Thursday, July 30, 2020
Comment
👉বঙাইগাঁও জিলাত পুনৰ ২০ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ
🔯বঙাইগাঁওঃ ৩০ জুলাইঃ
📝বঙাইগাঁও জিলাত পুনৰ ২০ জন ব্যক্তিৰ দেহত ক'ভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ উল্লেখ্য যে বিগত ২৪ ঘণ্টাত জিলাখনত ২০ জন ব্যক্তিৰ দেহত নতুনকৈ কোভিড- ১৯ পজিটিভ ধৰা পৰাত এতিয়া জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা ৬০৬ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত নতুনকৈ কোভিডত আক্ৰান্তসকলৰ ভিতৰত ১০ জন কোভিড পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা, ১ জন ৰে'লৱে কাৰখানাৰ , ১ জন ৰে'লৱে বিভাগৰ কৰ্মচাৰী , ১ জন অভয়াপুৰী থানাৰ, ২ জন আন্তঃ ৰাজ্য ভ্ৰমণ কৰা , ১ জন পাগলাস্থান- ডাংতলালৈ চলাচল কৰা অটোৰ চালক , ১ জন ডুমেৰগুৰি বিদ্যালয়ৰ শিক্ষক , ১ জন এএচআৰএলএমএচৰ কাৰ্যালয় সহায়ক আৰু ২ জন ব্যক্তি আছে ৷ কোভিডত আক্ৰান্তসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ জিলাখনত বৰ্তমানলৈকে কোভিড - ১৯ ত মুঠ ৬০৬ জন ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে ৩০৪ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে ৷ সেইদৰে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ১৪৪ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ১৫৮ জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 🔯৷
0 Response to " "
Post a Comment