-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁও জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণঃ ৩৪০ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা 

👉সাময়িকভাৱে বন্ধ কৰি দিয়া হ'ল বিশাল মেগামাৰ্ট -এক্সিচ বেংক

👉স্বাগত হাস্পতালৰ চিকিৎসক তথা নাৰ্ছৰ দেহটো ধৰা পৰিল কোভিড- ১৯ পজিটিভ 

            বঙাইগাঁওঃ ২৩ জুলাইঃ

🔯বঙাইগাঁও জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'না ভাইৰাছৰ সংক্ৰমণ ৷ জিলাখনত দৈনিক কোভিড-১৯ ত আক্ৰান্ত হৈছে ব্যক্তি ৷ কিন্তু শেহতীয়াভাৱে ৰে'ল বিভাগৰ কৰ্মচাৰী ,ব্যক্তিগত নাৰ্ছিংহোমৰ চিকিৎসক , নাৰ্চ তথা কৰ্মচাৰী , বেংকৰ বিষয়া- কৰ্মচাৰী কোভিড- ১৯ ত আক্ৰান্ত হোৱাত জিলা প্ৰশাসনৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে ৷ সেইদৰে শ্বপিংমল তথা বজাৰসমূহত কোভিডত আক্ৰান্ত বিভিন্নজনে বজাৰ- সমাৰ কৰিবলৈ যোৱাৰ ফলত সেইসকলৰ সংস্পৰ্শলৈ অহা ব্যক্তি কোভিডত আক্ৰান্ত হৈছে ৷ যাৰ ফলত বৰ্তমান বঙাইগাঁৱৰ কেইবাখনো বজাৰ সাময়িকভাৱে বন্ধ কৰি দিছে প্ৰশাসনে ৷ বন্ধ কৰি দিছে বিশাল মেগামাৰ্ট আৰু এক্সিচ বেংক ৷ এইসমূহ এতিয়া কৰ'না ভাইৰাছ সংক্ৰমণৰ অন্যতম স্থল হিচাপে পৰিগণিত হৈছে ৷ ইপিনে বুধবাৰে জিলাখনৰ শেহতীয়া কোভিড- ১৯ ৰ লগতে জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ শেহতীয়া তথ্য সন্দৰ্ভত জিলা উপায়ুক্তই এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই সদৰি কৰা মতে এতিয়ালৈকে বঙাইগাঁও জিলাত কোভিড-১৯ ত আক্ৰান্তৰ সামগ্ৰিক হাৰ হৈছে ১.৪ শতাংশ ৷ কিন্তু কেৱল জুলাই মাহতে বৃদ্ধি পাই আক্ৰান্তৰ হাৰ ২.৩ শতাংশ হৈছেগৈ ৷ আনহাতে  বৰ্তমান জিলাখনত ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ হৈছে বুলি সদৰি কৰি এই পৰীক্ষাৰ যোগেদি আধা ঘন্টাৰ ভিতৰতেই কোভিড-১৯ ৰ ফলাফল পাব পাৰি বুলি কয়। বৰ্তমান জিলাখনত মুঠ ৯৭৪ জনক এই পদ্ধতিৰে পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াৰ ভিতৰত ১৮ জনৰ পজিটিভ পোৱা গৈছে ৷ এতিয়ালৈকে বঙাইগাঁও জিলাত হোৱা ৰেপিড এণ্টিজেন টেষ্টৰ যোগেদি পোৱা কোভিড পজিটিভৰ হাৰ হৈছে ১.৮ শতাংশ। জিলা উপায়ুক্তগৰাকীয়ে লগতে কয় পূৰ্বতে কোভিড-১৯ ত আক্ৰান্ত বেছিভাগৰেই নাছিল কোনো উপসৰ্গ ৷ কিন্তু বৰ্তমান কোভিডত আক্ৰান্তসকলৰ মাজত মূৰৰ বিষ , শৰীৰৰ বিষ, ডায়েৰীয়া , খাদ্যৰ সোৱাদ নোপোৱা , গোন্ধ নোপোৱা আদি উপসৰ্গ দেখা পোৱা গৈছে ৷ সেয়ে যদি কোনো ব্যক্তিৰ তেনে উপসৰ্গই দেখা দিছে , তেতিয়াহলে তেওঁলোকক প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় ৷ 
