-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁও জিলাৰ বইটামাৰীত পথ দুৰ্ঘটনা

👉থিতাতে নিহত মটৰ চাইকেল আৰোহী


          🔯বঙাইগাঁওঃ ২৬ জুলাইঃ 

📝বঙাইগাওঁ জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অৰ্ন্তগত মলিগাৱঁৰ পেট্ৰল পাম্পৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় । জানিব পৰা মতে দিনৰ এক মান বজাত  উত্তৰ শালমাৰাৰ দিশৰ পৰা চাপৰৰ দিশে গৈ থকা ইউ পি ৭৪ টি ৫৭৫৪ নম্বৰৰ ট্ৰাকখনৰ লগত এ এছ ১৯ এফ ৭১৮৯ নম্বৰৰ মটৰ চাইকেল এখনৰ মাজত মুখামুখী সংঘৰ্ষ হয় আৰু ট্ৰাকখনে মটৰ চাইকেলসহ আৰোহীজনক মহতিয়াই নিয়ে । ফলত মটৰ চাইকেল আৰোহীজনৰ থিতাতে মৃত্যু ঘটে । পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখনে পলায়ন কৰে যদিও পিছত চাপৰত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । ইফালে নিহত মটৰ চাইকেল আৰোহীজন নৰ্থ বইটামাৰী অঞ্চলৰ দেৱানগাওঁ সূত্ৰধৰপাৰাৰ বীৰেন্দ্ৰ সূত্ৰধৰ ( ৪০) বুলি জানিব পৰা গৈছে । লোকজনে মৃত্যুৰ সময়ত মাতৃ, পত্নী আৰু পুত্ৰ-কন্যাক ইহ সংসাৰত এৰি থৈ যায় । লোকজনে এইদৰে পথ দুৰ্ঘটনাত অকাল মৃত্যুত সাৱটি ল'বলগীয়া হোৱাত বইটামাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে ।🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article