-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁও জিলাত পুনৰ  ৪১ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ

👉৫৮৬ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা 


         🔯বঙাইগাঁওঃ ২৯ জুলাইঃ 

📝বঙাইগাঁও জিলাত পুনৰ ৪১ জন ব্যক্তিৰ দেহত  ক'ভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ জিলাখনত দৈনিক বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা ৷ অৱশ্যে আক্ৰান্ত ব্যক্তি চিকিৎসা গ্ৰহণৰ অন্তত সুস্থ হৈ ঘৰলৈকো উভতি গৈ আছে ৷ উল্লেখ্য যে বিগত ২৪  ঘণ্টাত জিলাখনত ৪১ জন ব্যক্তিৰ দেহত নতুনকৈ কোভিড- ১৯ পজিটিভ ধৰা পৰাত এতিয়া জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা ৫৮৬ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত নতুনকৈ কোভিডত আক্ৰান্তসকলৰ ভিতৰত ১০ জন চি আই এছ এফৰ জোৱান, ১১ জন কোভিডত আক্ৰান্ত পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা , ১ জন ৰে'লৱে কাৰখানাৰ , ২ জন আৰ পি এফ , ১জন বি এছ এফৰ জোৱান , ৪ জন ৰে'লৱে বিভাগৰ কৰ্মচাৰী , ২ জন স্বাগত হাস্পতালৰ কৰ্মচাৰী , ২ জন আৰক্ষী অধীক্ষকৰ আবাসৰ , ২ জন আন্তঃ ৰাজ্য ভ্ৰমণ কৰা , ১ জন আন্তঃ জিলা ভ্ৰমণ কৰা , ১ জন বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ , ১ জন বন্ধন বেংকৰ , ১জন ৰিলায়েন্স ডিজিটেল প্ৰতিষ্ঠানৰ কৰ্মী , ১ জন ডাংতল ব্লক কোৰ্ডিনেটৰ ( এচআৰএলএমএচ) আৰু ১ জন বইটামাৰীৰ নিৰ্মাণ সামগ্ৰীৰ যোগনীয়াৰ আছে ৷ কোভিডত আক্ৰান্তসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ জিলাখনত বৰ্তমানলৈকে কোভিড - ১৯ ত মুঠ ৫৮৬ জন ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে ২৭০ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে ৷ সেইদৰে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ১৬৯ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ১৪৭ জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে🔯 ৷  

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article