ইপিনে জিলাখনত কোভিডত আক্ৰান্তসকলৰ ভিতৰত ৰে'ল বিভাগৰ লোকেই সৰ্বাধিক আক্ৰান্ত হৈছে বুলি সদৰি কৰি উপায়ুক্তগৰাকীয়ে কয় যে ৰে'ল বিভাগৰ লোক পাইলত, সহকাৰী  লোক পাইলট , গাৰ্ড , পৰিদৰ্শক আদিকে ধৰি মুঠ ৪৪ জন কৰ্মচাৰীৰ দেহত কোভিড- ১৯ ধৰা পৰিছে ৷ বিশেষকৈ এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ অহা - যোৱা কৰাৰ লগতে যিসকলে কেণ্টিনত খোৱা- লোৱা কৰিছে আৰু জিৰণীৰ বাবে ৰাণিং ৰুম ব্যৱহাৰ কৰে তেনে কৰ্মচাৰীসকল আক্ৰান্ত হৈছে ৷ আনহাতে যিসকল আৰ পি এফৰ লোক ৰে'ল অহা- যোৱা কৰাৰ সময়ত কৰ্তব্যত আছিল এতিয়া তেওঁলোক থকা বেৰকৰ আন ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰি আছে ৷ ইতিমধ্যে তেওঁলোকক সুকিয়াকৈ ৰখা হৈছে যদিও তাৰ মাজৰ পৰাই নতুন নতুন ব্যক্তিৰ দেহত কোভিড পজিটিভ ওলাই আছে ৷ সেইদৰে বেংকৰ কৰ্মচাৰীও এতিয়া কোভিডত আক্ৰান্ত হৈছে বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে পূৰ্বে কেইবাটাও বেংকত কোভিড পজিটিভ ৰোগী যোৱাৰ বাবে বেংক বন্ধ ৰখা হৈছিল ৷ কিন্তু এতিয়া বঙাইগাঁৱৰ এক্সিচ বেংকৰ চাৰিজনকৈ কৰ্মচাৰী কোভিডত আক্ৰান্ত হৈছে ৷ সেয়ে বৰ্তমান বেংকটো বন্ধ কৰি দিয়া হৈছে ৷ বেংকৰ কৰ্মচাৰীও কোভিডত আক্ৰান্ত হোৱাত এতিয়া বেংকসমূহৰ সেৱা অব্যাহত ৰাখিবলৈ হ'লে কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব  আৰু পৰিকল্পনা যুগুত  কৰিব লাগিব বুলি কয় ৷ নহ'লে পৰিস্থিতি বেয়াৰ ফালে যাব ৷ আনহাতে বিভিন্ন বজাৰসমূহো বৰ্তমান কৰ'না সংক্ৰমণৰ অন্যতম স্পৰ্শকাতৰ স্থান হৈ পৰিছে বুলি কৈ জিলা উপায়ুক্তগৰাকীয়ে কয় এনে বজাৰসমূহত কোভিড পজিটিভ ৰোগী বজাৰ কৰিবলৈ যোৱাৰ ফলত বিভিন্নজন তেনে ৰোগীৰ সংস্পৰ্শলৈ আহাত আক্ৰান্ত হৈছে ৷ বৰ বজাৰ , পালপাৰা বজাৰ ,ৰোলিংমিল বজাৰ,পাগলাস্থান বজাৰ,ছহিদ বেদী বজাৰ আদিলৈ কোভিড পজিটিভ ৰোগী গৈছিল ৷ সেয়ে কোভিডত আক্ৰান্ত ৰোগীসকলৰ সংস্পৰ্শৰ দিশটো চালি জাৰি চাই থকা হৈছে আৰু তাৰ বাবে বৰ্তমান এই বজাৰ কেইখন বন্ধ ৰখা হৈছে ৷ সেইদৰে মায়াপুৰীৰ মূল পথটোও অতি বিপদজনক হৈ পৰিছে ৷ এই পথৰ কাষৰ বহুজনৰ কোভিড পজিটিভ ওলাইছে ৷ একেদৰে ফ্লাই অভাৰৰ ওচৰৰ যিসমূহ দোকান আছে সেই দোকানসমূহৰ এলেকাটোও কৰ'নাৰ বাবে স্পৰ্শকাতৰ হিচাপে পৰিগণিত হৈপৰিছে বুলি কৈ সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷ সংবাদ মেলত উপায়ুক্তগৰাকীয়ে ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহকলৈ অধিক চিন্তিত বুলি কয় ৷ কাৰণ পূৰ্বে ল'ৱাৰ আসাম হাস্পতাল আৰু আৰোগ্য হাস্পতালত যোৱা ৰোগীৰ পিচত কোভিড- ১৯ পজিটিভ ওলোৱাত প্ৰশাসনৰ তৰফৰ পৰা দুয়োখন হাস্পতালৰ চিকিৎসক , নাৰ্ছ তথা সকলো কৰ্মচাৰীৰে স্বাৱ টেষ্ট কৰা হৈছিল আৰু সকলোৰে নিগেটিভ আহিছিল ৷ কিন্তু এইবাৰ স্বাগত হাস্পতালৰ দুগৰাকী চিকিৎসক , চিকিৎসকৰ পৰিয়ালৰ সদস্য আৰু নাৰ্ছৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ বৰ্তমানলৈকে মুঠ ১২ গৰাকী কোভিড- ১৯ ত আক্ৰান্ত হৈছে ৷ অৱশ্যে বৰ্তমানলৈকে ৰোগীৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰা নাই  বুলিও কয় ৷ সেয়ে যোৱা দুসপ্তাহত যিসকল ব্যক্তি হাস্পতালখনলৈ গৈছিল তেওঁলোকক জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷ সেইসকল