰ্যসূচীত  মঞ্চৰ সভাপতি ডাঃ সমিক দেব, শ্যামল কৰ, প্ৰদীপ সেন, পৰিতোষ নাথ কে আদি কৰি অন্যান্য সদস্যসকল উপস্থিত থাকে।🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article