Saturday, July 18, 2020
Comment
👉বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত অবৈধ কাঠফলা কল জব্দ
বঙাইগাঁওঃ ১৮ জুলাইঃ🔯আজি বঙাইগাওঁ জিলাৰ ভাণ্ডাৰাত বন বিভাগে এক অভিযান চলাই এটা অবৈধ কাঠ ফলা কল উৎখাত কৰে ৷ জানিব পৰা মতে বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনী আৰু অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰীয়ে জিলাখনৰ ভাণ্ডাৰাত যৌথ অভিযান চলাই এই অবৈধ কাঠ ফলা কলটো উৎখাত কৰে ৷
পিচত কলটো জব্দ কৰি অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয়লৈ আনে। এই অবৈধ কাঠ ফলা কলৰ গৰাকীক কৰায়ত্ব কৰাৰ বাবে বন বিভাগে তদন্ত অব্যাহত ৰাখিছে ।🔯

0 Response to " "
Post a Comment