ব্যক্তিৰ স্বাৱ টেষ্ট কৰা হ'ব ৷ তেওঁ লগতে যোৱা দুসপ্তাহত বিশাল মেগামাৰ্ট, পালপাৰা  বজাৰলৈ যোৱা ব্যক্তিসকলোকো নিজৰ লগতে সকলোৰে সুৰক্ষাৰ স্বাৰ্থত  ৭৫৭৮৮১২৬৯৪ বা ৭৭০১৮৭৭৫৯২ ফোন নম্বৰত অতি সোনকালে যোগাযোগ কৰি প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনাইছে ৷ জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মেলত এতিয়ালৈকে এটিএছপি ৰ অধীনত জিলাখনৰ মুঠ ৮,৯১০ গৰাকী ব্যক্তিৰ স্বাৱ পৰীক্ষা কৰা হৈছে বুলি সদৰি কৰে ৷ ইয়াৰ ভিতৰত প্ৰায় ২০০০ জন চৰকাৰী কৰ্মচাৰী, প্ৰায় ১০০০ জন স্বাস্থ্য বিভাগৰ কৰ্মচাৰী , ১০০০ জন আৰক্ষী বিভাগৰ লোক , ৭৩৩ জন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোক , ৬৪১ জন ট্ৰাক চালক ,অটো- টেম্প' চালক আৰু ই ৰিক্সা চালক, ৬০৫ জন ৰেলৱে বিভাগৰ কৰ্মচাৰী , ৪৪৪ জন বেংকৰ কৰ্মচাৰী, ২৩৮ জন নিৰাপত্তা বাহিনীৰ লোক , ১৯৩ জন হোটেল আৰু ধাবাৰ লোক , ১৮২ জন ব্যক্তিগত খণ্ডৰ হাস্পতালৰ লোক, ১৫৩ জন ফাৰ্মাচী তথা পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোক, চেলুনৰ ১১২ জনৰ লগতে তেল ডিপো , এফ চি আই ট্ৰাক ইউনিয়ন , বানপানীৰ আশ্ৰয় শিবিৰ ,ডাক বিভাগ, অগ্নিনিৰ্বাপক বাহিনী আদিৰ লোকক সামৰি লোৱা হৈছে ৷ ইপিনে বঙাইগাঁও জিলাত এইটো বৰ্ষত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছ  আৰু এনকেফেলাইটিছ সদৃশ ৰোগত মুঠ ১৪ জন ব্যক্তি আক্ৰান্ত হোৱা বুলি সদৰি কৰে৷ ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল ৯ জন ৷ জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত এজনৰো মৃত্যু হোৱা নাই যদিও এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ দুজনৰ মৃত্যু হৈছে ৷ সেইদৰে বৰ্তমানলৈকে জিলাখনত মেলেৰিয়া ৰোগৰ পৰীক্ষাৰ বাবে ৫৪ জন ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰা হয় যদিও ইয়াৰ ভিতৰত কেৱল এজনৰহে পজিটিভ পোৱা গৈছে ৷ জিলাখনৰ মাণিকপুৰৰ এই ব্যক্তিজন মুম্বাই পৰা অহা ৷ সংবাদ মেলত জিলা উপায়ুক্তগৰাকীয়ে কৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা সকলোকে সুৰক্ষিত হৈ থকাৰ বাবে সকলো নীতি- নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় ৷ ইপিনেবুধবাৰলৈকে বঙাইগাঁও জিলাৰ মুঠ কোভিড পজিটিভ ৰোগীৰ সংখ্যা ৩২০ গৰাকী আছিল যদিও বৃহস্পতিবাৰে পুনৰ ২০ জন ব্যক্তিৰ দেহত কোভিড ১৯ পজিটিভ ধৰা পৰাত আক্ৰান্তৰ সংখ্যা ৩৪০ হয়গৈ ৷ ইয়াৰ ভিতৰত ১৪০ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১৯১ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে ৷ আক্ৰান্তসকলৰ ভিতৰত ৯ জন বঙাইগাঁও জিলাৰ বাহিৰৰ ব্যক্তি ৷ আনহাতে বুধবাৰৰ দিনটোত জিলাখনৰ ২৬ জন ব্যক্তি কোভিডত আক্ৰান্ত হৈছিল ৷ ক্ৰমাৎ জিলাখনত  কৰ'নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ 🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article